অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
দুৰ্গাময়ী বৰা
দুৰ্গাময়ী বৰা (Durgamoyee Bora) অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী। মূলতঃ শাস্ত্ৰীয় সংগীত, বৰগীত আৰু আধুনিক অসমীয়া সংগীত ধাৰাটোৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী দুৰ্গাময়ী বৰা অসমৰ অন্যতম জনপ্ৰিয় অনাতাঁৰ শিল্পী।
-
দেউতাৰ বিয়া
দেউতাৰ বিয়া (Deutar Biya) ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ।বি.কে.বি. ফিল্মছ্ এণ্ড ফ’কাচৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ কাহিনী, সংলাপ, চিত্ৰনাট্য, সংগীত, কলা নিৰ্দেশনা, পৰিচালনা আৰু প্ৰযোজনা দীপক ভূঞাৰ। মুখ্য ভূমিকাত আছে ৰাণা তামুলী, জয়ন্ত দাস আৰু হিৰণ্য ডেকা।
-
দেউৰী স্বায়ত্বশাসিত পৰিষদ
দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।
-
দেওধাই লিপি
দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।
-
দেওৰাজ হাঁহ
দেওৰাজ হাঁহ (Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
-
দেবানন্দ ভৰালি
দেবানন্দ ভৰালি (Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল।
-
দেৱজিৎ শইকীয়া
দেৱজিত শইকীয়া (Devajit Saikia) এগৰাকী ভাৰতীয় অধিবক্তা, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু ক্ৰিকেট প্ৰশাসক। দেৱজিৎ শইকীয়া বিচিচিআইৰ সম্পাদক। জয় শ্বাহৰ ঠাইত তেওঁ বিচিচিআইৰ নতুন সম্পাদক হিচাপে নিৰ্বাচিত হয়, আৰু জয় শ্বাহ আইচিচিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
-
দেৱানন্দ বৰুৱা
দেৱানন্দ বৰুৱা আছিল অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী হেমকোষ প্ৰিণ্টাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু হেমকোষৰ প্ৰকাশক আৰু বৰ্ধিত সংস্কৰণৰ সম্পাদক৷ তাৰোপৰি তেখেতে শিক্ষা বিভাগৰ প্ৰশাসনিক বিষয়া হিছাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
দৈকলা
দৈকলা(Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
দৈনন্দিন বাৰ্তা
দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ হয়।
-
দৈয়ন দিয়া
দৈয়ন দিয়া( Doiyan Diya) অসমীয়া সমাজৰ বিবাহৰ এক পালনীয় আচাৰ৷ দৰা কইনা দুয়োৰে ঘৰতে এই আচাৰ পালন কৰে৷ ই সম্পূৰ্ণ নাৰীকেন্দ্ৰিক লোকাচাৰ৷ অসমীয়া সমাজত বিয়া বিভিন্ন পৰ্বৰ মাজেৰে শেষ হয়৷ তাৰ ভিতৰৰে দৈয়ন দিয়াও এক পৰ্ব যদিও আজিকালি বহুতে এই পৰ্ব পালন নকৰাকৈ থকা দেখা যায়৷ দৈয়ন দিয়াৰ সময় কাহিলি…
-
দোতমা বিধানসভা সমষ্টি
দোতমা বিধানসভা সমষ্টি (Dotma Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংশ। সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।
-
দ্বিজেন গগৈ
দ্বিজেন গগৈ অসমৰ এজন লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা। বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ঢোল, পেঁপা আদি বাদ্যবযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা গগৈয়ে নিজৰ প্ৰচেষ্টাৰে এইপৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে তৈয়াৰ কৰি উলিয়াইছে।
-
দ্ৰোণ ভূঞা
দ্ৰোণ ভূঞা (Drona Bhuyan, জন্ম: ১ জানুৱাৰী ১৯৫৬) অসমৰ এগৰাকী ওজাপালি শিল্পী। তেওঁ বিশেষকৈ সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে জনাজাত। ২০২১ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰে।
-
দৰিকা নদী
দৰিকা নদী হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য নদী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।
-
ধ
ধ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ধ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ধ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ধন্দি দৌল
ধন্দি দৌল (ধন্দি ভগ্নাৱশেষ হিচাপেও খ্যাত) (Dhandi Ruins) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ধন্দিপথাৰ অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল। সাম্প্ৰতিক সময়ত দৌলৰ ভগ্নাৱশেষহে উপলব্ধ হোৱাৰ হেতু ই ধন্দি ভগ্নাৱশেষ হিচাপে স্বীকৃতপ্ৰাপ্ত।
-
ধলাই বিধানসভা সমষ্টি
ধলাই বিধানসভা সমষ্টি (ইংৰাজী: Dholai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
ধিং বিধানসভা সমষ্টি
ধিং বিধানসভা সমষ্টি (ইংৰাজী: Dhing Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
ধীৰেন্দ্ৰ নাথ দত্ত
ধীৰেন্দ্ৰ নাথ দত্ত (Dhirendra nath Dutta) (১৯১২- ১৯৭২) অসমৰ এজন প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি। কৃষক,বনুৱা আদি শ্ৰম জীৱী লোকৰ প্ৰতি সহানুভূতি তেওঁৰ কবিতাৰ ঘাই বৈশিষ্ট্য।
-
ধুনীয়া তিৰোতাবোৰ
ধুনীয়া তিৰোতাবোৰ (Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে।
-
ধুবুৰী-ফুলবাৰী দলং
ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং। ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি।
-
ধৃতিৰাজ
ধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।
-
ধৰ্ম কান্ত মিলি
ধৰ্ম কান্ত মিলি (ইংৰাজী: Dharma Kanta Mili) অসম লোকসেৱা আয়োগ (ACS)ৰ এগৰাকী জ্যেষ্ঠ তথা সুদক্ষ প্ৰশাসনিক বিষয়া, ক্ৰীড়াবিদ (ফুটবল খেলুৱৈ) আৰু অসমীয়া সুলেখক।
-
ন
ন অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ন'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ন' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় (Nakachaari Higher Secondary School) নকছাৰিত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৫ চনত স্থাপিত হৈছিল। ই নকছাৰিৰ দৰকিয়াল গাঁও,তিৰুৱাল গাঁও আৰু তিৰুৱাল চাহ বাগিছাৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত।
-
নকছাৰি মহাবিদ্যালয়
নকছাৰি মহাবিদ্যালয় (Nakachari College) যোৰহাট জিলা আৰু যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ নকছাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান।
-
নগাঁও ছোৱালী কলেজ
নগাঁও ছোৱালী কলেজ (Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
নগাঁও জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
নগাঁও জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই নগাঁও। নগাঁও জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। নগাঁও জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
নগাঁও–বটদ্ৰৱা বিধানসভা সমষ্টি
নগাঁও–বটদ্ৰৱা বিধানসভা সমষ্টি (ইংৰাজী: Nagaon–Batadraba Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।