অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দশৰথ দাস

দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমৰ চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।১

জীৱনী

১৯৪২ চনৰ ১৯ নবেম্বৰত তেতিয়াৰ কামৰূপ জিলা আৰু বৰ্তমানৰ বাক্সা জিলাৰ অন্তৰ্গত আমগুৰি আংগুলিয়াত জন্মগ্ৰহণ কৰে।১৯৬৬ চনত তেওঁ অচ্যুত লহকৰ প্ৰযোজিত নটৰাজ থিয়েটাৰত কণ্ঠশিল্পী আৰু বাদক হিচাপে যোগদান কৰে। সংগীত পৰিচালক হিচাপে কাম কৰা তেওঁৰ প্ৰথম থিয়েটাৰ হ’ল কহিনুৰ থিয়েটাৰ। তেওঁ সুদীৰ্ঘ সময় জুৰি পূৰ্বজ্যোতি, মঞ্চৰূপা, আবাহন, শংকৰদেৱ, অনুৰাগ. অলকানন্দা, চিত্ৰলেখা, শ্ৰদ্ধাঞ্জলী, অসম ষ্টাৰ, অপৰূপা, বৰ্ণালী আদি বহু কেইখন বহু থিয়েটাৰত সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে জড়িত হৈ আছিল। তেওঁ কিছুদিন শিক্ষকতাও কৰিছিল।১

তেওঁ দুখন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল- সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰি বন।১ সেন্দূৰৰ তেওঁ দুটা গীত লিখাৰ উপৰিও কণ্ঠদানো কৰিছিল।২

২০২৩ চনৰ ২১ অক্টোবৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৮১ বছৰ বয়সত দীৰ্ঘদিন ধৰি ভূগি থকা হৃদৰোগত তেওঁৰ মৃত্যু হয়।১

স্বীকৃতি

সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁলৈ অলেখ বঁটা-বাহন আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত আছে অসম চৰকাৰে প্ৰদান কৰা ব্ৰজনাথ শৰ্মা স্মাৰক শিল্পী বঁটা আৰু শিল্পী পেনচন, আবাহন থিয়েটাৰে প্ৰদান কৰা ড॰ ভবেন্দ্ৰনাথ শইকীয়া বঁটা, মুনলাইট মিডিয়া বঁটা আদি।১

তথ্যসূত্ৰ

  1. ↑ ব্ৰজনাথ শৰ্মা বঁটাপ্ৰাপক বিশিষ্ট সংগীত পৰিচালক দশৰথ দাসৰ বিয়োগ. niyomiyabarta.com
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 423

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমৰ সঙ্গীত পৰিচালকঅসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দশৰথ দাস” প্ৰবন্ধৰ সংশোধন ৪৫৪০৬৫ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।