অসম গৌৰৱ বঁটা বিজয়ী
৭ প্ৰবন্ধ
-
দেৱজিত চাংমাই
দেৱজিত চাংমাই (Debajit Changmai) অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ (ফিউচাৰ ৱৰ্কছ) ষ্টুডিঅ'ত কৰ্মৰত। দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অ'ডিঅ'গ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পাৰ্বতী বৰুৱা
পাৰ্বতী বৰুৱা (Parbati Barua) হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বত “কুইন অৱ দ্য এলিফেণ্টছ” ৰূপে পৰিচিত। ১৯৬৭ চনৰ কোনোবা এটা দিনত তেওঁ অসমৰ কচুগাঁৱত, ১৪ বছৰ বয়সতে, জীৱনত প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল।
-
দ্ৰোণ ভূঞা
দ্ৰোণ ভূঞা (Drona Bhuyan, জন্ম: ১ জানুৱাৰী ১৯৫৬) অসমৰ এগৰাকী ওজাপালি শিল্পী। তেওঁ বিশেষকৈ সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে জনাজাত। ২০২১ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰে।
-
পখিলা লেকথেপী
পখিলা লেকথেপী (Pokhila Lekthepi, জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। কাৰ্বি সংগীতজগতত তেওঁ চাৰি দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি আহিছে। তেওঁ বৰ্তমানলৈকে প্ৰায় তিনি শতাধিক গীতত কণ্ঠদান কৰিছে।
-
সৰ্বেশ্বৰ বসুমতাৰী
সৰ্বেশ্বৰ বসুমতাৰী (Sarbeswar Basumatary; জন্ম: ৮ এপ্ৰিল ১৯৬২) অসমৰ চিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক। বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। ইয়াৰ লগতে তেওঁ চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য।
-
হেমপ্ৰভা চুতীয়া
হেমপ্ৰভা চুতীয়া (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৫৫)
-
ধীৰেন্দ্ৰ নাথ পাল
ধীৰেন্দ্ৰ নাথ পাল (Dhirendra Nath Paul) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আশাৰীকন্দি গাঁৱৰ এগৰাকী টেৰাকোটা (মৃৎশিল্প) শিল্পী। তেখেতৰ কৰ্মৰাজিৰ বাবে ২০২৫ চনত অসম চৰকাৰে "অসম গৌৰৱ বঁটা" প্ৰদান কৰে।