হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ডত প্ৰতিবছৰে ১-১০ ডিচেম্বৰলৈ উদযাপন কৰা এটি উৎসৱ৷১ নাগালেণ্ড ৰাজ্যক এই উৎসৱক মহোৎসৱ ('Festival of Festivals') বুলিও আখ্যা দিয়া হয়৷
পটভূমি
নাগালেণ্ড ৰাজ্য ভালেসংখ্যক নগা জনজাতিৰ বাসভূমি৷ এই প্ৰতিটো জনজাতিৰে নিজা উৎসৱ আছে৷ যিহেতু ৬০% ৰো অধিক নগা লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে উদযাপন কৰা প্ৰায়ভাগ উৎসৱেই কৃষিৰ লগত জড়িত৷২
নাগালেণ্ডৰ এই বিভিন্ন জনজাতিৰ মাজত ভাৱবিনিময়ৰ বিকাশ আৰু নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে, নাগালেণ্ড চৰকাৰে ২০০০ চনৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহটোত হৰ্ণবিল উৎসৱ পালন কৰি আহিছে৷৩
এই উৎসৱক ভাৰতীয় ধনেশ পক্ষী (Indian hornbill) ৰ নামৰ পৰা হৰ্ণবিল উৎসৱ নামেৰে অভিহিত কৰা হয়৷ ধনেশ পক্ষীৰ স্থান নগা জনজাতিসমূহৰ সংস্কৃতি আৰু লোকসাহিত্যত অতি গুৰুত্বপূৰ্ণ৷
উদযাপন
হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে৷ এই উৎসৱত সকলো নগা জনজাতিৰ কলা-সংস্কৃতি একেটা উৎসৱতে উদযাপন কৰাৰ এক প্ৰচেষ্টা৷ এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে ১-১০ ডিচেম্বৰলৈ ক’হিমাত অনুষ্ঠিত হয়৷৩
উৎসৱটোৰ মূল থলী ক’হিমা চহৰৰ পৰা ১২ কিমি দূৰত্বত অৱস্থিত নগা হেৰিটেজ গাওঁ কিছামা (Kisama)৷ সকলো নগা জনজাতিয়েই এই উৎসৱত অংশগ্ৰহণ কৰে৷১
উৎসৱৰ দৰ্শকসকলে নগা খাদ্য, সংগীত-নৃত্য আৰু ৰীতি নীতিকে ধৰি নগা সংস্কৃতিক ওচৰৰ পৰা জনাৰ আৰু অভিজ্ঞতা লোৱাৰ এক সুযোগ লাভ কৰে৷ ৪
উৎসৱৰ বিভিন্ন অংশ
এই উৎসৱত জাকজমকাতৰে বিভিন্ন নৃত্য পৰিবেশন, নগা পাৰম্পৰিক খেলধেমালি, নগা খাদ্যৰ পৰিবেশন ইত্যাদি হয়৷ তাৰোপৰি পৰম্পৰাগত নগা কলা যেনে বিভিন্ন চিত্ৰ, কাঠৰ কাৰুকাৰ্য্য ইত্যাদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়৷৫
এই উৎসৱত পৰম্পৰাগত নগা মৰুংসমূহৰ (Naga Morungs) প্ৰদৰ্শন হয়৷ উৎসৱটোৰ বিশেষ আকৰ্ষণসমূহ হৈছে কলা আৰু কাৰুকাৰ্য্যৰ প্ৰদৰ্শনী, নগা খাদ্যৰ ষ্টলসমূহ, ফুলৰ প্ৰদৰ্শনী, নৃত্য আৰু গীত পৰিবেশন, ফেশ্বন শ্ব’, মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগীতা, পৰম্পৰাগত আৰ্চাৰী (traditional archery), নগা মল্লযুঁজ, পৰম্পৰাগত খেলধেমালি আৰু সংগীত অনুষ্ঠানসমূহ৷১৬৭
অৰ্থনৈতিক বিকাশ
এই উৎসৱে নাগালেণ্ড ৰাজ্যৰ পৰ্য্যটনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এই উৎসৱে পৰ্য্যটকসকলক নগা কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে জনাৰ আৰু অভিজ্ঞতা লোৱাৰ সুবিধা দি আহিছে৷৮৯
বাহ্যিক সংযোগ
- Hornbill Festival
- YouTube clip
- Tourists to Nagaland require a permit to visit the state.১০
তথ্যসূত্ৰ
- ↑ Jaini, Kshaunish. (6 January 2017). Nagaland – Hiking and Hornbill Festival in India. Alien Adventure
- ↑ Hornbill Festival - Where the Action is..., EF News International. 16 November 2011
- ↑ Hornbill Festival of Nagaland, India-north-east.com
- ↑ Hornbill Festival 2016 - December. Festivals of India. Pan India Internet
- ↑ Nagaland's Hornbill Festival Goes International. Outlook India.com. 1 December 2009.
- ↑ (1 November 2016). ' A window to the northeast'. The Hindu
- ↑ Hornbill Festival 2015 - Hornbill Rock Contest. www.hornbillfestival.com
- ↑ (1 November 2016). ' A window to the northeast'. The Hindu
- ↑ (22 January 2016). 'Ignore the potholes, enjoy the ride'. The Hindu
- ↑ Inner Line Permit · Ministry of Development of North Eastern Region, North East India. mdoner.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্ণবিল উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩০৬৭৭ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।