অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ফিলিপাইন

ফিলিপাইন, চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হ'ল পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। .

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৫ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ফিলিপাইন, চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হ'ল পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। . ৰাজধানী হ'ল মনিলা আৰু সৰ্বাধিক জনবহুল নগৰ হ'ল কুৱেজন; দুয়োখন মেট্ৰ' মনিলাৰ অন্তৰ্গত।

ইতিহাস

পূৰ্ব-স্পেনিছ কাল

ফিলিপাইনৰ আদি অধিবাসী নেগ্ৰিত জাতিৰ লোকসকল প্ৰায় ৩০ হাজাৰ বছৰ পূৰ্বে বোৰ্নিঅ আৰু সুমাত্ৰা দ্বীপৰ পৰা আহিছিল। দক্ষিণৰ পৰা মালয় জাতিৰ লোক ইয়ালৈ আহিছিল। ৯ম শতিকাত চীনা ব্যৱসায়ী সকলো ইয়ালৈ আহে আৰু বসতি স্থাপন কৰে। স্পেনিছসকল অহাৰ আগলৈকে মালয়সকলেই ইয়াৰ প্ৰধান জাতি আছিল।

স্পেনিছ কাল

১৫২১ চনত পৰ্তুগীজ অভিযাত্ৰী ফেৰ্দিনান্দ মাগেলান ফিলিপাইনলৈ আহে আৰু স্পেইনৰ হৈ দ্বীপটো দাবী কৰে। কিন্তু তেওঁ ইয়াত বেছিদিন নাথাকে। পৰবৰ্তী কালত স্পেনীয় শক্তিয়ে লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰে আৰু খ্ৰীষ্টধৰ্মৰ পতন ঘটায়।

১৮১০ চনত মেক্সিকোে স্পেইনৰ পৰা স্বাধীনতা ঘোষণা কৰাৰ আগলৈকে ফিলিপাইনৰ দ্বীপ সমূহ স্পেনিছ উত্তৰ আমেৰিকাৰ অধীনত আছিল আৰু ফিলিপাইন আৰু উত্তৰ আমেৰিকাৰ মাজত উল্লেখযোগ্য ভাবে যাতায়াত আছিল। লুসন দ্বীপৰ মনিলা নগৰক কেন্দ্ৰ কৰি স্পেনিছ ঔপনিৱেশিক ব্যবস্থা গঢ়ি উঠিছিল আৰু ইয়াৰ লোকসকল লাহে লাহে ৰোমান ক্যাথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হবলৈ আৰম্ভ কৰিছিল। কেন্দ্ৰীয় ফিলিপাইন আৰু লুসন দ্বীপৰ বাদে অন্য অঞ্চল, যেনে মিন্দানাও দ্বীপত স্পেনিছ প্ৰভাব কম আছিল।

দীৰ্ঘ স্পেনিছ শাসনৰ সময়ত বহু বিপ্লব ঘটে। ১৯শ শতিকাৰ শেষৰ ফালে ইউৰোপত শিক্ষিত ফিলিপিনোসকলে স্পেনিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠে আৰু ফিলিপিনো সকলৰ মাজত জাতীয়তাবাদৰ উন্মেষ ঘটে। ১৮৯৮ চনত স্পেনিছ-আমেৰিকান যুদ্ধত আমেৰিকান বাহিনীয়ে মনিলা উপসাগৰত স্পেনিছ নৌবাহিনীক পৰাজিত কৰে। চীনা-শব্দোদ্ভভ ফিলিপিনো নেতা এমিলিও আগিনালদোএ সেই বছৰৰ ১২ই জুনত ফিলিপাইনক স্পেইনৰ পৰা স্বাধীন বুলি ঘোষণা কৰে।

আমেৰিকান কাল

স্পেনিছসকলক পৰাজিত কৰি আমেৰিকান সকলে ফিলিপাইনক নিজৰ দখললৈ নিয়ে। স্পেইনে পেৰিছ শান্তি চুক্তিমতে ফিলিপাইনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰে। কিন্তু ১৮৯৯ চনত আমেৰিকান শাসনৰ বিৰুদ্ধেও ফিলিপিনোসকলে বিদ্ৰোহ আৰম্ভ কৰে। সেই বছৰত বিক্ষিপ্ত আমেৰিকান-ফিলিপিনো যুদ্ধত বহু হাজাৰ ফিলিপিনো আৰু আমেৰিকান সেনা নিহত হয়। ১৯০২ চনত ফিলিপাইনত শান্তি প্ৰতিষ্ঠিত হয়।

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিলিপাইন” প্ৰবন্ধৰ সংশোধন ৫৫১৩৭০ (১৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।