অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (Jyoti Chitraban Film Studio) গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ (২০২০) একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ’…

হালনাগাদ: ২১ মে’ ২০২৫ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (Jyoti Chitraban Film Studio) গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ (২০২০) একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ’ চিত্ৰবন- এই দুটা শব্দ লগলগাই চৰকাৰী খণ্ডৰ এই ষ্টুডিঅ’টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হয়। ১৯৬১ত প্ৰতিষ্ঠা কৰা জ্যেতি চিত্ৰবন ১৯৬৮ চনত এখন ফ্ল’ৰেৰে কাৰ্যক্ষম হৈ উঠে।১

ইতিহাস

অসমৰ সাংস্কৃতিক জগতৰ কেইগৰাকীমান পুৰোধা ব্যক্তি যেনে- বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ভূপেন হাজৰিকা, ক্ষীৰদাকান্ত বিষয়া, বিজনী ৰাজ্যৰ ৰাণী সবিতা দেৱী আদি তথা অসমৰ জনসাধাৰণৰ দাবীত অসম চৰকাৰে গুৱাহাটী কাহিলীপাৰাৰ নৰকাসুৰ পাহাৰৰ নামনি অংশত ১০ একৰ মাটিত জ্যোতি চিত্ৰবন নিৰ্মাণ কৰা হয়। দেৱদাস ছবিৰ নিৰ্মাতা, অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সন্তান প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নামেৰে নামাঙ্কিত এখন ফ্ল’ৰেৰে ১৯৬৮ চনত ষ্টুডিঅ’টো কাৰ্যক্ষম হৈ উঠে। পোনপ্ৰথমবাৰৰ বাবে ইয়াত নিপ বৰুৱাৰ ভদৰী শীৰ্ষক চুটিছবি এখন শ্বুটিং কৰা হয়।১ ১৯৭২ চনত মুক্তি পোৱা বিভ্ৰাট ছবিৰ গীতকেইটাও ইয়াত ৰেকৰ্ডিং কৰা হৈছিল। জ্যোতি চিত্ৰবনত অসমীয়া ছবিৰ আটাইকেইটা গীত ৰেকৰ্ডিং কৰা বিভ্ৰাট প্ৰথম অসমীয়া ছবি। চিনেমা।২

১৯৭৩ চনত ষ্টুডিঅ’টো জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ’) ছ’চাইটি নামেৰে এখন চৰকাৰ নিয়ন্ত্ৰিত পঞ্জীভূক্ত সমিতিৰ অধীনলৈ অনা হয়। এই সমিতিখনত বহুকেইটা চৰকাৰী বিভাগৰ মুৰব্বী আৰু অসমৰ চলচ্চিত্ৰ জগতৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক সদস্যৰূপে ৰখা হয়। মহেশ মল্ল বুজৰবৰুৱা (FTII, পুণেৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত), পীযুষ কান্তি ৰয় (FTII, পুণেৰ ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমাধাৰী), ইন্দুকল্প হাজৰিকাই প্ৰতিষ্ঠানটোৰ চালুকীয়া অৱস্থাত যোগদান কৰি বহু অসমীয়া যুৱশিল্পীক চলচ্চিত্ৰ কলাৰ বিষয়ে প্ৰশিক্ষণ দিয়ে।১

চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ জগতলৈ অহা পৰিবৰ্তনৰ সৈতে খাপ খুৱাই ল’বলৈ তথা বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৫ চনৰ ২৯ ডিচেম্বৰত জ্যোতি চিত্ৰবনত এটা ভিডিঅ’ বিভাগ খোলা হয়। অসম চুক্তিৰ অধীনত অসম আৰু ভাৰত চৰকাৰে যোগান ধৰা পূঁজিৰে ক্ৰয় কৰা আধুনিক প্ৰযুক্তিৰ সা-সঁজুলিৰে ষ্টুডিঅ’টো সজাই তোলা হৈছে।১

অসম চুক্তিৰ তৃতীয় দফা অনুসৰি জ্যোতি চিত্ৰবনৰ বিশাল পৰিসৰৰ ভূমিত ২০০৯ চনৰ ২৪ চেপ্তেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰীয়ে় ফিল্মচিটি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ফিল্মচিটিখন গঢ় লৈ উঠিলে ইয়াত আউটড’ৰ শ্বুটিং কৰাৰ সুবিধা হ’ব।১

সা-সুবিধাসমূহ

জ্যোতি চিত্ৰবনৰ শেহতীয়া সা-সুবিধাসমূহ এনে ধৰণৰ-

  1. চাৰিখন শ্বুটিং ফ্ল’ৰ
  2. ২০৮খন আসনযুক্ত এটা বাতানুকুল প্ৰেক্ষাগৃহ
  3. মোবাইল জেনেৰেটৰ ভেন
  4. অ’ডিঅ’ ৰেকৰ্ডিং আৰু মিক্সিং ষ্টুডিঅ’
  5. কেমেৰা আৰু সম্পাদনা কৰিব পৰা যন্ত্ৰপাতিৰে সুসজ্জিত ভিডিঅ’ বিভাগ
  6. প্ৰায় ১০ একৰৰ চৌহদত আউটড’ৰ শ্বুটিঙৰ সুবিধা১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ JYOTI CHITRABAN (FILM STUDIO) SOCIETY. DEPARTMENT OF CULTURAL AFFAIRS, ASSAM
  2. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 198

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰকাৰী সংস্থাভাৰতৰ চলচ্চিত্ৰ ষ্টুডিঅ’

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’” প্ৰবন্ধৰ সংশোধন ৫১০৯৪৩ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।