গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হয়। প্ৰথম শিশু চলচ্চিত্ৰ মহোৎসৱ ২০১৯ চনৰ ১৯ জানুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ে উদ্বোধন কৰিছিল।১ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মহোৎসৱৰ আৰম্ভণি নীল মাধৱ পাণ্ডাৰ হালকা প্ৰদৰ্শনৰ যোগেদি হৈছিল।
প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ
প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ ২০১৯ চনৰ ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মহোৎসৱ উদ্বোধন কৰিছিল। এই মহোৎসৱৰ উদ্বোধনী ছবি আছিল নীল মাধৱ পাণ্ডাৰ হালকা। ইয়াত তিনি দিনত ২৩ খন দেশৰ ৫০ খন ছবি প্ৰদৰ্শিত হয়। লগতে দৃষ্টিহীনসকলৰ বাবে বিশেষভাৱে সন্তোষ শিৱণৰ হেলো প্ৰদৰ্শিত কৰা হয়। ২১ জানুৱাৰীৰ সন্ধিয়া সামৰণিৰ চলচ্চিত্ৰ ৰূপে প্ৰদৰ্শিত হয় উৎপল বৰপূজাৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ঈশ্বু। এই চলচ্চিত্ৰ সমূহ উপগ্ৰহৰ জৰিয়তে ধুবুৰী, শদিয়া, শিলচৰ, চৰাইদেউ জিলা, ধেমাজি আৰু বঙাইগাঁওতো সম্প্ৰচাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৪০৩৪৭৩ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।