শুচিব্ৰতা ৰায়চৌধুৰী (Suchibrata Raichoudhury, ১ ছেপ্টেম্বৰ ১৯২৯ – ২ ডিচেম্বৰ ২০০৯)১ এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁ অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া। ইয়াৰ লগতে তেওঁ অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল।২ সুভিৰা জয়চৱালৰ ইংৰাজী গ্ৰন্থ 'অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ ৱৈষ্ণৱিজম'ৰ অসমীয়া অনুবাদ 'বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি আৰু বিকাশ'ৰ বাবে তেওঁ ২০০১ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল।৩৪
প্ৰাৰম্ভিক জীৱন
১৯২৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ পানবজাৰত শুচিব্ৰতা ৰায়চৌধুৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ স্বাধীনতা কৰ্মী আৰু কবি অম্বিকাগিৰী ৰায়চৌধুৰী আৰু মাতৃ কৌশল্যা দেৱী।৫ শুচিব্ৰতা চাৰিগৰাকী সন্তানৰ ভিতৰত জ্যেষ্ঠ সন্তান আছিল।৬
তেওঁ শৈশৱৰ পৰায়ে গীত, কাহিনী, কবিতা আৰু প্ৰৱন্ধ লিখিবলৈ আৰম্ভ কৰিছিল। পঞ্চম শ্ৰেণীত তেওঁ তেওঁৰ বন্ধু কমলা দাসৰ সৈতে তেওঁৰ প্ৰথম হাতেৰে লিখা আলোচনী 'বন্তি' প্ৰকাশ কৰিছিল।৬ মোহনদাস কৰমচান্দ গান্ধীৰ ওপৰত আলোচনীখনত তেওঁ "সন্ন্যাসী" শিৰোনামেৰে কবিতা এটা লিখিছিল। চতুৰ্থ শ্ৰেণীত থাকোঁতে তেওঁ বৰগীত গাবলৈ আৰম্ভ কৰিছিল।
শিক্ষা
তেওঁ গুৱাহাটীৰ পানবজাৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল। চতুৰ্থ শ্ৰেণীৰ পৰা তেওঁ পানবজাৰ গাৰ্লছ হাই স্কুলত নামভৰ্তি কৰে আৰু এই বিদ্যালয়ৰ পৰা ১৯৪৫ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। একে বছৰতে তেওঁ বিজ্ঞানৰ বাবে প্ৰতিভা দেৱী বঁটা আৰু নাৰায়ণী সন্দিকৈ বঁটাও লাভ কৰিছিল।৪
১৯৪৭ চনত তেওঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৯ চনত তেওঁ একেখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।৬ তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে নাটকো লিখিছিল।
কৰ্মজীৱন
তেওঁ ১৯৫১ চনত তাৰিণী চৰণ ছোৱালী বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল।৪ ১৯৫৩ চনত তেওঁ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ১৯৫৪ চনত তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে অসম প্ৰশাসনিক সেৱাত যোগদান কৰে। ১ ১৯৫৪ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু তাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তত নিযুক্তি বিভিন্ন পদবীত নিযুক্তি লাভ কৰিছিল।৭ ১৯৭০ চনত তেওঁ শ্বিলঙত অৱস্থিত পঞ্চায়ত বিভাগৰ উপ-সঞ্চালক পদত অধিষ্ঠিত হৈছিল। ১৯৭৩ চনত তেওঁ খাদি আৰু গ্ৰামোন্নয়ন ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৭৬ চনত গুৱাহাটী বিভাগৰ উপ-বিভাগীয় আয়ুক্ত। ১৯৭৭ চনৰ পৰা ১৯৮৩ চনলৈ তেওঁ ডিষ্ট্ৰিক গেজেটিয়াৰৰ সচিব আছিল ৮ লগতে আকৌ এবাৰ তেওঁক গুৱাহাটীৰ খাদি আৰু গ্ৰামোন্নয়ন ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৮৩ চনত তেওঁ শিক্ষা বিভাগৰ উপ সঞ্চালক আৰু ১৯৮৬ চনত সমাজ কল্যাণ বিভাগৰ সঞ্চালক পদত অধিষ্ঠিত হৈছিল। ১৯৮৯ চনৰ ৩১ আগষ্টত ৰাজহ বিভাগৰ বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে।১
তেওঁ গোটেই জীৱন দুখীয়া-নিছলা সকলৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। ইয়াৰ বাবে তেওঁ 'দীনবান্ধৱী' উপাধি লাভ কৰিছিল।৯১০
১৯৬৮ চনত গুৱাহাটীৰ নাৰেংগীত শুচিব্ৰতা ৰায়চৌধুৰীৰ উদ্যোগতে প্ৰতিষ্ঠা হয় অসমৰ প্ৰথমটো 'ৱৰ্কিং ৱʼমেন হোষ্টেল'। তেওঁৰ বিশেষ প্ৰয়াসতে গুৱাহাটীৰ পাথৰকুঁৱেৰীত প্ৰতিষ্ঠা হয় অসমৰ প্ৰথমখন বৃদ্ধাশ্ৰম 'আমাৰ ঘৰ'।
সাহিত্য কৰ্ম
শুচিব্ৰতাৰ সাহিত্যৰাজি সাধাৰণতে দেশপ্ৰেম আৰু সামাজিক ব্যাধিৰ বিষয়বস্তুৰ সৈতে সম্পৰ্কিত।১১ তেওঁৰ উল্লেখযোগ্য সাহিত্যকৰ্ম কিছুমান হৈছে:
নাটক
- 'কোন বাটে' - তেওঁ স্কুলত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথমখন নাটক অনুবাদ কৰা হৈছিল। নাটকখন পিছলৈ তেওঁৰ দেউতাকে প্ৰকাশ কৰিছিল। এই নাটখন ৰেডিঅ'ত পৰিবেশন কৰা হৈছিল। লগতে আৰ্য নাট্য সমাজ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পৰিবেশন কৰা হৈছিল।
- 'যুগৰ দাবী'
- 'গৰিমা'
- 'ত্ৰয়ী'
অনুবাদ
ৰায়চৌধুৰীয়ে বহুতো গ্ৰন্থ আৰু নাটক অসমীয়ালৈ অনুবাদ কৰিছিল।
- ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ অধীনত ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা এক ঐতিহাসিক জীৱনী 'গজনীৰ মাহমুদ'
- জন ষ্টেইনবেকৰ দ্বাৰা 'দা মুন ইছ ডাউন'ৰ অসমীয়া অনুবাদ 'বেলি লহিয়ালে'
- 'দা মুন এণ্ড ছিক্সপেন্স', চমাৰছেট মাউঘামৰ চুটি গল্পৰ সংকলন।
- ৰাজা ৰাওৰ 'দা চাৰপেণ্ট এণ্ড দা ৰোপ' (২০০৫)ৰ অনুবাদ সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰকাশিত 'জীৱনাতীত'
- এণ্টন চেখভৰ 'চেৰী অৰ্চাৰ্ড' (২০০৫)
- জে. বি. পুৰোহিতৰ 'ডেনজাৰ্ছ কৰ্ণাৰ'ৰ অসমীয়া অনুবাদ 'বিপদ সীমা' (১৯৯৪)
- অ' হেনৰীৰ চুটি গল্পৰ সংকলন (১৯৯৯)
- সুভিৰা জয়চৱালৰ 'অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ ৱৈষ্ণৱিজম'ৰ অসমীয়া অনুবাদ 'বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি আৰু বিকাশ' (১৯৯৯)
চুটি গল্প
- 'সপ্তপৰ্ণা' (১৯৬০)
- 'সোণালী পেৰা' (১৯৫৬)
- 'বুধিয়ক কোন' (১৯৯১-৯৮)
উপন্যাস
- 'সুন্দৰ দেশ' (১৯৬০)
- 'বাঁহ মাৰলী' (১৯৫৩-৫৪)
- 'কামনাৰ জুই জ্বলিল যেতিয়া' (১৯৫৪)
কবিতা আৰু গীতৰ সংকলন
- 'মাথোঁ কথা' (১৯৮৮)
- 'তুমি আৰু মই' (১৯৫০)
- হাহাকাৰৰ গান (১৯৯৫)
- 'সুহুৰি' (১৯৯৬)
- 'গুঞ্জন' (১৯৯৬)
- 'স্পন্দন'
অন্যান্য
- 'জীৱন প্ৰেমৰ আতন্দ্ৰ অনল'' (২০০০)
- অগ্নিপথ (২০১০) তেওঁৰ পিতৃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱনী
- 'আইন আৰু আদালত' (২০০৬)
- সাহিত্য মঞ্জৰী
- 'চেতনাৰ চিন্তা' (১৯৯৯), অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত চেতনা আলোচনীখনৰ সম্পাদকীয়ৰ সংকলন।৬
মৃত্যু
২০০৯ চনৰ ২ ডিচেম্বৰ তাৰিখে গুৱাহাটীত শুচিব্ৰতা ৰায়চৌধুৰীৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ (2 December 2009). Suchibrata Raichoudhury no more. The Sentinel (Guwahati)
- ↑ (2020-12-03). Your favorite newspapers and magazines.. PressReader.com
- ↑ .:: SAHITYA: Akademi Awards::.. .
- ↑ Profiles, Teresa Rehman. (2003-03-27). Breaking free from fetters- PERSONALITY. Telegraph India
- ↑ Baruah, Jyotshna; Adhikary, Gajendra. Ambikagiri Roy Chowdhury and the revolutionary movement in the Brahmaputra valley. Gauhati University Department of History
- ↑ Borah, Dr. Jayashree. Agnisnata. Aalibaat Publication
- ↑ (1 July 1968). All India Civil List. Published under the authority of the Government of India by the Associated Advertisers & Printers
- ↑ Assam (India). (1991). Assam District Gazetteers: Cachar district. Government of Assam
- ↑ Glowing tributes paid to Suchibrata Roychoudhury. The Assam Tribune Online
- ↑ Need for more old-age homes underlined. The Assam Tribune
- ↑ (1968). Contemporary Indian Literature: A Symposium. Sahitya Akademi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুচিব্ৰতা ৰায় চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৭৯ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।