অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো।

হালনাগাদ: ২২ জানুৱাৰী ২০২৪ ৭৫৮ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো। যোৰহাট নগৰীৰ উপকন্থৰ চটাইত অৱস্থিত ইয়াৰ ৰয়েল কম্বিনেচনৰ (গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান একেলগে) বাবে জনাজাত আছিল। ২০০৯-২০১০ বৰ্ষৰ পৰা ইয়াত ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং আৰু পাৱাৰ ইলেকট্ৰনিকছ আৰু ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ‌এই দুটা অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰি ইয়াক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে নামকৰণ কৰা হৈছে১। এই অভিযান্ত্ৰিক পাঠ্যক্ৰমসমূহ AICTE (All India Council of Technical Education) -অৰ মান্যতাপ্ৰাপ্ত২। এই প্ৰতিষ্ঠানটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ।

অৱস্থান আৰু পৰিবহণ

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ দাঁতিতে অৱস্থিত। এই প্ৰতিষ্ঠানটো যোৰহাট জিলাৰ সদৰ যোৰহাট নগৰৰ পৰা প্ৰায় পূৱে প্ৰায় ন কি.মি. দূৰত অৱস্থিত। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী আৰু কলিকতাৰপৰা বায়ু সংযোগ আছে। বিমানকোঠৰ পৰা মহাবিদ্যালয়খনলৈ দূৰত্ব প্ৰায় ১৫ কিঃমিঃ। ৰেলপথেৰে গুৱাহাটীৰ পৰা ওচৰৰ মৰিয়নিলৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। মৰিয়নি জংচন ৰেল ষ্টেচনৰ পৰা মহাবিদ্যালয়খনলৈ দূৰত্ব প্ৰায় ২৫ কিঃমিঃ।৩

চৌহদ

উজনি অসমৰ যোৰহাট জিলাৰ চটাইত অৱস্থিত এই প্ৰতিষ্ঠানটো প্ৰায় ২০০ একৰ ‌এলেকা জুৰি বিস্তৃত হৈ আছে। ইয়াৰ চৌহদটো যোৰহাট নগৰৰ পৰা প্ৰায় পূৱে প্ৰায় ন কিঃমিঃ দূৰত অৱস্থিত।

সা-সুবিধাসমূহ

ছাত্ৰাবাস

মহাবিদ্যালয়ত ৩টা ল'ৰাৰ আৰু ১টা ছোৱালীৰ হোষ্টেল আছে। ল'ৰাৰ ছাত্ৰাবাসৰ মুঠ ক্ষমতা হৈছে ২৪০ জন আৰু ছোৱালী ছাত্ৰাবাসৰ মুঠ ক্ষমতা হৈছে ১০০ গৰাকী। ইয়াৰ উপৰিও ছোৱালীৰ বাবে অন্য এটা ছাত্ৰাবাসৰ নিৰ্মাণ কাৰ্য্যৰ যো-জা চলি আছে।৪

পুথিভঁৰাল

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে মহাবিদ্যালয়খনত এটা লাইব্ৰেৰী আছে। ইয়াত পাঠ্যক্ৰমৰ লগত জড়িত পুথিৰ লগতে অন্যান্য বিষয়ৰো প্ৰায় ১১,০০০ অধিক কিতাপ লাইব্ৰেৰীটোত আছে। ইয়াত বিজ্ঞানৰ পত্ৰিকা, মাহেকীয়া আলোচনী আৰু দৈনিক বাতৰি কাকত পঢ়াৰো সুবিধা আছে।

কম্পিউটাৰ কেন্দ্ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে উন্নত মানদণ্ডৰ এটা কম্পিউটাৰ কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। এই কেন্দ্ৰটো প্ৰয়োগশালা আৰু প্ৰজেক্টৰ লগত জড়িত কাৰ্য্যত ব্যৱহাৰ কৰা হয়।

শিক্ষা

মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়৫।

অভিযান্ত্ৰিক পাঠ্যক্ৰম

বিষয়সময়আসন
ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং৪ বছৰ৬০
পাৱাৰ ইলেকট্ৰনিকছ আৰু ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং৪ বছৰ৬০

পাঠ্যক্ৰম

বিষয়সময়আসন
ৰসায়ন বিজ্ঞান৩ বছৰ
পদাৰ্থ বিজ্ঞান৩ বছৰ
গণিত৩ বছৰ
বেচেলৰ অফ ইনফৰ্মেশ্বন এণ্ড টেকন'লজি৩ বছৰ৪০

বিভাগসমূহ

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নিম্নোলিখিত বিভাগকেইটা আছে৬:

  • ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং
  • পাৱাৰ ইলেকট্ৰনিকছ আৰু ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং
  • অসামৰিক অভিযান্ত্ৰিকী
  • মেকানিকেল ইঞ্জিনিয়াৰিং
  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • কম্পিউটাৰ চায়েঞ্চ এণ্ড আই টি

ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং বিভাগ

২০০৯-২০১০ বৰ্ষৰ পৰা ইয়াত ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং বিভাগত অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰা হয়। মুঠ আসন ৬০ খন। চাৰি বছৰীয়া এই অভিযান্ত্ৰিক পাঠ্যক্ৰমটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু AICTE (All India Council of Technical Education) -অৰ মান্যতাপ্ৰাপ্ত।

পাৱাৰ ইলেকট্ৰনিকছ আৰু ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বিভাগ

পাৱাৰ ইলেকট্ৰনিকছ আৰু ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বিভাগত ২০০৯-২০১০ বৰ্ষৰ পৰা ইয়াত অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰা হয়। মুঠ আসন ৬০ খন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত এই বিভাগত বি ই ডিগ্ৰী প্ৰদান কৰা হয়। এই পাঠ্যক্ৰমটোও চাৰি বছৰীয়া (আঠটা ষান্মাষিক)।

পদাৰ্থ বিজ্ঞান বিভাগ

১৯৭১ চনৰপৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মহাবিদ্যালয়খনত স্নাতক মহলাৰ পদাৰ্থ বিজ্ঞান পাঠ্যক্ৰম দি থকা হৈছে। এই বিভাগৰ অধীনত বিভিন্ন গৱেষণা আৰু প্ৰজেক্টৰ বাবে উন্নত মানদণ্ডৰ প্ৰয়োগশালাও আছে।দীনেশ চন্দ্ৰ বৰুৱা,অঞ্জনা দাস,অনিমা দেৱী বৰুৱা আদি শিক্ষাবিদসকলে বিভিন্ন সময়ত সেৱা আগবঢ়োৱা এই বিভাগটোৰ নিজৰ এটা পুথিভঁৰাল আছে। পাঠ্যক্ৰমৰ লগত জড়িত বহুতো মূল্যৱান কিতাপ ইয়াত পোৱা যায়। ১৯৯৭ চনৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগে NGPE (National Graduate Physics Examination) আয়োজন কৰি আহিছে আৰু এই বিষয়ত অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানৰ পৰাও ভাল সঁহাৰি পাইছে৭।

ইয়াৰ উপৰিও এই বিভাগটোৱে পদাৰ্থ বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত নিয়মিতভাৱে বিভিন্ন বক্তা নিমন্ত্ৰিত কৰি আলোচনা চক্ৰ (seminar) আয়োজন কৰে। বিভাগটোৰ শিক্ষকবৃন্দয়েও বিভিন্ন ধৰণৰ গৱেষণা যেনে: NCIEP (National Competition for Innovative Experiments in Physics) আদিত অংশগ্ৰহণ কৰিছে।

ৰসায়ন বিজ্ঞান বিভাগ

১৯৭১ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱা পিছৰ পৰাই ইয়াত স্নাতক মহলাৰ ৰসায়ন বিজ্ঞান পাঠ্যক্ৰম চলি আছে।অৱনী চন্দ্ৰ গোস্বামী,পি কে মহন্ত আদি শিক্ষাবিদসকলে বিভিন্ন সময়ত সেৱা আগবঢ়োৱা এই বিভাগটোত বৰ্তমান সাতগৰাকী শিক্ষক আৰু এজন লেব'ৰেটৰী সহায়ক আছে। ৰসায়ন বিজ্ঞান বিভাগৰ এটা উন্নত মানদণ্ডৰ প্ৰয়োগশালা আছে। ইয়াৰ ছাত্ৰ-ছাত্ৰসকলক বিভিন্ন আলোচনা চক্ৰত ভাগ ল'বলৈ উৎসাহিত কৰা হয়। ইয়াত ৰসায়ন বিভাগৰ এটা পৰিষদ আছে। ইয়াৰ অধীনত মহাবিদ্যালয়খনত ৰসায়ন বিজ্ঞানৰ লগত জড়িত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

গণিত বিভাগ

গণিত বিভাগৰ প্ৰতিষ্ঠাতা হৈছে প্ৰৱক্তা তাৰকেশ্বৰ চৌধুৰী। ১৯৭১ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱা পিছৰ পৰাই ইয়াত স্নাতক মহলাৰ গণিত পাঠ্যক্ৰম চলি আছে। সেই সময়ত অসম চৰকাৰৰ অধীনত স্নাতক ডিগ্ৰী প্ৰদান কৰা এইখনেই একমাত্ৰ প্ৰতিষ্ঠান আছিল।প্ৰসূন গোস্বামী,লক্ষ্মীকান্ত ভট্টাচাৰ্য,চন্দ্ৰ চুতীয়া, ৰাফেল শইকীয়া আদি বিশিষ্ট শিক্ষাবিদসকলে বিভিন্ন সময়ত সেৱা আগবঢ়োৱা এই বিভাগৰ নিজৰ এটা কম্পিউটাৰ লেব'ৰেটৰী আছে। ইয়াৰ উপৰিও Assam Academy of Mathematics এই বিভাগটোৱে বাৰ্ষিক গণিতৰ অলিম্পিয়াড আয়োজন কৰি আহিছে।বৰ্তমান স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰমো প্ৰৱৰ্তন কৰা হৈছে।

কম্পিউটাৰ চায়েঞ্চ এণ্ড আই টি বিভাগ

২০০৭-২০০৮ বৰ্ষৰ পৰা এই বিভাগটোৰ অধীনত তিনি বছৰীয়া (ছটা ষন্মাষিক) বেচেলৰ অফ ইনফৰ্মেশ্বন এণ্ড টেকন'লজিত (B.Sc. IT) স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। মুঠ আসন হৈছে ৪০ খন। বিভাগটোৰ নিজাকৈ উন্নত মানদণ্ডৰ কম্পিউটাৰ লেব, ইলেকট্ৰনিকছ লেব আৰু এটা লাইব্ৰেৰী আছে। ভৱিষ্যতে এই বিভাগটোৰ অধীনত স্নাতকোত্তৰ পাঠ্যক্ৰম যেনে: MCA, M.Sc. IT ইত্যাদি আৰম্ভ কৰাৰ ভবা হৈছে।

উৎসৱ

ইয়াত "ABEYAANTRIX" নামৰ বাৰ্ষিক উৎসৱৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াত মূলতঃ প্ৰযুক্তি আৰু কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াত নিয়মিতভাৱে "আলোচনাচক্ৰ", "ৰ'বটিক কৰ্মশালা" আৰু বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হয়৮।

ট্ৰেইনিং আৰু প্লেচমেণ্ট

মহাবিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেণ্ট চেল-এ ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইণ্টাৰভিউসমূহ চোৱাচিতা কৰে। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ অভিযান্ত্ৰিক পাঠ্যক্ৰম
  2. ↑ AICTE মান্যতা
  3. ↑ মহাবিদ্যালয়ৰ অৱস্থান
  4. ↑ মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সুবিধাসমূহ
  5. ↑ পাঠ্যক্ৰম
  6. ↑ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিভাগসমূহ
  7. ↑ পদাৰ্থ বিজ্ঞান বিভাগ
  8. ↑ উৎসৱ

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহঅসমৰ মহাবিদ্যালয়সমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৪০৩২২৪ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।