
দৈ, মোছাৰু বা দাহি বা থাইৰ বা পেৰুগুও বা দৈ হৈছেপৰম্পৰাগত কিম্বন কৰা এবিধ গাখীৰৰ খাদ্যসামগ্ৰী। সমগ্ৰ ভাৰতীয় উপমহাদেশত ইয়াৰ উৎপত্তি আৰু ই সমগ্ৰ অঞ্চলটোতে জনপ্ৰিয়। ইয়াক সাধাৰণতে গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়। অৱশ্যে কেতিয়াবা দৈ ম'হৰ গাখীৰ বা ছাগলীৰ গাখীৰৰ পৰাও প্ৰস্তুত কৰা হয় ৷১ ভাৰতীয় ইংৰাজীত দহি শব্দটো ঘৰতে বনোৱা দৈক বুজাবলৈ ব্যৱহাৰ কৰা হয়।২৩৪
প্ৰস্তুতি
গাখীৰক বেক্টেৰিয়াৰ দ্বাৰা কিম্বন কৰি দহি বা দৈ তৈয়াৰ কৰা হয়। এই প্ৰজ্ৰিয়াত সাধাৰণতে বেক্টেৰিয়া নিজে আহে। বেলেগকৈযোগ কৰা নাযায়। অৱশ্যে কেতিয়াবা সোনকালে দৈ হ'য়বলৈ পুৰণি দৈ ন্তুন গাখীৰত মিলোৱা হয়। এই প্ৰক্ৰিয়াত গাখীৰত থকা লেক্ট'জ কেইবাটাও প্ৰ'বায়'টিক অণুজীৱৰ দ্বাৰা গাখীৰখিনি লেক্টিক এচিডলৈ ৰূপান্তৰিত হয়। কিম্বন প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰজাতিসমূহ পৰিৱেশৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ ভিতৰত লেক্ট'ককাছ লেক্টিছ, আদি প্ৰজাতিসমূহ অন্তৰ্ভুক্ত হ'ব পাৰে।
দৈ কেতিয়াবা গৰম গাখীৰত শুকান ৰঙা জলকীয়া (বা ইয়াৰ ঠাৰি) দি তৈয়াৰ কৰা হয়। গাখীৰ উতলাই তাৰ পিছত অলপ সময় ঠাণ্ডা হ’বলৈ দিয়া হয়। কুহুমীয়া হ’লে ইয়াত শুকান জলকীয়া বা ইয়াৰ ঠাৰি মিহলাই দিয়া হয়। ইয়াৰ কাৰণ হ’ল যে শুকান জলমীয়াত এক প্ৰকাৰৰ লেক্ট’বেচিলি থাকে, যি বেক্টেৰিয়াই গাখীৰ কিম্বন কৰি দৈ গঠন কৰাত সহায় কৰে। তাৰ পিছত পাত্ৰটো গৰম ঠাইত ৫ৰ পৰা ১০ ঘণ্টালৈকে নলৰোৱাকৈ ৰখা হয়।
প্ৰ্হথমচাম দৈ বনোৱাৰ পিছত পুনৰ গাখীৰ উতলাই ঠাণ্ডা কৰা হয়। এটা সুকীয়াপাত্ৰত দৈ মিহলাই, তাৰ পিছত নতুন গাখীৰৰ লগত একেলগে মিহলাই লোৱা হয়। তাৰ পিছত ইয়াক ৫ৰ পৰা ১০ ঘণ্টালৈকে অলপ টেঙা হোৱালৈকেব নলৰোৱাকৈথাকিনলৈ দিয়া হয়। তাৰ পিছত খোৱালৈকে ফ্ৰীজত ৰাখিব পাৰি।
এই পদ্ধতিৰে সৰিয়হ, নাৰিকল আদিৰ গাখীৰৰ পৰাও দৈ প্ৰস্তুত কৰিব পাৰি ৷ ৫
প্ৰকাৰ
ম'হৰ দৈ
ম'হৰ দৈ হৈছে পোহনীয়া পানী ম'হৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা পৰম্পৰাগত দৈ। সমগ্ৰ ভাৰতীয় উপমহাদেশতে ই জনপ্ৰিয় ৷ ইয়াক ঘৰত খাবলৈ আৰু বাণিজ্যিক ৰুপত দুইধৰযনে তৈয়াৰ কৰা হয়।।পৰম্পৰাগতভাৱে ম’হৰ গাখীৰক গৰুৰ গাখীৰতকৈ দৈ প্ৰস্তুতিৰ বাবে উৎকৃষ্ট বুলি গণ্য কৰা হয়। কিয়নো ইয়াত থকা অধিক চৰ্বিৰ পৰিমাণে দৈবোৰ অধিক গাঢ় কৰি তোলে।৬ ম'হৰ দৈ সাধাৰণতে মাটিৰ পাত্ৰ বা বাঁহৰ চুঙাত ৰখা হয়। অসমত ম'হৰ ঠমা (গাঢ়) দৈৰ সৈতে চিৰা আদিৰ জলপান অতিকে জনপ্ৰিয়।
গৰুতকৈ ম'হৰ গাখীৰত প্ৰটিন, চৰ্বি, লেক্ট'জ, খনিজ পদাৰ্থ আৰু ভিটামিন আদিৰ পৰিমাণ বেছি বুলি প্ৰমাণিত হৈছে। ইয়াৰ সোৱাদো বেছি।
ম’হৰ দৈ পৰম্পৰাগত আৰু বাণিজ্যিক দুয়োধৰণে প্ৰস্তুত কৰিব পাৰি। পৰম্পৰাগতভাৱে ম’হৰ গাখীৰ চেকি উতলাই, সৰ আঁতৰাই ইয়াল কোঠাৰ উষ্ণতালৈ অনা হয়। পুৰণি দৈৰ কেইচামুউচমান দি তাৰ পিছত ভালদৰে মিহলাই মাটিৰ পাত্ৰত ওপৰত কাগজ এটুকুৰা মেৰিয়াই ১২ ঘণ্টা দৈ হ'বলৈ ৰখা হয়।৭
গৰুৰ দৈ
গৰুৰ দৈৰ প্ৰস্তুত প্ৰণালীও ম'হৰ দৈৰ দৰেই। কেৱল ই ম'হৰ দৈৰ সমান গাঢ় আৰু চৰ্বিযুক্ত নহয়।
অসমত দৈৰ ব্যৱহাৰ

অসমত দৈৰ এক সুকীয়া স্থান আছে। অসমীয়া লোকে পুৱাৰ জলপান বা বিহুৰ খাদ্য যেনে চিৰা, সান্দহ, আখৈ, হুৰুম,মুড়ি আদি দৈৰে খাবলৈ পছন্কৰে। ইয়াৰ লগতে শ্ৰাদ্ধ আদিত দিয়া জলপানৰ সৈতে দৈ এক অন্যতম উপাদান। কেতিয়াবা ঘৰত প্ৰস্তুত কৰা দৈ গুড় মিহলাই বা এনেয়ে খোৱা হয়। অসমত সততে টেকেলি বা বাঁহৰ চুঙাত গাখীৰ দৈ হ'বলৈ ৰখা হয়। শিৱসাগৰৰ জাঁজীমুখ, বৰপেটাৰ সৰভোগ আদি অঞ্চল উৎকৃষ্ট দৈৰ বাবে বিখ্যাত।
দৈৰ ব্যঞ্জন

দহি বা দৈ সমগ্ৰ ভাৰতীয় উপমহাদেশৰ দৈনন্দিন খাদ্যাভ্যাসৰ গুৰুত্বপূৰ্ণ অংগ। ভজা বা সিজোৱা খাদ্য আৰু ফাষ্ট ফুড দুয়োটাতে দৈৰ ব্যৱহাৰ কৰস হয়। মাংস্ব আদি ৰান্ধোঁতেও দৈৰ ব্যৱহাৰ হয়।
লাহে লাহে ৰন্ধা খাদ্য
- দৈ চাউল
- দহি কাধি
- দৈ মাচ –
- দহি বইগন- দৈৰ সৈতে বেঙেনা
- কাধি বাৰী - তৰকাৰী ৷
- পেৰুগু পাচাদি
- থেপ্লা – সাধাৰণ দৈ
ওপৰত এটা ঘূৰণীয়া]]
ফাষ্ট ফুড
- দহি ৱাদা / দহি ভল্লা ৮ – দৈত তিয়াই থোৱা বদ
- দহি চিউৰা – চিউৰা, চেনি আৰু/বা বতৰৰ ফলৰ সৈতে মিহলি কৰা দৈ,
- লাচী – পানী আৰু মিঠা মিহলি কৰা দৈ,ল
- চাস / বৰহানি - দৈ পানী আৰু সাগৰীয় নিমখ, ক'লা নিমখ বা হিমালয়ৰ নিমখৰ সৈতে মিহলি কৰা
- বৰহানি - ধনীয়া আৰু পদিনা মিহলি কৰা দৈ, বাংলাদেশী পানীয়
- পাপৰি চাত
- দহি পুৰী – পানীপুৰীৰ এটা ভিন্নতা,
- দহি ভেলপুৰী – ভেলপুৰীৰ এটা ভিন্নতা
- আলু টিকি – সাধাৰণ দৈ আলু টিকিৰ বাবে এটা পাৰ্শ্ব খাদ্য
- আলু পৰঠা – সাধাৰণ দৈ আলু পৰঠাৰ বাবে এক পাৰ্শ্ব খাদ্য
- মিষ্টি দৈ – গাখীৰত মিঠা দি কিম্বন কৰা দৈ
- ৰাইতা – বিৰিয়ানীৰ বাবে পাৰ্শ্ব খাদ্য
- চুকাউনি – মছলাৰ সৈতে দৈ আৰু আলুৰে তৈয়াৰী খাদ্য
লগতে চাওক
- দৈ চাউল
- দাদিয়া
- ধৌ
তথ্যসূত্ৰ
- ↑ Caballero; Finglas, P.; Toldra, F. (2015). Encyclopedia of Food and Health. Elsevier Science. পৃ. 345–351. ISBN 978-0-12-384953-3
- ↑ The curious case of the Indian curd -হিন্দুস্তান টাইমছ
- ↑ Making yogurt -blog
- ↑ Codex Alimentarius Yogurt rules, FAO
- ↑ (August 23, 2008). The secret of making soy yogurt without store bought culture
- ↑ Kristbergsson; Oliveira, Jorge. Traditional Foods: General and Consumer Aspects
- ↑ (2008-10-18). Curd and Treacle. Lanka Newspapers
- ↑ Vohra. (2012). New Modern Cookery Book. V&S Publishers. পৃ. 104. ISBN 978-93-5057-278-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দহি (দৈ)” প্ৰবন্ধৰ সংশোধন ৪৫১৭৬৫ (৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।