মহোৎসৱ
১১ প্ৰবন্ধ
-
হৰ্ণবিল উৎসৱ
হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ডত প্ৰতিবছৰে ১-১০ ডিচেম্বৰলৈ উদযাপন কৰা এটি উৎসৱ৷ নাগালেণ্ড ৰাজ্যক এই উৎসৱক মহোৎসৱ ('Festival of Festivals') বুলিও আখ্যা দিয়া হয়৷
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
দিহিং পাটকাই উৎসৱ
দিহিং পাটকাই উৎসৱ (Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে। ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্যাপন কৰি অহা হৈছে।
-
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হৈছে।
-
কাজিৰঙা হস্তী মহোৎসৱ
কাজিৰঙা হস্তী মহোৎসৱ (Kaziranga Elephant Festival) হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে।
-
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হয়।
-
জোনবিল মেলা
অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা।
-
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ হৈছে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদীক আৰাধনা কৰা হৈছিল। অনুষ্ঠানটি ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে চুই যোৱা অসমৰ ২১ খন জিলাত এই উৎসৱ অনুষ্ঠিত হৈছিল।
-
বনগাঁও সভা মহোৎসৱ
বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত বনগাঁওৰ এক বছৰেকীয়া ধৰ্মোৎসৱ হৈছে বনগাঁও সভা মহোৎসৱ। শতবৰ্ষ গৰকা এই সভা মহোৎসৱ প্ৰতি বছৰে মাঘ-ফাগুণ মাহৰ ভীষ্মাষ্টমীৰ দিনাখন হোম-যজ্ঞৰে আৰম্ভণি কৰা হয়।
-
ভাৰত ৰঙ্গ মহোৎসৱ
ভাৰত ৰঙ্গ মহোৎসৱ ( Bharat Rang Mahotsav; भारत रंग महोत्सव; BRM) বা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ১৯৯৯ চনত আৰম্ভ হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এয়া এক বাৰ্ষিক নাট্য মহোৎসৱ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা সঞ্চালিত নাট প্ৰশিক্ষণৰ প্ৰথম প্ৰতিষ্ঠান।
-
মায়ং পবিতৰা মহোৎসৱ
মায়ং পবিতৰা মহোৎসৱ অসমৰ মৰিগাঁও জিলাৰ প্ৰসিদ্ধ পৰ্যটনস্থলী মায়ং আৰু পবিতৰা সংৰক্ষিত বনাঞ্চলৰ আকৰ্ষণ আৰু পৰ্যটনৰ অধিক প্ৰচাৰ আৰু উৎকৰ্ষ (promote) সাধনৰ উদেশ্যেৰে পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠান।