দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী ভাষা: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।১
ইতিহাস
১৯৬১ চনত দক্ষিণ কামৰূপ মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ২০০৫ চনত মহাবিদ্যালয়খন প্ৰাদেশীকৃত হয়।১
অৱস্থিতি
দক্ষিণ কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মাত্ৰ ৬ কিঃমিঃ পশ্চিমে অৱস্থিত মালিয়াটা পাহাৰৰ সমীপত মহাবিদ্যালয়খনৰ অৱস্থিতি।১
পাঠ্যক্ৰম
দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।১
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
- স্নাতক (কলা আৰু বিজ্ঞান)
- স্নাতকোত্তৰ (অসমীয়া)
- BMC
- B.VOC
বিভাগসমূহ
কলা:
- ইংৰাজী বিভাগ
- অসমীয়া বিভাগ
- শিক্ষা বিভাগ
- অৰ্থনীতি বিভাগ
- ইতিহাস বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- দৰ্শন বিভাগ
- ভূগোল বিভাগ
বিজ্ঞান:
- ৰসায়ণ বিজ্ঞান বিভাগ
- পদাৰ্থ বিজ্ঞান বিভাগ
- গণিত বিভাগ
- উদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2016). DK College, Prospectus: 2016-17
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ কামৰূপ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৫২৮২ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।