অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তীৰ্থেশ্বৰ হাজৰিকা

তীৰ্থেশ্বৰ হাজৰিকা (Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯২১চনৰ ১৮ আগষ্টত তেওঁ মহাত্মা গান্ধীক লগ পাবলৈ উত্তৰ লক্ষীমপুৰৰ পৰা যোৰহাট জিলালৈকে বাইচাইকেল চলাই গৈছিল। অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে তিনিমাহ কাৰাবাস খাটিছিল আৰু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৪ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

তীৰ্থেশ্বৰ হাজৰিকা (Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯২১চনৰ ১৮ আগষ্টত তেওঁ মহাত্মা গান্ধীক লগ পাবলৈ উত্তৰ লক্ষীমপুৰৰ পৰা যোৰহাট জিলালৈকে বাইচাইকেল চলাই গৈছিল। অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে তিনিমাহ কাৰাবাস খাটিছিল১ আৰু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল। কলিকতাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত হোৱা আইন অমান্য আন্দোলন( Civil disobedience movement) ত যোগ দি পুলিছৰ লাঠি চালনাত আঘাতপ্ৰাপ্ত হৈছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগ দি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত দুবছৰ কাৰাবাস আৰু ১৯৪৪ ৪জুনত ১বছৰ বাবে গৃহবন্দীত্বত আছিল। তেওঁ লক্ষীমপুৰ জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত লক্ষীমপুৰ জিলাত ভাৰতৰ ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰা প্ৰথমজন স্বাধীনতা যুঁজাৰু আছিল। মহাত্মা গান্ধীৰ হত্যাৰ প্ৰতিবাদত তেখেতে দাড়ি-চুলি কটা নাছিল। ১৯৭২চনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে “তাম্ৰপত্ৰ’’ প্ৰদান কৰিছিল। পিছত বিদেশী-বহিষ্কাৰ আন্দোলনত চৰকাৰৰ হেমাহিত অসন্তুষ্ট হৈ তাম্ৰপত্ৰ ঘূৰাই দিছিল।২৩৪

তথ্যসূত্ৰ

  1. ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৫৮৫
  2. ↑ বিশিষ্ট ব্যক্তিৰ বুৰঞ্জী-৬৭তম অসম সাহিত্য সভা আদৰণী সমিতি(উত্তৰ লক্ষীমপুৰ)
  3. ↑ Barua, Prafulla. (৯ আগষ্ট ১৯৮৫). তীৰ্থেশ্বৰ হাজৰিকা. Assam Tribune
  4. ↑ Ahmed, Farhana. (১৫ আগষ্ট ২০২৩). Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামীভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তীৰ্থেশ্বৰ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪০৩৪১২ (২৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।