অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তুলতুল বৰুৱা

তুলতুল বৰুৱা (Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

তুলতুল বৰুৱা (Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী।১২ ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। বিশিষ্ট সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া আৰু লক্ষ্মীনন্দন বৰা তুলতুল বৰুৱাৰ সহপাঠী আছিল। সত্তৰৰ দশকৰ সংবাদ জগতৰ তেওঁ এটি পৰিচিত নাম আছিল। তেওঁ অসম লেখিকা সমাৰোহ, অসম নাগৰিক সমাজ, ইলোৰা বিজ্ঞান মঞ্চকে আদি কৰি বহুবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল আৰু সাহিত্যিক পেঞ্চন লাভ কৰিছিল।১

জন্ম আৰু শিক্ষা-দীক্ষা

১৯৩২ চনৰ ১৯ এপ্ৰিল তাৰিখে শিৱসাগৰত তুলতুল বৰুৱাৰ জন্ম হৈছিল।১২ গুৱাহাটীৰ প্ৰখ্যাত প্ৰতিষ্ঠান ভৰালী ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী ৰমানন্দ ভৰালী আছিল তুলতুল বৰুৱাৰ পিতৃ। তেওঁৰ তিনিজন ভাতৃ ক্ৰমে ড॰ প্ৰণৱ ভৰালী, উৎপল ভৰালী আৰু নয়ন ভৰালী। পঢ়া-শুনাত তেওঁ সৰুৰেপৰা বৰ চোকা আছিল। গুৱাহাটী পাণবজাৰ ছোৱালী হাইস্কুলৰপৰা ১৯৪৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ ছাত্ৰীসকলৰ ভিতৰত অসমত সৰ্ব্বোচ নম্বৰ লাভ কৰি উৰ্ত্তীণ হয়।২ ১৯৫২ চনত কটন বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।১২

আনুষ্ঠানিক পৰিচয়

১৯৪৮ চনত প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী হিচাপে আকাশবাণী গুৱাহাটীৰপৰা তুলতুল বৰুৱাই গীত পৰিৱেশন কৰিছিল।১ তেওঁৰ বৃত্তি আছিল সাংবাদিকতা। বৰুৱা সাপ্তাহিক নীলাচল কাকতৰ সহকাৰী সম্পাদক আছিল। সাদিনীয়া নাগৰিকআৰু কিশোৰতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৩ সাংবাদিক ৰূপে বহু সংখ্যক নিবন্ধ লিখি তেওঁ নাম কৰিছিল। তেওঁৰ দ্বাৰা সম্পাদিত ৰচনা সংকলন অসমৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰিছিল আৰু অসমৰ ভালেসংখ্যক সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল।১১৯৫৬ চনত তেওঁৰ বিয়াৰ পাছত তেওঁ ষোল্ল বছৰ মুম্বাইত আছিল আৰু ভাৰতীয় ফিল্ম ডিভিজনৰ সৈতে ঘনিষ্ঠ ভাৱে জড়িত আছিল।৩

মৃত্যু

২০২০ চনৰ ২১ ডিচেম্বৰ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰৰ নিজা বাসভৱনত তুলতুল বৰুৱাৰ মৃত্যু ঘটে। ইলোৰা বিজ্ঞান মঞ্চৰ জড়িয়তে মৰণোত্তৰ ভাৱে তেওঁ দেহদান কৰি থৈ গৈছে।১ তেওঁৰ মৃত্যুৰ বহু আগতেই তেওঁৰ স্বামী নৱ বৰুৱা আৰু দুই পুত্ৰ হিমন্ত আৰু সুদীপ্তৰ মৃত্যু হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ (২২ ডিচেম্বৰ, ২০২০). বিশিষ্ট সহিত্যিক সাংবাদিক-কণ্ঠশিল্পী তুলতুল বৰুৱাৰ বিয়োগ. অসমীয়া প্ৰতিদিন
  2. ↑ ষ্টাফ ৰিপৰ্টাৰ. (২২ ডিচেম্বৰ). সাহিত্যিক-সাংবাদিক তুলতুল বৰুৱাৰ দেহাৱসান. অসমীয়া খবৰ. পৃ. ১ আৰু ৬ পৃষ্ঠা
  3. ↑ December 22, 2020. Assam’s veteran journalist Tultul Barua dies in Guwahati at 88. News Live

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পীঅসমৰ সাংবাদিকঅসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলতুল বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৭২ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।