ড° অনিমা গুহ (Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ।১ তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ্ট চৰ্চা লাভ কৰিছিল। দুই দশকতকৈও অধিক কাল তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দি আহিছে।২কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছে। ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ অনিমা গুহ কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।১
চমু জীৱনী
জন্ম আৰু বংশ পৰিচয়
১৯৩২ চনৰ ২৬ মাৰ্চ তাৰিখে ধুবুৰী জিলাৰ সদৰ ধুবুৰীত অনিমা গুহৰ জন্ম হৈছিল। দেউতাক গিৰীন্দ্ৰ মোহন দাস আৰু মাতৃ নীহাৰিকা দাস। দেউতাক বিজনী ৰাজ এষ্টেটৰ খুঁটাঘাট পৰগণাৰ পৰিচালক আছিল। তেখেতে কটন কলেজৰপৰা বি এ পাছ কৰিছিল আৰু স্ত্ৰী শিক্ষাৰ উদ্যোক্তা আছিল। গিৰীন্দ্ৰ মোহন দাসৰ উদ্যোগতে প্ৰায় ১৯৩৮ চনত কোকৰাঝাৰত পোনপ্ৰথম ছোৱালী এল পি স্কুল স্থাপিত হয়। অনিমা গুহৰ ককাক গৌৰমোহনে কলিকতাৰপৰা এফ এ পাছ কৰি আহি মেচপাৰা এষ্টেটৰ দেৱান নিযুক্তি পাইছিল। মাকো সেইসময়ৰ এগৰাকী শিক্ষিত আৰু প্ৰগতিশীল মহিলা আছিল।২
শিক্ষা আৰু বৈবাহিক জীৱন
দেউতাকৰ উদ্যোগত স্থাপিত কোকৰাঝাৰ এল পি স্কুলতে অনিমা গুহৰ বিদ্যাৰম্ভ হয়। গৃহশিক্ষক আছিল কোকৰাঝাৰ ল'ৰাৰ হাইস্কুলৰ শিক্ষক দীননাথ দাস। তেখেতে ঘৰতে মেপ অঁকাৰপৰা গণিতলৈকে সকলোখিনি পঢ়াইছিল। দেউতাকে গীতাৰ শ্লোকবোৰ ঘৰতে মুখস্থ কৰাইছিল আৰু অৰ্থ ভাঙি দিছিল। মাক আৰু মামাকে শিকাইছিল ৰবীন্দ্ৰ সংগীত। শৈশৱতে আৱাহন, বাঁহীৰ লগতে দেউতাকে ঘৰত ৰখা বঙালী আনন্দ বাজাৰ পত্ৰিকা, যুগান্তৰছোৱালী, ইংৰাজী হিন্দুস্তান ষ্টেণ্ডাৰ্ড আদি পঢ়াৰ অভ্যাস হৈছিল।২ দেউতাকৰ ইচ্ছা আছিল ধুবুৰী ছোৱালী হাইস্কুলৰ হোষ্টেলত ৰাখি পঢ়াই-শুনাই ছোৱালীক শান্তি-নিকেতনলৈ পঠিয়াব। সেইসময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ জীৱিত আছিল। কিন্তু কোকৰাঝাৰ এল পি স্কুলৰপৰা এল পি পাছ কৰি, অষ্টম মানলৈকে কোকৰাঝাৰ ল'ৰাৰ হাইস্কুলত পঢ়ি অনিমা গুহই ১৯৪৭ চনত যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰপৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে। ১৯৪৯ চনত তেওঁ কটন কলেজৰপৰা প্ৰথম বিভাগত আই এছচি আৰু ১৯৫২ চনত উদ্ভিদ বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে।৩
১৯৬০ চনত বুৰঞ্জীবিদ ড॰ অমলেন্দু গুহৰ সৈতে অনিমা বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পাছত ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰপৰা তেওঁ নৃতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৩ আৰু বিশ্ববিদ্যালয়ে আগবঢ়োৱা Science Exhibition পুৰস্কাৰ লাভ কৰে।৪ ১৯৭৫ চনত পুণা বিশ্ববিদ্যালয়ৰপৰা বংশগতি বিষয়ত ডক্টৰেট পায়।৩ ১৯৭৫ ৰ পৰা ১৯৭৮ চনলৈ কলকাতাৰ Anthropological Survey of India ত পষ্ট ডক্টৰেল ফেল' হিচাপে কাম কৰে। ইয়াৰ পিছত Anthropological Survey of India আৰু কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত যথাক্ৰমে চি অছ আই আৰ ৰ পোল অফিচাৰ আৰু ইউ জি চি ৰ ৰিচাৰ্ছ এছচিয়েট হিচাপে নিযুক্তি লাভ কৰে।৪
কৰ্ম জীৱন আৰু সাহিত্যিক কৰ্ম্মাৱলী
অনিমা গুহই তেওঁৰ কৰ্ম-জীৱন আৰম্ভ কৰিছিল শিক্ষকতাৰে। ১৯৫২ চনৰপৰা ১৯৬০ চনলৈ তেওঁ অভয়াপুৰী বালিকা হাইস্কুল আৰু ধুবুৰী বালিকা হাইস্কুলত শিক্ষকতা কৰিছিল।৩অসমৰ নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনৰ তেওঁ এগৰাকী গুৰিধৰোঁতা। ২০০২ চনৰ ১৩ জুলাই তাৰিখে গুৱাহাটীৰ নেটৱৰ্ক ট্ৰেভেলছৰ আস্থানত বৰ্ণালী নামৰ শিশুটিৰ লগত যি অমানৱীয় কাৰ্য সংঘটন হয় তাৰ প্ৰতিবাদত গুৱাহাটীত পঁচপন্নটা নাৰী আৰু সমাজিক-সাংস্কৃতিক সংগঠন লগ-লাগি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ নামৰ এটি অৰাজনৈতিক অনুষ্ঠান গঠন হয়।৫ অনিমা গুহ এই সংঘৰ সভাপতি আছিল। তেওঁৰ কাৰ্যকালত সংঘৰ কাম-কাজ যথেষ্ট চৰ্চালৈ আহিছিল। গুহই নাৰীৰ হকে সদায় মাত মাতি আৰু কাম কৰি আহিছে।
কুৰি শতিকাৰ ষাঠি-সত্তৰ দশকৰপৰা গুহই লেখা-মেলা কৰিছে।৫ নব্বৈ দশকৰপৰা তেওঁ নিয়মীয়াকৈ লিখিছে। বিশেষকৈ নাৰী কেন্দ্ৰিক সমস্যা আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ লিখা-মেলা কৰি যথেষ্ট সমাদৰ পাইছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৭৮ চনত হোৱা নগাঁও অধিৱেশনলৈ তেওঁ বক্তা হিচাপে আমন্ত্ৰিত হৈছিল। ১৯৯৫ চনত বিশ্বনাথ অধিৱেশন আৰু ২০০০ চনত গোৱালপাৰাত অনুষ্ঠিত অধিৱেশনলৈও তেওঁ নিমন্ত্ৰিত হৈছিল। ৫ অনিমা গুহ অসমীয়া খবৰ কাকতৰ নিয়মীয়া স্তম্ভলেখক আছিল।৪ নাৰীকেন্দ্ৰিক লেখাৰ উপৰিও তেওঁ লিখা অন্যান্য কিতাপবোৰ হ'ল:-
- তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন (ভ্ৰমণ কাহিনী ),
- জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি ( আত্মজীৱনীৰ প্ৰথম খণ্ড ),
- বাকীছোৱা জীৱন ( আত্মজীৱনীৰ দ্বিতীয় খণ্ড ),
- তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ,
- এমুঠি অভিজ্ঞতা,
- মানুহ চিত্ৰশালাত,
- সোঁতৰ বিপৰীতে
- নীল আকাশৰ তলত
- বিপন্ন প্ৰজাতি আদি। ৬
অনুবাদ সাহিত্যলৈও গুহই অৱদান আগবঢ়াইছিল। স্বামী অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে তেওঁ চৈয়দ আব্দুল মালিকৰ উপন্যাস সূৰুজমুখীৰ স্বপ্ন বঙালী ভাষালৈ অনুবাদ কৰিছিল। তেওঁৰ অন্যান্য অনুবাদ কৰ্মসমূহ হৈছে৭-
- বাঙালীৰ ইতিহাস (বঙালীৰপৰা অসমীয়ালৈ)
- পূৰ্বাঞ্চল চফৰ (মূল:শ্ৰীপদ যোশী, মাৰাঠী)
- নিৰ্বাচিত কলম (মূল: তছলিমা নাছৰিন, বঙালী)
- পৰিণীতা (মূল: শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বঙালী)
মৃত্যু
২০২১ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ আৰ্য হস্পিটেলত আবেলি ৩ বাজি ২০ মিনিটত৬ অনিমা গুহই শেষ নিশ্বাস ত্যাগ কৰে।৮
তথ্যসূত্ৰ
- ↑ (28 April, 2004). Interpreter of feminine pain - PERSONALITY. The Telegraph Online
- ↑ অনিমা গুহ. (২০১২). আমাৰ শৈশৱ. অন্বেষা. পৃ. পৃষ্ঠা: ১০. ISBN ৮১-৮৯০০৩-৬০-৭
- ↑ পৰেশ মালাকাৰ, দুদুলমণি শৰ্মা. (২০১২). আমাৰ শৈশৱ. অন্বেষা. পৃ. পৃ: ২৪৮. ISBN ৮১-৮৯০০৩-৬০-৭
- ↑ ড০ অনিমা গুহ. (অক্টোবৰ, ২০০৮). সোঁতৰ বিপৰীতে. ড০ হেমন্ত কুমাৰ শৰ্মা, মঞ্জুলা
- ↑ ড° অনিমা গুহ. (২০১২). বাকীছোৱা জীৱন. বনফুল প্ৰকাশন. পৃ. ১৮৪-১৮৫. ISBN ৯৭৮-৯৩-৮১৭১০-০৯-৮
- ↑ (29 July 2021). Assam’s noted writer, social activist Dr Anima Guha passes away at 89. nenow.in/
- ↑ ষ্টাফ ৰিপৰ্টাৰ. (৩০ জুলাই, ২০২১). বিশিষ্ট সমাজসেৱিকা সাহিত্যিক অণিমা গুহৰ জীৱনাৱসান. অসমীয়া প্ৰতিদিন
- ↑ (২৯ জুলাই,২০২১). Assam: Eminent Writer Anima Guha Passes Away. প্ৰতিদিন TIME
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিমা গুহ” প্ৰবন্ধৰ সংশোধন ৫৬৯০৭০ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।