দিলীপ চৌধুৰী (Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।
সংক্ষিপ্ত জীৱনী
১৯৪৪ চনৰ ১৭ অক্টোবৰত তেজপুৰ চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ দিপোটা অঞ্চলৰ এটি অতি সম্ভ্ৰান্ত মৌজাদাৰৰ ঘৰত তেখেতৰ জন্ম হয়। ১৯৫৯ চনত তেজপুৰ চৰকাৰী হায়াৰ চেকেণ্ডেৰী স্কুল পৰা মেট্ৰিক,১৯৬১ চনত গুৱাহাটী বি .বৰুৱা কলেজৰ পৰা আই.এছ আৰু ১৯৬৩ চনত দৰং কলজৰ পৰা বি.এ পাছ কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ এম. এ. শ্ৰেণীত এবছৰ মান পঢ়ি সামৰি চৌধুৰদেৱে কলেজ আৰু বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰে। ১৯৬৮ চনত 'এই পৃথিৱীৰ নাটঘৰ মই ভাৱৰীয়া' শীৰ্ষক গীতটি আকাশ বাণী গুৱাহাটী কেন্দ্ৰত গীত গাবলৈ লোৱা চৌধুৰী দেৱৰ বহু কেইটা স্মৰণীয় গীতৰ সুৰকাৰ তথা গায়ক। ১৯৮০ চনত তেওঁ সাংস্কৃতিক সঞ্চালকৰ অধীনৰ 'জ্যোতি-ভাৰতী'ত প্ৰযোজনা সহায়ক হিচাপে যোগদান কৰে।
২০০৬ চনৰ ২১ জানুৱাৰীত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৬৪০৮৭ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।