অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
ৰাতি সেৱা
ৰাতি সেৱা বা ভিতৰপকীয়া (পকা) অনুষ্ঠান হৈছে আহোম সমাজত কেৱলীয়া পন্থা বা ভিতৰসেৱা মানি চলা এক তান্ত্ৰিক বৌদ্ধ-বৈষ্ণৱ আৰু হিন্দু মতৰ সময়ত গঢ়ি উঠা এক ধৰ্মীয় কৃষ্টি। এনে ভিতৰপকীয়া সদৃশ-বৈষ্ণৱ তথা তান্ত্ৰিক সেৱা আহোম সকলৰ লগতে, পৰম্পৰাগত ভাৱে উজনি অসমৰ অন্যান্য সম্প্ৰদায়সমূহৰ মাজতো প্ৰচলিত।
-
ৰাধা আৰু ৰুক্মিণী
ৰাধা আৰু ৰুক্মিণী( Radha and Rukmini) আহোম ৰাজত্বকালত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ দুই মহিলা ৰণুৱা৷ এওঁলোক দুয়ো মৰাণ সেনাপতিৰ পত্নী আছিল৷এই দুই নাৰীক লৈ ৰজনীকান্ত বৰদলৈয়ে “অসম হিতৈষী’’ নামৰ কাকতত “ৰাধা-ৰুক্মিণীৰ ৰণ’’ নামৰ এখন উপন্যাস ৰচনা কৰিছিল৷ আন এখন অসমীয়া উপন্যাস দণ্ডিনাথ কলিতাৰ “গণবিপ্লৱ’’তো…
-
ৰাধা বিনোদ বৰ্মন
ড০ ৰাধা বিনোদ বৰ্মন (Dr Radha Binod Barman) হৈছে অসম, ভাৰতৰ এগৰাকী পৰিসংখ্যাবিদ৷ তেখেতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত উপ-অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ হিচাপেও কৰ্ম-নিৰ্বাহ কৰিছিল৷ চৰকাৰী পৰিসংখ্যা শিতানলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ বৰ্মনলৈ ২০২১ চনৰ অধ্যাপক পি চি…
-
ৰাধিকা শান্তি
ৰাধিকা শান্তি( Radhika Santi) শংকৰদেৱৰ সময়ৰ এগৰাকী কৈৱৰ্তকূলীয়া সতী নাৰী আছিল৷ তেওঁ টেম্বুৱানী জানৰ পৰা বৰদোৱালৈ পানী সোমোৱা জানটোত ভেটা দি শান্তিকন্যা বুলি জনাজাত হৈছিল৷ পিছত শংকৰদেৱে তেওঁৰ বাসস্থানৰ ওচৰতে ৰাধিকা শান্তিক ঘৰ-দুৱাৰ সজাই থাকিবলৈ দিছিল৷ ৰাধিকা শান্তিৰ জন্ম হৈছিল ১৪৫৬ চনৰ ব’হাগ মাহৰ…
-
ৰাধেশ্যাম বিশ্বাস
ৰাধেশ্যাম বিশ্বাস ভাৰতীয় ৰাজনীতিবিদ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।তেওঁ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।
-
ৰামখাপীঠ দেওশাল
ৰামখাপীঠ দেৱালয় বা দেওশাল শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়াস্থিত এখন প্ৰাচীন ক্ষেত্ৰ৷ জনশ্ৰুতি মতে কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১ টা খণ্ড ভাৰতৰ ৫১ খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল তাৰে এখন হ’ল ৰামখাপীঠ৷ পিছে পুৰাণত উল্লেখ কৰা ৫১ খন…
-
ৰামচৰণ ভৰালী
ৰামচৰণ ভৰালী (Ramcharn Bhorali) অসমৰ এগৰাকী লোকশিল্পী। নলবাৰী জিলাত জন্মগ্ৰহণ কৰা ভৰালী লোককলাৰ বিশিষ্ট উপাদান নাগাৰা নামৰ সৈতে ওতপ্ৰোতভাবে জড়িত আছিল। “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি পৰিচিত ভৰালীয়ে নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে সুদীৰ্ঘকাল এই কলাৰ সৈতে জড়িত থাকি ইয়াৰ ওপৰত…
-
ৰামমিশ্ৰ
কবি ৰামমিশ্ৰ (ইংৰাজী: Ram Mishra) আহোম ৰজা জয়ধ্বজসিংহৰ (১৬৫০-৬৩খ্ৰী.) ৰাজত্বকালত উদ্ধৱ হয়।
-
ৰামৰাম
ৰামৰাম আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল।
-
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনি খন ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰাই অসমত প্ৰবৰ্তন কৰি থকা হৈছে। এই আঁচনি খন হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি য’ত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজি অংশ ৯০:১০ অনুপাতত অসমত ৰূপায়ণ কৰা হৈছে।
-
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (Rashtriya Democratic Alliance) ভাৰতৰ অসম ৰাজ্যৰ ৫টা ৰাজনৈতিক দলেৰে গঠিত এটা গোট আছিল। এই গোটে ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
-
ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী
ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ( বা NIPER-Guwahati বা NIPER-G) ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান।
-
ৰিপুঞ্জয় বৰদলৈ
ৰিপুঞ্জয় বৰদলৈ (১৯৮৪) একাধাৰে বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ কৰ্মী, পৰিৱেশ সচেতক আৰু শিক্ষক। তেখেতে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰি আছে।
-
ৰিপুনাথ বুঢ়াগোহাঞি
ৰিপুনাথ বুঢ়াগোহাঞি (RIPUNATH BURAGOHAIN) আছিল এগৰাকী অসমীয়া লেখক৷ ১৯২৪ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত তেখেতে এজন স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল।
-
ৰীতা দেৱী
ৰীতা দেৱী বৰ্মা (Reeta Devi Varma, জন্ম: ১১ অক্টোবৰ ১৯৪২) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা দিল্লীৰ বেচৰকাৰী সংগঠন 'ইলা ন্যাস'ৰ প্ৰতিষ্ঠাপক। সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।
-
ৰূপশ্ৰী গোস্বামী
ৰূপশ্ৰী গোস্বামী (জন্ম ১ ফেব্ৰুৱাৰি ১৯৫০) এগৰাকী অধ্যাপক, গৱেষক, গল্পকাৰ আৰু ঔপন্যাসিক৷ তেখেতৰ আঠখন গল্প সংকলন, দুখন উপন্যাস আৰু দুখন প্ৰবন্ধ সংকলন প্ৰকাশিত হৈছে৷ নেছনেল বুক ট্ৰাষ্টৰ বাবে তেখেতে পাঁচখন আৰু গুৱাহাটীৰ শৰাইঘাট প্ৰকাশনৰ ‘কালজয়ী সাহিত্য’ ছিৰিজৰ বাবে চাৰিখন গ্ৰন্থ অনুবাদ কৰিছে৷ তদুপৰি,…
-
ৰূপহী চমকা চৰাই
ৰূপহী চমকা চৰাই (Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷
-
ৰূপহী পথাৰ
শিৱসাগৰ জিলাৰ ভটীয়াপাৰ আৰু দিখৌ নদীৰ পাৰলৈকে পূবফাললৈ বিস্তৃত পথাৰখনৰ নাম ৰূপহী পথাৰ।
-
ৰূপহী, নগাঁও
ৰূপহী বা ৰূপহী গাঁও অসমৰ নগাঁও জিলাৰ নগাঁও মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন নগাঁও চহৰৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ৰূপহী গাঁৱৰ মুঠ জনসংখ্যা ৫,১০০ জন। ইয়াৰে ২,৫৯৮ জন পুৰুষ আৰু ২,৫০২ গৰাকী মহিলা। গাঁওখনত মুঠ ৯৯১টা পৰিয়াল আছিল।
-
ৰূপামণি গড়
ৰূপামণি গড় এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ ২০২৬ চনৰ ২১ মে' তাৰিখে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এই কৃতিত্ব অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ ভাৰত-তিব্বত সীমান্ত পুলিচ বাহিনীৰ সৰ্ব-মহিলা এভাৰেষ্ট অভিযান দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
-
ৰেৱতী চেত্ৰী
ৰেৱতী চেত্ৰী (Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।
-
ৰোষেশ্বৰ বৰুৱা
ৰোষেশ্বৰ বৰুৱা(Rosheswar Barua) আছিল অসম, ভাৰতৰ এগৰাকী চাহ-খেতিয়ক৷ ঊনৈশ শতিকাৰ শেষাৰ্ধত তেওঁ অসমৰ যোৰহাটত চাহখেতি কৰিছিল৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী আৰু দুই-এক তথ্যসূত্ৰ মতে, ৰোষেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী চাহ-খেতিয়ক৷
-
ৰৌটা
ৰৌতা অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন সৰু চহৰ, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্য, দক্ষিণ-পূব এছিয়াৰ অন্যতম ৰাজ্য ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযুক্ত। বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন নিয়ন্ত্ৰণ কৰা বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত উদালগুৰি জিলাত অৱস্থিত ৰ’টা। ধনশিৰি নদীৰ পাৰত অৱস্থিত ৰৌতা।
-
ৱাইড এংগল (চলচ্চিত্ৰ)
ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
ৱাইল্ড ছ'ৱানচ
ৱাইল্ড ছ'ৱানচ (Wild Swans, বড়ো ভাষাত: গোৰাই ফাখৰী, অৰ্থ: বনৰীয়া হাঁহ) হ'ল ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় বড়ো ভাষাৰ নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ ৰচনা আৰু পৰিচালনা কৰিছে ৰজনী বসুমতাৰীয়ে আৰু ইয়াৰ প্ৰযোজক হ'লজনী বিশ্বনাথ। চলচ্চিত্ৰখনৰ সকলো চৰিত্ৰই নাৰী চৰিত্ৰ।
-
ৱানচোৱা
ৱানচোৱা তিৱা জনগোষ্ঠীৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক লোক-উৎসৱ। ইয়াক পিঠাগুড়ি খুন্দা উৎসৱ বুলিও জনা যায়। জুন-জুলাই মাহত সচৰাচৰ মঙলবাৰৰপৰা বৃহস্পতিবাৰলৈ এই উৎসৱ তিৱা বসতিপ্ৰধান অঞ্চলত পালন কৰা হয়। তিৱাসকলৰ মাজত আমচাই, মাৰ্জং, ৰংখাই, আমলি, আমখা, আমৰি আদি বিভিন্ন ফৈদ আছে।
-
ৱিমেনজ্ কলেজ, তিনিচুকীয়া
ৱিমেনজ্ কলেজ, তিনিচুকীয়া (Women's College, Tinisukia) তিনিচুকীয়াৰ এখন কলেজ৷
-
৺
৺ (স্বৰ্গীয়) এটা চিহ্ন, যিটো চিহ্ন সাধাৰণতে হিন্দু ধৰ্মৰ ক্ষেত্ৰত মৃত ব্যক্তিৰ নামৰ আগত বা দেৱতাৰ নামৰ আগত ব্যৱহাৰ কৰা হয়। এই চিহ্নটো দেখাত ঁ (চন্দ্ৰবিন্দু)ৰ দৰে যদিও, দুয়োটাৰ মাজত পাৰ্থক্য আছে। ৺ (স্বৰ্গীয়) চিহ্নটো ঁ (চন্দ্ৰবিন্দু)তকৈ ডাঙৰ হয়। বাংলা ভাষাত এই চিহ্নটোক ঈশ্বৰ চিহ্ন বুলি কোৱা হয়।