অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপাংকৰ ভট্টাচাৰ্য

দীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে।

হালনাগাদ: ৯ আগষ্ট ২০২৪ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ।১ তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিবাৰকৈ বিজয়ী আৰু দুবাৰ ৰাণাৰ-আপ হৈছিল। তদুপৰি বাৰ্চিলোনা অলিম্পিকত দীপাংকৰ ভট্টাচাৰ্যই বিশ্বৰ ভিতৰতে অষ্টম স্থান পাবলৈ সক্ষম হৈছিল।

ব্যক্তিগত জীৱন

দীপংকৰ ভট্টাচাৰ্যৰ জন্ম হয় অসমৰ গুৱাহাটীত ১৯৭২ চনৰ ১ ফেব্ৰুৱাৰীত। দীপংকৰ ভট্টাচাৰ্যই পিতৃ ইশ্বৰ ভট্টাচাৰ্যৰ তত্ত্বাবধানত দুবছৰ বয়সৰ পৰাই বেডমিণ্টন খেলাৰ প্ৰশিক্ষণ লাভ কৰে। দীপংকৰ হৈছে ভাৰতৰ আগশাৰীৰ ব্যৱস্থাপনা শিক্ষানুষ্ঠান এছ পি জৈন ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ ৰ এজন এম বি এ গ্ৰেজুয়েট আৰু বৰ্তমান তেওঁ মুম্বাইত অইল ইণ্ডিয়া কৰ্পৰেচনত কৰ্মৰত এগৰাকী বিষয়া। তেখেতে ২০০১ চনত কলিকতাৰ ডাহিলা বেনাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০০৪ চনত তেওঁ পেছাদাৰী বেডমিণ্টন খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে।

খেলুৱৈ জীৱন

১৯৮০ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰানাৰৰ্চ-আপ সন্মান লাভ কৰে। ১৯৮৭ চনত চেন্নাইৰ জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ বিজয়ী হয়। পৰৱৰ্ত্তী কালত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিবাৰকৈ বিজয়ী আৰু দুবাৰ ৰানাৰ-আপ হ'বলৈ সক্ষম হৈছিল। বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত দিপাংকৰ ভট্টাচাৰ্যই ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। তদুপৰি বাৰ্চিলোনা অলিম্পিকত তেওঁ বিশ্বৰ ভিতৰতে অষ্টম স্থান পাবলৈ সক্ষম হৈছিল।

২০০৪ চনত তেওঁ গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰি অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁ বেডমিণ্টন প্ৰশিক্ষণৰ এক কেন্দ্ৰ (Iswarati Center for Badminton Learning)-ৰ সৈতে জড়িত হৈ আছে।

কৃতিত্ব

  • চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, গুৱাহাটী, ১৯৮০:ৰানাৰ-আপ
  • জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, চেন্নাই, ১৯৮৭:বিজয়ী
  • ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ:তিনিবাৰকৈ বিজয়ী
  • ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ:দুবাৰ ৰানাৰ-আপ
  • বাৰ্চিলোনা (১৯৯২) আৰু আটলাণ্টা (১৯৯৬) অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব

তথ্যসূত্ৰ

  1. ↑ Deepankar Bhattacharya Biographical information

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ বেডমিণ্টন খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপাংকৰ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৪২৮৩৩৫ (৯ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।