অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দিহিং পাটকাই উৎসৱ

দিহিং পাটকাই উৎসৱ (Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে। ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্‌যাপন কৰি অহা হৈছে।

হালনাগাদ: ১৫ মে’ ২০২৫ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দিহিং পাটকাই উৎসৱ (Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে।১২৩ ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্‌যাপন কৰি অহা হৈছে। ২০০২ বৰ্ষৰ উৎসৱত মুখ্য অতিথি আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালাম। পৰ্যটক সকলক আনন্দ-উল্লাস কৰাৰ সুবিধা কৰি দিয়া লক্ষ্যৰে এই উৎসৱ অসম চৰকাৰে আয়োজন কৰে।১

মূল কাৰ্যক্ৰমনিকা

দিহিং পাটকাই উৎসৱত বিশেষকৈ চাহ উদ্যোগৰ লগত জড়িত ঠাই ভ্ৰমণ, জনগোষ্ঠীসমূহৰ দ্বাৰা ব্যৱহৃত সামগ্ৰী সমূহৰ মেলা, প্ৰাকৃতিক পৰিৱেশৰ মাজত আমেজ লোৱা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই উৎসৱৰ এটা উল্লেখযোগ্য আকৰ্ষণ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সৈন্যসকলৰ সমাধিস্থল পৰিভ্ৰমণ কৰাৰ সুবিধা দিয়া হয়। ইয়াৰ উপৰিও অসমক ম্যানমাৰৰ লগত সংযোজিত কৰা ষ্টিলৱেল পথটো চোৱাৰো সুবিধা দিয়া হয়।১২৩ এই উৎসৱৰ সময়ত খাদ্য সামগ্ৰীৰ মেলা, বাণিজ্য মেলা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হয়। পৰ্যটকসকলে হাতী ছাফাৰীৰ জৰিয়তে বনাঞ্চলসমূহ চোৱাৰো সুবিধা কৰি দিয়া হয়। এই উৎসৱৰ সময়ত চাহ বাগান আৰু ডিগবৈৰ তৈলক্ষেত্ৰ সমূহ পৰিভ্ৰমণ কৰিবলৈ ইয়াৰ পৰা সুবিধা কৰি দিয়া হয়।১৩

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dehing Patkai Festival. North East India
  2. ↑ Dehing Patkai Festival. Locate India
  3. ↑ Dehing Patkai Festival. Incredible Northeast India

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহমহোৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিহিং পাটকাই উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫০৮৯০৬ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।