অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ত্ৰৈলোক্য ভট্টাচাৰ্য্য

ত্ৰৈলোক্য ভট্টাচাৰ্য্য বিংশ শতিকাৰ সত্তৰৰ দশকৰ অসমীয়া উপন্যাস সাহিত্যৰ এগৰাকী অন্যতম ঔপন্যাসিক। তেওঁৰ দুখন উপন্যাস হ'ল 'সাঁচিপাতৰ পুথি'(১৯৭৩) আৰু 'চৰাইদেও'(১৯৭৭)। দুয়োখনেই ঐতিহাসিক উপন্যাস। 'সাঁচিপাতৰ পুথি' উপন্যাসখন তিনিটা খণ্ডত ৰচিত।

হালনাগাদ: ১ ডিচেম্বৰ ২০২২ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ত্ৰৈলোক্য ভট্টাচাৰ্য্য বিংশ শতিকাৰ সত্তৰৰ দশকৰ অসমীয়া উপন্যাস সাহিত্যৰ এগৰাকী অন্যতম ঔপন্যাসিক। তেওঁৰ দুখন উপন্যাস হ'ল 'সাঁচিপাতৰ পুথি'(১৯৭৩) আৰু 'চৰাইদেও'(১৯৭৭)। দুয়োখনেই ঐতিহাসিক উপন্যাস। 'সাঁচিপাতৰ পুথি' উপন্যাসখন তিনিটা খণ্ডত ৰচিত। প্ৰথম খণ্ডত আছে ব্ৰিটিছ কালীন সময়ত অসমলৈ মিছনেৰী সকলৰ আগমন, মৃতপ্ৰায় অসমীয়া ভাষাৰ পুনৰুজ্জীৱন আৰু উৎকৰ্ষ সাধনৰ বাবে কৰা তেওঁলোকৰ প্ৰচেষ্টা। দ্বিতীয় খণ্ডত আছে মিছনেৰী সকলৰ অৰুণোদই আলোচনী প্ৰকাশ আৰু লগে লগে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে স্থানীয় বুদ্ধিজীৱীৰ আৱিৰ্ভাব আৰু ভূমিকা। তৃতীয় খণ্ডত আছে মিছনেৰী সকলৰ অসমীয়া ভাষাৰ প্ৰতি আগবঢ়োৱা সেৱাই স্থানীয় লোকক অনুপ্ৰাণিত কৰাৰ সময়তে ব্ৰিটিছৰ অসমীয়া ভাষা বিৰোধী কাৰ্যই অসমীয়া ৰাইজক ব্ৰিটিছৰ প্ৰতি অসন্তুষ্ট কৰাৰ ইতিহাস। ইয়াৰ পৰিণতিত চিপাহী বিদ্ৰোহ যে হ'ল তাৰো আভাস উপন্যাস খনে দিছে। 'চৰাইদেও' উপন্যাসখন আহোম ৰজাৰ দিনত মিৰজুমলাৰ অসম আক্ৰমণৰ পটভূমিত ৰচনা কৰিছে।

ভট্টাচাৰ্য্যৰ আন এখন উপন্যাস হৈছে উত্তৰাকাণ্ড। ‘সাঁচিপাতৰ পুথি’ আৰু ‘উত্তৰাকাণ্ড’ সাহিত্য প্ৰকাশে প্ৰকাশ কৰিছে।১২

তথ্যসূত্ৰ

  1. ↑ ত্ৰৈলোক্য ভট্টাচাৰ্য. (১৯৮৭). উত্তৰাকাণ্ড. সাহিত্য প্ৰকাশ
  2. ↑ ত্ৰৈলোক্য ভট্টাচাৰ্য্য. (১৯৭৩). সাঁচিপাতৰ পুথি. সাহিত্য প্ৰকাশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰৈলোক্য ভট্টাচাৰ্য্য” প্ৰবন্ধৰ সংশোধন ৩৩৯২৯০ (১ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।