অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
চৰিত তোলা
চৰিত তোলা ( Charit Tola) অসমৰ কোনো কোনো সত্ৰত প্ৰচলিত মহাপুৰুষীয়া নাম-ধৰ্মৰ এক আধ্যাত্মিক প্ৰথা৷ এই প্ৰথাত শংকৰদেৱ-মাধবদেৱ আৰু আন আন আতা-আতৈ-সন্ত-মহন্তসকলৰ জীৱনী কথাৰ মাজেৰে স্মৰণ কৰা হয়৷ “কোনো কোনো সম্প্ৰদায়ৰ মূল গুৰুৰ তিৰোধানৰ অন্তত সেই সম্প্ৰদায়ৰ নৱ-নিয়োজিত গুৰুৱে প্ৰাত্যহিক কৃত্য সম্পন্ন…
-
ছ
ছ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ছ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ছ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ছমৰীয়া বিধানসভা সমষ্টি
ছমৰীয়া বিধানসভা সমষ্টি (Chamaria Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটো কামৰূপ জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ (Scheduled Tribe status to six ethnic groups) অসমৰ ছয়টা জনগোষ্ঠী (টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু অসমৰ চাহ জনগোষ্ঠীৰ) জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে দীৰ্ঘদিন ধৰি চলা এটা প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়া অসম বিধান সভাত প্ৰস্তাৱিত হৈছে আৰু উপত্যকাৰ জনজাতি নামৰ এটা…
-
ছাংলট ফেন্লা
ছাংলট ফেন্লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।
-
ছিপাঝাৰ বিধানসভা সমষ্টি
ছিপাঝাৰ বিধানসভা সমষ্টি (ইংৰাজী: Sipajhar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
জ
জ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
জছনাৰ ঝিটাছ
জছনাৰ ঝিটাছ ( Josnar Jhitas) হৈছে অসমীয়া সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন চাহ জনগোষ্ঠীয় মহিলা দুৰ্গী ভূমিজৰ জীৱনৰ ওপৰত আধাৰিত। দুৰ্গী ভূমিজ এটি সঁচা চৰিত্ৰ।
-
জন্মযাত্ৰা (নাট)
জন্মযাত্ৰা নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। জন্মযাত্ৰাখনিৰ ভাওনা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত সত্ৰ আৰু সংহতি নিৰ্বিশেষে সকলোতে কৰা হয়। জন্মযাত্ৰাৰ উপসংহাৰ স্বৰূপ নন্দোৎসৱ বা পচতি (বোকা ভাওনা) উৎসৱো প্ৰায় সকলো সত্ৰতে পাতে। নাটখনৰ মাজেৰে কৃষ্ণৰ জন্মৰ কাহিনী প্ৰকাশ পাইছে।
-
জয়ন্ত বৰুৱা
উত্তৰ-পূবৰ সংবাদ ক্ষেত্ৰৰে জড়িত এক উল্লেখযোগ্য নাম জয়ন্ত বৰুৱা। ছপা মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম, সাপ্তাহিক কাকত, সাহিত্য আলোচনী, নাৰী বিষয়ক আলোচনীৰ পৰা আৰম্ভ কৰি অসমৰ বাতৰি কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণৰ লৈকে এটা সংবাদ গোষ্ঠীয়ে নিষ্ঠা আৰু দায়িত্বসহকাৰে সম্ভৱ কৰি তুলিছে কেৱল এই গৰাকী বিশেষ…
-
জয়ন্ত মাধৱ
জয়ন্ত মাধৱ অসমৰ এগৰাকী অৰ্থনীতিবিদ। তেখেতে ২০০৩ চনৰপৰা ২০০৯চনলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰামৰ্শদাতা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে উত্তৰ পূৱ বিত্তীয় উন্নয়ন নিগম চমুকৈ নেডফি প্ৰতিষ্ঠাত ঘাই ভূমিকা লৈছিল। লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা তেখেতে ডক্টৰেট লাভ কৰিছিল।
-
জয়ন্ত মাধৱ বৰা
জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত।
-
জহৰুল হক
ড॰ জহৰুল হক( ১১ অক্টোবৰ ১৯২৬ – ১৮ জানুৱাৰী ২০১৭) এগৰাকী বিখ্যাত ইছলামিক বিদ্বান। তেওঁ অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত পৱিত্ৰ কোৰআনৰ অনুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে পৱিত্ৰ কোৰানক ভাঙনি কৰিছিল। এজন জনস্বাস্থ্য বিষয়া হিচাপে তেওঁ জীৱনৰ শেষৰফালে ওমানত বাস কৰিছিল।
-
জাঁইফল
জাঁইফল (nutmeg; বৈজ্ঞানিক নাম: Myristica Fragrans; শ্ৰেণী: Myristicaceae) হৈছে এবিধ সুগন্ধি মছলা। জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে।
-
জাগীৰোড বিধানসভা সমষ্টি
জাগীৰোড বিধানসভা সমষ্টি (ইংৰাজী: Jagiroad Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
জানমণি (২০১১ চলচ্চিত্ৰ)
জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ হাজৰিকা ইত্যাদি।
-
জাল কটা জুই
জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন। ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটাআৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
জিঞাখাটী
জিঞাখাটী (Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷
-
জিতুমণি কলিতা
জিতুমণি কলিতা (Jeetumoni Kalita, জন্ম: ২৮ আগষ্ট, ১৯৯৯) হৈছে অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল। পুৰস্কাৰ হিচাপে জিতুমণিয়ে তিনি লাখ টকা নগদ ধন পোৱাৰ লগতে এটা ট্ৰফী লাভ কৰিছিল।
-
জিলমিল
জিলমিল (বৈজ্ঞানিক নাম: Chenopodium album) অমৰান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। এই একবৰ্ষজীৱী উদ্ভিদবিধ দ্ৰুত গতিত বৃদ্ধি পায়। বিশ্বৰ বহু অঞ্চলত এই উদ্ভিদৰ খেতি কৰা হয় যদিও কিছুমান ঠাইত এই উদ্ভিদক অপতৃণ বুলি গণ্য কৰা হয়।
-
জিৰি নদী
জিৰি নদী ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ অন্যতম বৃহৎ নৈ বৰাক নদীৰ এখন উপনৈ। এই নদীখনৰ উৎপত্তি ডিমা হাচাও জিলাৰ বড়ো নিংগলো অঞ্চলৰ পৰা হৈছে। জিৰি নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা হিচাপে কাম কৰে আৰু জিৰিমুখত বৰাক নদীৰ সৈতে মিলি যায়। (জিৰি-মুখ য'ত মুখৰ অৰ্থ অসমীয়া ভাষাত মুখমণ্ডলক বুজাইছে)।
-
জীৱনৰ বাটত
জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা। বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷
-
জীৱেশ্বৰ বৰুৱা
জীৱেশ্বৰ বৰুৱা (১৯০৬–১৯৬৪) এগৰাকী অসমীয়া শিল্পী৷ তেওঁ অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Art and Crafts) স্থাপন কৰিছিল৷
-
জুমণি নেওগ
জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে।
-
জুৰী বৰা বৰগোহাঞি
জুৰী বৰা বৰগোহাঞি (Juri Borah Borgohain; জন্ম:১৯৭৮ - ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেখেতৰ জন্ম অসমৰ মাজুলী জিলাত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যম আৰু শিক্ষাদানৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে বৰ্তমান স্বাধীনভাৱে সাহিত্য ৰচনা কৰি আছে।
-
জেহিৰুল হুছেইন
জেহিৰুল হুছেইন ( Jehirul Hussain, ১৯৪০-২০০৫) অসমৰ এগৰাকী সাহিত্যিক। গল্পকাৰৰূপে তেখেতৰ এক বিশেষ পৰিচিতি আছে। তেখেতে ভালেসংখ্যক কবিতাও লিখিছে। শুভাকাংক্ষীৰ মাজত জেহিৰুল হুছেইন নাইচ কা/ নাইচ ছাৰ নামে জনপ্ৰিয় আছিল।
-
জোনাক (দূৰদৰ্শন কেন্দ্ৰ)
জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী চেনেল হ'ল ডিৱাই ৩৬৫।
-
জোনাকী ছবিঘৰ
জোনাকী ছবিঘৰ (Jonaki Cinema Hall) হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ। ১৯৩৭ চনত প্ৰতিষ্ঠিত এই ছবিঘৰটি জ্যোতিপ্ৰসাদৰ ঘাইঘৰ পকীৰ পিছচোতালৰ হাবি-বন মুকলি কৰি তৈয়াৰ কৰা হৈছিল।
-
জোৱলা বৰা
জোৱলা বৰা (Jwala Bora) হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ৷ গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷
-
জ্ঞান-মালিনী
জ্ঞান-মালিনী অসমীয়া কবিতাৰ পুথি৷ পুথিখনৰ লেখক মফিজুদ্দিন আহমদ হাজৰিকা৷ প্ৰথম প্ৰকাশ হয় ১৮৯৬ চনৰ মে’ মাহত৷ মফিজুদ্দিন আহমদ হাজৰিকাৰ এই জনপ্ৰিয় কবিতা পুথিখনৰ বাবেই তেওঁক জ্ঞান-মালিনীৰ কবি হিচাপেও জনাজাত।