অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

তৃণমূল গণ পৰিষদ

তৃণমূল গণ পৰিষদ (Grassroot Peoples Association) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

তৃণমূল গণ পৰিষদ (Grassroot Peoples Association) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল।

ইতিহাস

তৃণমূল গণ পৰিষদ(চমুকৈ তৃগপ-TGP) ২০০০ চনত অসম গণ পৰিষদ দলৰ বিভাজনৰ দ্বাৰা গঠন হৈছিল। সেই সময়ৰ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এই দলটো গঠন হৈছিল। দলটোৰ নিৰ্বাচনী প্ৰতীকচিহ্ন আছিল "কাপ-প্লে'ট"। ১

নিৰ্বাচন

২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জোঁট গঠন কৰিছিল। বিহপুৰীয়া (নগৰ) সমষ্টিৰ পৰা বৰ্ষীয়ান প্ৰেমধৰ বৰা এই নিৰ্বাচনত বিধায়ক ৰূপে অসম বিধানসঅভালৈ নিৰ্বাচিত হৈছিল।

২০০৪ চনৰ লোকসভা নিৰ্বাচনত অধ্যাপক দেবেন দত্তই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তৃগপৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ ১৪,৯৩৩ টা ভোট (মুঠ ভোটৰ ১.৬৯%) পাইছিল।

নেতৃত্ব

  • অতুল বৰা
  • দেবেন দত্ত
  • পুলকেশ বৰুৱা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ State Election 2006 Candidates

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৃণমূল গণ পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৮১২৬৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।