জীৱন বাটৰ লগৰী ২০০৯ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ চলচ্চিত্ৰ। টিমোথি দাস হাঞ্চেৰ দ্বাৰা পৰিচালিত হিলছ মোচন পিকচাৰ্ছ এছ'চিয়েচন অৱ ডিফুৰ বেনাৰত ছবিখনে মুক্তি লাভ কৰিছিল।১২৩
পটভূমি
পবিত্ৰ বৰুৱা এখন হাইস্কুলৰ অধ্যক্ষ। তেওঁৰ যত্নশীল পত্নী প্ৰফুল্লী আৰু অধ্যয়নশীল যমজ সন্তান প্ৰীতম আৰু তৰালীৰ সৈতে সুখী জীৱন কটায়। এগৰাকী গাঁওবাসী হিচাপে বৰুৱাই স্কুলৰ কাম-কাজৰ লগতে দৈনন্দিন জীৱন চলোৱাৰ ক্ষেত্ৰত সদায় নৈতিক মূল্যবোধৰ পক্ষত থিয় দিয়ে। প্ৰীতম আৰু তৰালীয়ে আশা কৰা মতে মেট্ৰিকত শীৰ্ষস্থান দখল কৰি উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ ৰাওনা হয়। কিন্তু গৌৰৱান্বিত পিতৃ-মাতৃয়ে গম নাপায় যে তেওঁলোকৰ সন্তানে তেওঁলোকক চিৰদিনৰ বাবে এৰি থৈ গ’ল।
সময়ত প্ৰীতমে পঢ়া-শুনা সম্পূৰ্ণ কৰি কোম্পানী এটাৰ বৃত্তিত আমেৰিকালৈ যায়। ঘূৰি অহাৰ লগে লগে তেওঁ মুম্বাইৰ এটা এমএনচিত যোগদান কৰে,তাতে এজনী ছোৱালীক বিয়া কৰায় আৰু তাতেই বসতি স্থাপন কৰে। তৰালীয়েও আমেৰিকাত উচ্চ পঢ়া-শুনা সম্পূৰ্ণ কৰি এজন আমেৰিকানক বিয়া কৰাই তাতেই বসতি স্থাপন কৰে। দুয়োজনেই ইমানেই নিজৰ জীৱনত ব্যস্ত যে মাকৰ মৃত্যুত ঘৰলৈও আহিব পৰা নাছিল।
শিক্ষয়িত্ৰী পত্নী নিৰ্মালী আৰু সন্তান মহেন আৰু মালতীৰ সৈতে দীননাথ বৰা এগৰাকী কৃষক। তেওঁ দৃঢ় বিশ্বাসৰ অধিকাৰী আৰু কৰ্ম সংস্কৃতিত বিশ্বাসী আৰু সদায় নিজৰ কৃষি কৰ্মত ব্যস্ত। দম্পতীহাল চিন্তিত হোৱাৰ একমাত্ৰ কথাটো হ’ল তেওঁলোকৰ সন্তানৰ পঢ়া-শুনাৰ প্ৰতি থকা অৱহেলা। ল’ৰা-ছোৱালীহালে মেট্ৰিকত ফেইল কৰে। কিন্তু পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱন গঢ় দিয়াৰ আন আন ফলপ্ৰসূ উপায় দেখুৱাইছে। আৰ্থিক ঋণ লৈ মহনে ট্ৰেক্টৰ কিনি কৃষি কামত সম্পূৰ্ণৰূপে জড়িত হৈ পৰে। মালতিয়ে গাঁৱৰ আন ছোৱালীৰ সৈতে আৰ্থিক আত্মসহায়ক গোট গঠন কৰি ফলৰ প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি গাঁৱত আচাৰ,জাম,জেলী আদি খাদ্য সামগ্ৰী আদিৰ এখন ডাঙৰ দোকান খুলি দিয়ে। পবিত্ৰ বৰুৱাৰ বাবে ওচৰ-চুবুৰীয়া মানুহবোৰ গোটেই জীৱন সহায়ৰ উৎস আৰু অবিচ্ছেদ্য অংগ হৈ পৰে।
অভিনয়ত
- ৰাগ ঐনিতম
- নিপন গোস্বামী
- বিষ্ণু খাৰঘৰীয়া
- অৰুণ নাথ
- মলয়া গোস্বামী
- হিৰণ্য ডেকা
- অতুল পাচনি
- কপিল বৰা
- পৰিনীতা বৰঠাকুৰ
- সুচন্দ্ৰ চন্দ্ৰ
- শ্যামন্তিকা শৰ্মা
- আশা বৰদলৈ
- দেৱানন্দ শইকীয়া
- কিশোৰ চৌধুৰী
- দিলীপ গোস্বামী
- ৰূপ গোস্বামী
- জুলেন ভূঞা
- দুদুল বৈশ্য
- মহিকা শৰ্মা
- নৰেন্দ্ৰ চন্দ্ৰ সূত্ৰধৰ
- দীনেশ দাস (অতিথি শিল্পী)
- অনন্যা পাচনি (অতিথি শিল্পী)
বহিঃ সংযোগ
তথ্যসূত্ৰ
- ↑ Bora, Pranjit. (24 February 2009). Jeevan Baator Lagori – new Assamese film launched. Assam Times
- ↑ Das, Apurba Kumar. (7 August 2009). Jibon Bator Logori passed by censor. Assam Tribune
- ↑ (6 September 2009). 'Jibon Bator Lagari' Releasing on 2nd Oct. at 25 theatres. The Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন বাটৰ লগৰী” প্ৰবন্ধৰ সংশোধন ৫৩৫৮০৮ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।