দামোদৰ দাস বৰপেটাৰ মানুহ আছিল। "শল্য-পৰ্ব"ত আত্মপৰিচয় প্ৰসঙ্গত এওঁ শঙ্কৰ, মাধৱ আৰু দামোদৰক উল্লেখ কৰিছে আৰু নিজ গুৰু ভাগৱত ভট্টচাৰ্যৰ (ভট্টদেৱৰ) চৰণত প্ৰণিপাত জনাইছেঃ
নক্ষত্ৰ সহিতে পূৰ্ণিমাৰ চন্দ্ৰ, যেন গৈল অস্তাঙ্গত।
সহস্ৰ কিৰণ সমে দিনকৰ, উদিত পূৰ্ব দিশত॥
সেহিমতে ইটো দূৰ কৰি মহা অজ্ঞান নাম আন্ধাৰ।
হৈলন্ত বেকত শ্ৰীভাগৱত-ভট্টচাৰ্য নাম যাৰ।
তাহান চৰণ ৰেণু শিৰে ধৰি মহামুৰ্খ দামোদৰ।
পৰম গহন ভাৰতৰ পদ, কৰিলো শল্য পৰ্বৰ॥ (পদ ৯৭১)
ওপৰৰ বিৱৰণৰপৰা এওঁক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ কবি বুলি ধৰিব পাৰোঁ। মহাভাৰতৰ শল্য-পৰ্বৰ উপৰিও এওঁ দ্ৰোণ-পৰ্ব ৰচনা কৰিছিল। লেখকৰ বৰ্ণনাৰ শক্তিৰ পৰিচয় এই গ্ৰন্থ দুখনৰপৰা ভালধৰণে উপলব্ধি কৰিব পাৰি।১
তথ্যসূত্ৰ
- ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ১৭২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দামোদৰ দাস” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৪৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।