ড° তিলোত্তমা মিশ্ৰ অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ।১ তেওঁৰ জন্ম হৈছিল ১৯৪৭ চনত, শ্বিলঙত। প্ৰাথমিক শিক্ষা শ্বিলঙতে গ্ৰহণ কৰা মিশ্ৰই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। গুণাভিৰাম বৰুৱাৰ ৰাম নবমী নাটকৰ অনুবাদ আৰু সম্পাদনা কৰিছিল।২ ১৯৯১ চনত লেখা স্বৰ্ণলতা উপন্যাসৰ বাবে তেওঁ ভাৰতীয় ভাষা পৰিষদৰ ঈশান পুৰস্কাৰ আৰু কা মেইখাৰ ঘৰ গ্ৰন্থৰ বাবে অৰুণাচল প্ৰদেশ সাহিত্য পৰিষদ আৰু অসম সাহিত্য সভাৰ ‘লুম্মেৰ দাই পুৰস্কাৰ’ লাভ কৰিছিল।৩
দিল্লীৰ ইন্দ্ৰপ্ৰস্থ কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰা তিলোত্তমা মিশ্ৰই পিছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক হিচাপে কৰ্মৰত হয় আৰু ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে। ২
প্ৰকাশিত গ্ৰন্থৰাজি
- স্বৰ্ণলতা (১৯৯১),
- লৌহিত্য সিন্ধু (১৯৯৭),
- কা মেইখাৰ ঘৰ (২০১৩)
- Literature and Society in Assam: A Study of the Assamese Renaissance 1826-1926 (১৯৮৭)
- Ramnabami Natak: the Story of Ram and Nabami (২০০৭) (অনুবাদ গ্ৰন্থ)
বঁটা/সন্মান
- স্বৰ্ণলতা উপন্যাসৰ বাবে ১৯৯৫ চনত ভাৰতীয় ভাষা পৰিষদৰ ঈশান পুৰস্কাৰ লাভ কৰে।
- ২০১৭ চনত অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা লাভ কৰে।
- ২০২৫ চনত অসমীয়া সাহিত্য সন্মিলনীৰ চৈয়দ আব্দুল মালিক উপন্যাসশ্ৰী বঁটা লাভ কৰে৷২৪
তথ্যসূত্ৰ
- ↑ Tilottoma Misra. mayday.leftword.com
- ↑ সম্পা. ভাস্কৰ ভূঞা. (২ ফেব্ৰুৱাৰী). অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা গ্ৰন্থ. অসমীয়া সাহিত্য সন্মিলনী
- ↑ (2024). Sita’s Voice in the Assamese Rāmāyaṇa. Tilottoma Misra. Zubaan. পৃ. 304 pages
- ↑ (৩, ২, ২০২৫). অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান ২০২৩-২৫ সম্পন্ন. গণ অধিকাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিলোত্তমা মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৫৯৫৪৩ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।