অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হৈছে। প্ৰথম গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ ২০১৭ চনৰ ২৮ অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ে উদ্বোধন কৰিছিল।১ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মহোৎসৱৰ আৰম্ভণি ২০১৬ চনৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা বিজয়ী অশ্বগৰ ফাৰহাদিৰ দ্বাৰা নিৰ্দেশিত ছবি দা চেলেছ্মেন প্ৰদৰ্শনৰ যোগেদি হৈছিল।

প্ৰথম গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

প্ৰথম গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ চনৰ ২৮ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানত অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মহোৎসৱ উদ্বোধন কৰিছিল। এই মহোৎসৱৰ উদ্বোধনী ছবি আছিল অস্কাৰ বিজয়ী ইৰাণী ছবি "দা চেলেছ্মেন"।

প্ৰদৰ্শিত ছবি

এই মহোৎসৱত ৩২ খন দেশৰ ৭৮ খন বোলছবি প্ৰদৰ্শিত হয়। ইয়াত সৰ্বাধিক ৬ খন ইৰানী আৰু ৫ খন তুৰ্কী ছবি প্ৰদৰ্শিত হয়। ইয়াত ছুইজাৰলেণ্ড, জাৰ্মানী, স্পেইন, আৰ্জেণ্টিনা, পোলেণ্ড, ক্ৰয়েছিয়া, ছাৰ্বিয়া, শ্লোভেনিয়া, লেটিভিয়া, জাপান, বেলজিয়াম, আয়াৰলেণ্ড, চেক গণতন্ত্ৰ, বুলগেৰীয়া, ইজৰাইল, গ্ৰীচ, অষ্ট্ৰিয়া, ৰাছিয়া, ফিলিপাইন, আফগানিস্তান, পেৰু, ৰোমানিয়া, ডেনমাৰ্ক, চাইপ্ৰাছ, ইষ্টনীয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বোলছবি প্ৰদৰ্শন কৰা হৈছিল।২

শিতান

এই মহোৎসৱত সৰ্বমুঠ ৬ টা শিতান আছিল। সেইকেইটা হল: আন্তৰ্জাতিক চলচ্চিত্ৰ, ভাৰতীয় পেৰনমা, ৰেট্ৰ'স্পেকটিভ, উত্তৰপূৰ্বাঞ্চলৰ চলচ্চিত্ৰ, অসমীয়া চলচ্চিত্ৰ আৰু সন্মানীয় উল্লেখ। ইয়াত জাহ্নু বৰুৱাৰ সাগৰলৈ বহু দূৰ, অজেয়, হালধীয়া চৰায়ে বাওধান খায় আৰু কণিকাৰ ৰামধেনু প্ৰদৰ্শন কৰা হৈছিল। লগতে ভূপেন হাজৰিকাৰ "শকুন্তলা", আব্দুল মজিদৰ "চামেলি মেমচাহাব" আৰু ভবেন্দ্ৰ নাথ শইকীয়া "সন্ধ্যাৰাগ" প্ৰদৰ্শিত হয়।

পুৰস্কাৰ

প্ৰথম গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেৱল অসমীয়া চলচ্চিত্ৰ শিতানত পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াত শংকৰ বৰুৱাৰ দ্বাৰা পৰিচালিত "খাণ্ডৱদাহ" শ্ৰেষ্ঠ অসমীয়া ছবি আৰু ৰীমা দাসৰ "অন্তৰ্দৃষ্টি" দ্বিতীয় শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। লগতে জয়চেং জয় দহোটীয়াৰ "হান্দুক"য়ে জুৰীৰ বিশেষ বঁটা লাভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Guwahati to host first international film festival from October 28
  2. ↑ (26 October 2017). Films & schedule of the 1st Guwahati International Film Festival - The News Mill
  3. ↑ Guwahati film festival: International filmmakers to be star attraction - Times of India

সম্পৰ্কিত শ্ৰেণী

মহোৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৩৮০৬৮৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।