অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
ত
ত অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ত'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ত' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
তিলোত্তমা মিশ্ৰ
ড° তিলোত্তমা মিশ্ৰ অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁৰ জন্ম হৈছিল ১৯৪৭ চনত, শ্বিলঙত। প্ৰাথমিক শিক্ষা শ্বিলঙতে গ্ৰহণ কৰা মিশ্ৰই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
-
তিলোত্তমা ৰায়চৌধুৰী
তিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।
-
তীৰ্থেশ্বৰ হাজৰিকা
তীৰ্থেশ্বৰ হাজৰিকা (Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯২১চনৰ ১৮ আগষ্টত তেওঁ মহাত্মা গান্ধীক লগ পাবলৈ উত্তৰ লক্ষীমপুৰৰ পৰা যোৰহাট জিলালৈকে বাইচাইকেল চলাই গৈছিল। অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে তিনিমাহ কাৰাবাস খাটিছিল আৰু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।
-
তুলতুল বৰুৱা
তুলতুল বৰুৱা (Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
-
তৃণমূল গণ পৰিষদ
তৃণমূল গণ পৰিষদ (Grassroot Peoples Association) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল।
-
তোলনি বিয়া
অসমীয়া সমাজত বহুল প্ৰচলিত এক লোক ৰীতি হৈছে তোলনি বিয়া। এগৰাকী কন্যা প্ৰথম ঋতুমতী হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে এই তোলনি বিয়া সম্পন্ন কৰা হয়। ঠাইভেদে তোলনি বিয়াক নোৱাই-তোলনি বিয়া, শান্তি বিয়া, চুৱা বিয়া, প্ৰথম বিয়া, মৌচুমী বিয়া আদি নামেৰেও জনা যায়।
-
তোষপ্ৰভা কলিতা
তোষপ্ৰভা কলিতা (Toshaprobha Kalita)সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত প্ৰগতিশীল লেখিকা। তেওঁ শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও তোষপ্ৰভা কলিতাক জনা যায়।
-
ত্ৰৈলোক্য ভট্টাচাৰ্য্য
ত্ৰৈলোক্য ভট্টাচাৰ্য্য বিংশ শতিকাৰ সত্তৰৰ দশকৰ অসমীয়া উপন্যাস সাহিত্যৰ এগৰাকী অন্যতম ঔপন্যাসিক। তেওঁৰ দুখন উপন্যাস হ'ল 'সাঁচিপাতৰ পুথি'(১৯৭৩) আৰু 'চৰাইদেও'(১৯৭৭)। দুয়োখনেই ঐতিহাসিক উপন্যাস। 'সাঁচিপাতৰ পুথি' উপন্যাসখন তিনিটা খণ্ডত ৰচিত।
-
তৎসম
তৎসম (तत्सम অৰ্থাৎ 'তাৰ সমান') হৈছে আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া, বঙালী, মাৰাঠী, ওড়িয়া, হিন্দী, গুজৰাটী, সিংহল আৰু দ্ৰাবিড় ভাষা পৰিয়ালৰ মালায়ালম, কানাড়া, তেলুগু আৰু তামিল ভাষাসমূহত ব্যৱহাৰ সংস্কৃত ভাষাৰ পৰা ঋণকৃত শব্দ।
-
থ
থ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'থ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'থ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
থানেশ্বৰ বড়ো
থানেশ্বৰ বড়ো (Thaneswar Boro; ১ নৱেম্বৰ ১৯৩৯- ১৭ মে’ ২০২৪) অসমৰ এজন ৰাজনীতিক আছিল। তেওঁ অসম গণ পৰিষদৰ এজন সদস্য আছিল আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ৮ম, ৯ম আৰু ১০ম অসম বিধানসভালৈ ক্ৰমাগতভাবে তিনিবাৰ বিধায়ক ৰূপে জয়ী হৈ আহিছিল।
-
দ
দ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৮ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'দ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'দ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
দক্ষিণ কামৰূপ মহাবিদ্যালয়
দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক)
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) (Dakshin Bijni College,Senior secondary) এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানখণ অসমৰ বাক্সা জিলাৰ আনন্দবজাৰ নামৰ ঠাইখন অৱস্থিত। ১৯৯১ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সংযুক্ত হৈ আছে।
-
দলগাঁও বিধানসভা সমষ্টি
দলগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dalgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
দশৰথ দাস
দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।
-
দহি (দৈ)
দৈ, মোছাৰু বা দাহি বা থাইৰ বা পেৰুগুও বা দৈ হৈছেপৰম্পৰাগত কিম্বন কৰা এবিধ গাখীৰৰ খাদ্যসামগ্ৰী। সমগ্ৰ ভাৰতীয় উপমহাদেশত ইয়াৰ উৎপত্তি আৰু ই সমগ্ৰ অঞ্চলটোতে জনপ্ৰিয়। ইয়াক সাধাৰণতে গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়।
-
দামোদৰ দাস
দামোদৰ দাস বৰপেটাৰ মানুহ আছিল। "শল্য-পৰ্ব"ত আত্মপৰিচয় প্ৰসঙ্গত এওঁ শঙ্কৰ, মাধৱ আৰু দামোদৰক উল্লেখ কৰিছে আৰু নিজ গুৰু ভাগৱত ভট্টচাৰ্যৰ (ভট্টদেৱৰ) চৰণত প্ৰণিপাত জনাইছেঃ নক্ষত্ৰ সহিতে পূৰ্ণিমাৰ চন্দ্ৰ, যেন গৈল অস্তাঙ্গত।
-
দাৰিয়া কোৰ্ট খেল
দাৰিয়া কোৰ্ট খেল বা দাৰিয়া বান্ধা খেল( Dariya Bandha khel) সাধাৰণতে অসমৰ গাঁও অঞ্চলত খেলা দেখা যায়। নামনি অসম আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামূলকভাৱে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়।
-
দিছপুৰ বিধানসভা সমষ্টি
দিছপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Dispur Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ই অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ দিছপুৰ অঞ্চলক সামৰি লৈ গঠিত হৈছে। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি ইয়াৰ সমষ্টি নম্বৰ হৈছে ৩৩ (পূৰ্বতে এই নম্বৰ ৫২ আছিল)।
-
দিলীপ চৌধুৰী
দিলীপ চৌধুৰী (Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।
-
দিশপুৰ মহাবিদ্যালয়
দিশপুৰ মহাবিদ্যালয় গুৱাহাটীৰ গণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত ৷
-
দীক্ষু শৰ্মা
দীক্ষু শৰ্মা এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া গীতৰ লগতে হিন্দী আৰু বঙালী গীততো কণ্ঠদান কৰিছে।
-
দীঘলনেজী
দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত…
-
দীপাংকৰ ভট্টাচাৰ্য
দীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে।
-
দুধনৈ বিধানসভা সমষ্টি
দুধনৈ বিধানসভা সমষ্টি (Dudhnai Assembly constituency) উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ ১২৬খন বিধানসভা আসনৰ ভিতৰত অন্যতম। ই ১৫ নম্বৰ বিধানসভা সমষ্টি হিচাপে চিহ্নিত। এই সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ই গোৱালপাৰা জিলাত অৱস্থিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
দুলীয়াজান মহাবিদ্যালয়
দুলীয়াজান মহাবিদ্যালয় (Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
দুৰ্গা বড়ো
দুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।
-
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। আধুনিক অসমীয়া নাটৰ বুৰঞ্জী গঢ়োতা সকলৰ ভিতৰত এজন। বিংশ শতিকাৰ শেষ দশকত যি সকলে অসমীয়া নাট ৰচনা কৰিবলৈ সংকল্প গ্ৰহণ কৰে তেওঁ তাৰে ভিতৰত অন্যতম।