অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তোষপ্ৰভা কলিতা

তোষপ্ৰভা কলিতা (Toshaprobha Kalita)সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত প্ৰগতিশীল লেখিকা। তেওঁ শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও তোষপ্ৰভা কলিতাক জনা যায়।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৫ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

তোষপ্ৰভা কলিতা (Toshaprobha Kalita)সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত প্ৰগতিশীল লেখিকা। তেওঁ শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও তোষপ্ৰভা কলিতাক জনা যায়। তেওঁৰ মুঠ প্ৰকাশিত কিতাপৰ সংখ্যা ২৯খন।১ চাকৰিসূত্ৰে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সাহিত্য সহায়ক আছিল।১ ২০২১ চনৰ ১ অক্টোবৰ তাৰিখে গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিজা বাসভৱনত কলিতাৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে কলিতাই তেওঁৰ সাহিত্যিক পেঞ্চনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ প্ৰগতিশীল সংস্থা ‘ইলোৰা বিজ্ঞান মঞ্চ’লৈ দান কৰাৰ উপৰিও মৰোণোত্তৰ ভাৱে তেখেতৰ নেত্ৰদান আৰু দেহদান কৰে।২

শিক্ষা আৰু ব্যক্তিগত জীৱন

তোষপ্ৰভা কলিতাৰ জন্ম হয় ১৯৩৮ চনত নগাঁও জিলাৰ পুৰণিগুদামত।১ তেওঁৰ পিতৃৰ নাম কমলাকান্ত বৈৰাগী আৰু মাতৃৰ নাম সূৰ্য্যপ্ৰভা বৈৰাগী। শিক্ষা পুৰণিগুদাম ছোৱালী হাইস্কুলাৰপৰা উৰ্ত্তীণ হৈ কলিতাই নগাঁও বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৯৫৮ চনত বি. এ. পাছ কৰি পুৰণিগুদাম ছোৱালী হাইস্কুলত তিনি বছৰ শিক্ষকতা কৰে। পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত বুৰঞ্জী বিষয়ত এম. এ. পঢ়িছিল। অধ্যয়নৰত অৱস্থাতে ১৯৬২ চনত জাগীৰোডৰ ‘স্পান ছিল্ক মিল’ৰ চাকৰিয়াল প্ৰসন্ন চন্দ্ৰ কলিতাৰ লগত বিয়া হৈ শিক্ষা জীৱন তিমানতে সামৰে। সাংসাৰিক জীৱনত তেওঁ দুগৰাকী কন্যা আৰু দুটি পুত্ৰ সন্তানৰ মাতৃ। ১৯৭৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিত সাহিত্য সহায়কৰ চাকৰিত সোমায়, যদিও বিদেশী বিতাড়ণ আন্দোলনৰ হিংসাশ্ৰয়ী দিশটোৰ বিৰোধিতা কৰাৰ ফলত ১৯৮০ চনৰপৰা কেইবাবছৰৰ চাকৰি জীৱনত নানান নিৰ্যাতন ভোগ কৰিবলগীয়া হৈ ১৯৮৩ চনত চাকৰিৰপৰা ইস্তফা দিয়ে।১

সাহিত্যচৰ্চা

তেওঁ এগৰাকী সমাজ-সচেতন আৰু মানৱতাবাদী লেখিকা —প্ৰধানকৈ কবি, শিশু-সাহিত্যিক আৰু অনুবাদক। কবিতা সঙ্কলন, শিশু সাহিত্য, অনুবাদ গ্ৰন্থ আৰু ভ্ৰমণ-কাহিনীকে ধৰি কলিতাৰ মুঠ প্ৰকাশিত কিতাপৰ সংখ্যা ২৯খন। তদুপৰি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ শিশু আৰু বিদ্যাৰ্থী অনুষ্ঠানৰ বাবে তেওঁ কেইবাখনো নাটিকা ৰচনা কৰিছে। পুৰণিগুদাম ছোৱালী হাইস্কুলত নৱম আৰু দশম মানত পঢ়ি থকাৰ কালতে লগ-সমনীয়াৰ সৈতে “উষা” নামেৰে হাতে লিখা আলোচনী উলিয়াইছিল আৰু তাৰ সম্পাদনাৰ সৈতে জড়িত আছিল। তেতিয়াই তেওঁৰ প্ৰথম লেখা প্ৰকাশ পাইছিল। নগাঁও মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়ি থকাৰ কালতো মহাবিদ্যালয়ৰ আলোচনীত কবিতা প্ৰকাশ পাইছিল। ভাৰতৰ অনেক ঠাই ভ্ৰমণ কৰাৰ উপৰিও ২০০০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো ঠাই ভ্ৰমণ কৰে আৰু ২০০১ চনত জাপানৰ ফুকুঅ'কা, কিঅ’ট’, হিৰোশ্বিমা আদি কেইবাখনো নগৰ ভ্ৰমণ কৰে। জাপান ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ ‘জাপানত এভূমুকি’ নামৰ এখন ভ্ৰমণ কাহিনীও লিখিছে। তেওঁ এগৰাকী আবৃত্তিকাৰো। কলিতাই অসমীয়া আৰু বঙালী কবিতা আবৃত্তি কৰে।

বঁটা-সন্মান

  • অসমীয়া শিশু-সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা, ২০১৩৩
  • অসম সাহিত্য সভাৰ গোলাঘাট শাখাৰপৰা লক্ষ্মীপ্ৰিয়া কাকতি শিশু সাহিত্য বঁটা, ২০১২
  • নীলিমা দত্ত সোঁৱৰণী অনুবাদ সাহিত্য বঁটা, ২০১২
  • কবি গিৰিবালা চৌধুৰী স্মাৰক সাহিত্য বঁটা, ২০১১
  • 'পইঠা' নামৰ বঙালী সাহিত্য আলোচনীৰ তৰফৰপৰা ৰসময় দাশ পুৰস্কাৰ, ২০০৪

সম্বৰ্ধনা

  • কবি নৱকান্ত বৰুৱাৰ জন্মদিন উপলক্ষে অনুষ্ঠিত 'কবিতাৰ দিন'ত সম্বৰ্ধনা, ২১ ডিচেম্বৰ, ২০১২
  • নন্দিনী আলোচনীৰ তৰফৰপৰা সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান, ২০১১
  • সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰপৰা সম্বৰ্ধনা আৰু 'জ্ঞানশ্ৰী' উপাধি প্ৰদান, ২০০৯
  • পূব গুৱাহাটী লেখিকা সংস্থাৰপৰা সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান, ২০০৮
  • অসম লেখিকা সংস্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিবেশনত সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান, ২০০৭
  • 'সংগ্ৰাম সংবিধা তোষপ্ৰভা কলিতা সাহিত্য আৰু জীৱন' শীৰ্ষক সম্বৰ্দ্ধনা গ্ৰন্থ প্ৰকাশ, অৰিন্দম বৰকটকী আৰু জুনু বৰা সম্পাদিত, ছেপ্টেম্বৰ, ২০২০

গ্ৰন্থপঞ্জী

কবিতা পুথি

  • বিশ্বৰূপা, প্ৰকাশক: পূৰৱী প্ৰকাশন, জাগীৰোড, ১৯৭৫
  • অভিজ্ঞানলিপি, প্ৰকাশক: কলিতা এজেন্সি, জাগীৰোড, ১৯৮০
  • নিৰ্বাচিত কবিতা, বিতৰক: জ্যোতি প্ৰকাশন, গুৱাহাটী, ১৯৯৭
  • কবিতা সমগ্ৰ, প্ৰকাশক: বনফুল প্ৰকাশন, গুৱাহাটা, ২০১২

শিশু-সাহিত্য

  • কিমান যে সাধু-১, প্ৰকাশক: বৰ্ণমালা, গুৱাহাটা, ১৯৯৭
  • পৃথিৱী আমাৰ ঘৰ প্ৰকাশক: ষ্টুডেণ্ট ষ্ট’ৰ, গুৱাহাটী, ১৯৯৯
  • ৰংঘৰ, প্ৰকাশক: নয়নতৰা প্ৰকাশন, গুৱাহাটী, ২০০০
  • ফুলনি, প্ৰকাশক: জ্যোতি প্ৰকাশন, গুৱাহাটী, ২০০০
  • ইৰিকটি মিৰিকটি, প্ৰকাশক: সঙ্কলন প্ৰকাশন, গুৱাহাটী, ২০০২
  • কিমান যে সাধু-২, প্ৰকাশক: ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৩
  • জাপানৰ সাধু, প্ৰকাশক: অন্বেষা, গুৱাহাটী, ২০০৩
  • হেলেন কেলাৰ, প্ৰকাশক: বীণা লাইব্ৰেৰী, গুৱাহাটী, ২০০৭
  • শিশু-সাহিত্য সমগ্ৰ, প্ৰকাশক: বনফুল প্ৰকাশন, গুৱাহাটী, ২০১৩
  • ল’ৰালি, প্ৰকাশক: অন্বেষা, গুৱাহাটী, ২০১৬

উপন্যাস

  • শৰশয্যা, প্ৰকাশক: ষ্টুডেণ্ট ষ্ট'ৰ, গুৱাহাটী, ২০০২

অনূদিত শিশু-কিশোৰ সাহিত্য

  • ফুল আৰু মই, প্ৰকাশক: নেশ্যনেল বুক ট্ৰাষ্ট, নতুন দিল্লী, ১৯৯৮
  • তোমাতকৈ মই ভাল, প্ৰকাশক: নেশ্যনেল লুক ট্ৰাষ্ট, নতুন দিল্লী, ১৯৯৪
  • সেউজ দ্বীপৰ ৰজা, প্ৰকাশক: বীণা লাইব্ৰেৰী, গুৱাহাটী, ২০০৫
  • পৰ্বত শৃঙ্গত আতঙ্ক, প্ৰকাশক: বীণা লাইব্ৰেৰী, গুৱাহটী, ২০০৭
  • শেক্সপীয়েৰৰ নাটকৰ মোহনীয় কাহিনী, প্ৰকাশক: শৰাইঘাট প্ৰেছ, গুৱাহাটী, ২০১৩
  • হে মহাজীৱন, প্ৰকাশক: ষ্টুডেণ্ট ষ্ট'ৰ, গুৱাহাটী, ১৯৯৫
  • ত'ত্ত'-চ্চান, প্ৰকাশক: নেশ্যনেল বুক ট্ৰাষ্ট, নতুন দিল্লী, ১৯৯৬
  • চিহ্ন, প্ৰকাশক: বীণা লাইব্ৰেৰী, গুৱাহাটী, ২০০৬
  • পদ্মা নৈৰ নাৱৰীয়া, প্ৰকাশক: বীণা লাইব্ৰেৰী, গুৱাহাটী, ২০০৭
  • হন্যমান, প্ৰকাশক: প্ৰতিশ্ৰুতি প্ৰকাশন, গুৱাহাটী, ২০১২
  • দেশ-বিদেশৰ একুৰি নিৰ্বাচিত গল্প, প্ৰকাশক: ষ্টুডেণ্ট ষ্ট’ৰ, গুৱাহাটী, ২০১৩

ভ্ৰমণ কাহিনী

  • জাপানত এভূমুকি আৰু অন্যান্য, প্ৰকাশক: বনফুল প্ৰকাশন, গুৱাহাটী, ২০১২

তথ্যসূত্ৰ

  1. ↑ সম্পাদনা: অৰিন্দম বৰকটকী, জুনু বৰা. (আগষ্ট, ২০২০). সংগ্ৰাম-সংবিধা. পাঞ্চজন্য বুক্‌ছ. পৃ. ৩৭৯-৩৮২. ISBN ৯৭৮-৯৩-৮৮৬৪৫-৯৫-৯
  2. ↑ আৰ্কাইভ কপি
  3. ↑ বাল সাহিত্য পুৰস্কাৰ. সাহিত্য অকাডেমি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিশু সাহিত্যিকসাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তোষপ্ৰভা কলিতা” প্ৰবন্ধৰ সংশোধন ৫৪৬২৮৭ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।