দুধনৈ বিধানসভা সমষ্টি (Dudhnai Assembly constituency) উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ ১২৬খন বিধানসভা আসনৰ ভিতৰত অন্যতম। ই ১৫ নম্বৰ বিধানসভা সমষ্টি হিচাপে চিহ্নিত। এই সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ই গোৱালপাৰা জিলাত অৱস্থিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী টাংকেশ্বৰ ৰাভা বিধায়ক হিচাপে নিৰ্বাচিত হয়।।১
বিধায়কসকলৰ তালিকা
তলত দুধনৈ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলৰ তালিকা উল্লেখ কৰা হ’ল:
| বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ১৯৬২ | হাকিম চন্দ্ৰ ৰাভা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৬৭ | শৰৎ চন্দ্ৰ ৰাভা | ভাৰতীয় কমুনিষ্ট পাৰ্টী |
| ১৯৭২ | আনন্দি বালা ৰাভা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭৮ | জগত চন্দ্ৰ পাটগিৰি | জনতা পাৰ্টী |
| ১৯৮৩ | জগত চন্দ্ৰ পাটগিৰি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৫ | অকণ চন্দ্ৰ ৰাভা | নিৰ্দলীয় |
| ১৯৯১ | জগত চন্দ্ৰ পাটগিৰি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯৬ | অকণ চন্দ্ৰ ৰাভা | অসম গণ পৰিষদ |
| ২০০১ | প্ৰণয় ৰাভা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | দেবেন দৈমাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১১ | শিৱচৰণ বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১৬ | দীপক ৰাভা | ভাৰতীয় জনতা পাৰ্টী |
| ২০২১ | যাদৱ স্বৰ্গীয়াৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০২৬ | টাংকেশ্বৰ ৰাভা | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুধনৈ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৪০৬ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।