অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক)

দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) (Dakshin Bijni College,Senior secondary) এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানখণ অসমৰ বাক্সা জিলাৰ আনন্দবজাৰ নামৰ ঠাইখন অৱস্থিত। ১৯৯১ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সংযুক্ত হৈ আছে।

হালনাগাদ: ১৯ জুলাই ২০২৬ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) (Dakshin Bijni College,Senior secondary) এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানখণ অসমৰ বাক্সা জিলা জিলাৰ আনন্দবজাৰ নামৰ ঠাইখন অৱস্থিত। ১৯৯১ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সংযুক্ত হৈ আছে।

ইতিহাস

১৯৯১ চনত বাক্সা জিলা জিলাৰ আনন্দ বজাব অঞ্চলক শিক্ষাৰ জ্যোতিৰে আলোকিত কৰিবলৈ দক্ষিণ বিজনী মহাবিদ্যালয় (জ্যেষ্ঠ মাধ্যমিক) প্ৰতিষ্ঠা কৰা হৈছিল। ভৌগোলিকভাৱে অন্য অঞ্চলৰপৰা পৃথক আৰু সেই অঞ্চলৰ লোকৰ শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৰুৰী হৈ পৰিছিল। বৰ্তমান সময়ত মূলসূঁতিৰ সৈতে সংলগ্ন হৈ আগবাঢ়ি যোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। সেয়েহে এচাম সচেতন লোক আৰু সমাজ সেৱকসকল উপলব্ধি কৰিছিল যে কেৱল শিক্ষাৰদ্বাৰাহে সেই প্ৰত্যাহ্বানক নিৰ্মূল কৰা সম্ভৱ।

পাঠ্যক্ৰম

মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক(কলা) পাঠ্যক্ৰম আগবঢ়া় হয়। তদুপৰি সময়ে সময়ে কেৰিয়াৰ কাউন্সেলিং, আলোচনাচক্ৰ,অনুপ্ৰেৰণামূলক আলোচনা আয়োজন কৰে আৰু শিক্ষাৰ্থীসকলক কেৰিয়াৰ গঢ়াত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম আৰম্ভ কৰিছে।

পুথিভঁৰাল

মহাবিদ্যালয়খনে বিভিন্ন পদ্ধতিৰ শিক্ষাদানৰ লগতে পুথিভঁৰালৰ সুবিধাও আগবঢ়ায়।

মহাবিদ্যালয় পত্ৰিকা

মহাবিদ্যালয়খনে প্ৰতিবছৰে এখনকৈ মহাবিদ্যালয় পত্ৰিকা প্ৰকাশ কৰে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক)” প্ৰবন্ধৰ সংশোধন ৬১৮১৮৪ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।