অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
নটী নৃত্য
অসমৰ নটী নৃত্য দেৱদাসী নৃত্যৰ সমপৰ্যায়ৰ এক নৃত্য৷ প্ৰাচীন অসমত দেৱদাসীক বুজাবলৈ ’দলুহাংগনা’ পদটো ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন ঠাইৰ দেৱদাসীৰ দৰে অসমত দেৱদাসীক বুজাবলৈ নটী, নৰ্ত্তকী, বেশ্যা, বাৰাংগনা আদি পদ ব্যৱহাৰ কৰা হৈছিল
-
নদুৱাৰ বিধানসভা সমষ্টি
নদুৱাৰ বিধানসভা সমষ্টি (ইংৰাজী: Naduar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ইয়াৰ পূৰ্বৰ নাম 'চতিয়া বিধানসভা সমষ্টি' সলনি কৰি 'নদুৱাৰ' ৰখা হয়।
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
নন্দনাথ শইকীয়া মহাবিদ্যালয়
নন্দনাথ শইকীয়া মহাবিদ্যালয় (ইংৰাজী: Nanda Nath Saikia College) ১৯৫৯ চনত প্ৰতিষ্ঠিত নন্দনাথ শইকীয়া মহাবিদ্যালয়, অসমৰ যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু অসমৰ অন্যতম পুৰণি স্নাতক মহাবিদ্যালয় হিচাপে পৰিচিত।
-
নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক। তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ…
-
নলিনী বৰুৱা
নলিনী বৰুৱা (বা নলিনী কান্ত বৰুৱা) (২২ এপ্ৰিল ১৯৩১ – ৬ জানুৱাৰী ২০২৬) অসমৰ এগৰাকী আলোকচিত্ৰ শিল্পী। শৈশৱ কালৰে পৰা আলোকচিত্ৰ লোৱাৰ কাম আৰম্ভ কৰা বৰুৱাই ১৯৬৮ চনৰপৰা ২০১৬ চনলৈকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো বহুকেইখন আলোকচিত্ৰ প্ৰদৰ্শনীত ভাগ লয়।
-
নাও খেল
নাও খেল ( Nao khel) অসমৰ এক পৰম্পৰাগত পানীত খেলা খেল৷ নাৱত উঠি কেইবাজনো খেলুৱৈয়ে জাত জাত বঠা বাই নিজৰ নিজৰ নাও আগুৱাই নি লক্ষ্যস্থান প্ৰাপ্ত কৰাতেই এই খেলৰ সামৰণি৷ ভাৰতৰ কেৰালা ৰাজ্যত কৃষি উৎসৱ অ’নামৰ লগত সংগতি ৰাখি এই খেল বছৰি খেলা হয়৷ অসমত সাধাৰণতে ভাদ-আহিন মাহত বছৰেকীয়া বানপানী শুকাবলৈ ধৰোঁতে…
-
নাও খেলৰ গীত
নাও খেলৰ গীত হৈছে বিবিধ বিষয়ক লোকগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো আমনিয়ে হেঁচি ধৰে আৰু সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয়। কিন্তু ইয়াক নাৱৰীয়াৰ গীত বুলি ক'লেহে আটাইখিনি গীত সামৰি লয়।
-
নাওবৈচা বিধানসভা সমষ্টি
নাওবৈচা বিধানসভা সমষ্টি (ইংৰাজী: Naoboicha Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ ஜিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
নাগচম্পা
নাগচম্পা (cannonball tree, বৈজ্ঞানিক নাম: Couroupita guianensis) এক প্ৰকাৰৰ বৃক্ষজাতীয় উদ্ভিদ। ই Lecythidaceae পৰিয়ালৰ এজোপা সপুষ্পক আৰু পৰ্ণপাতী উদ্ভিদ। এই গছজোপা মধ্য আৰু দক্ষিণ আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ এবিধ থলুৱা উদ্ভিদ।
-
নাগা মৰিচ
নগা মৰিচ বা নাগা মৰিচ হৈছে ভোট জলকীয়াৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ উত্তৰ-পূব ভাৰতত উৎপাদিত জলকীয়া। ই এক প্ৰকাৰৰ অতি জ্বলা জলকীয়াৰ অন্যতম।
-
নাজিৰা বিধানসভা সমষ্টি
নাজিৰা বিধানসভা সমষ্টি (ইংৰাজী: Nazira Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শিৱসাগৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
নামদাঙৰ শিলৰ সাঁকো
নামদাঙৰ শিলৰ সাঁকো (Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।
-
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷
-
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (Namrup Thermal Power Station) অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে নতুনকৈ নামৰূপ প্ৰতিষ্ঠাপন শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। মুঠ ১৬২.৯ মেগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক দুয়ো তাপ বিদ্যুৎ কেন্দ্ৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত।
-
নাৰায়ণ চন্দ্ৰ গোস্বামী
নাৰায়ণ চন্দ্ৰ গোস্বামী (Narayan Chandra Goswami) আছিল নতুন কমলাবাৰী সত্ৰ, মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ।
-
নাৰায়ণ চন্দ্ৰ বৰকটকী
নাৰায়ণ চন্দ্ৰ বৰকটকী (জন্ম ১ এপ্ৰিল ১৯৪৩) ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
নাৰায়ণ দাস ঠাকুৰ আতা
নাৰায়ণ দাস ঠাকুৰ আতা ( Narayan Dax Thakur Aata) মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক আৰু শংকৰদেৱৰ শিষ্য৷ তেওঁ মাধবদেৱৰ প্ৰিয়তম মিত্ৰ হৈ ধৰ্ম প্ৰচাৰত মন-প্ৰাণ সঁপি দিছিল৷ সংসাৰী হৈও ঘোৰ উদাসীন নাৰায়ণ দাস ঠাকুৰ আতাই ৰাজদণ্ড ভোগ কৰিবলগীয়াও হৈছিল৷ তেওঁৰ পূৰ্বৰ নাম আছিল ভবানন্দ৷
-
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন শিক্ষানুষ্ঠান।
-
নিউ গুৱাহাটী বিধানসভা সমষ্টি
নিউ গুৱাহাটী বিধানসভা সমষ্টি (ইংৰাজী: New Guwahati Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল।
-
নিত্যা দত্ত
নিত্যা দত্ত (১৯৩৫-১৯৯১) এগৰাকী বিশিষ্ট কবিৰ লগতে এগৰাকী আৰক্ষী বিষয়াও আছিল। তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পীও আছিল।
-
নিমাতী ঘাট
নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।
-
নিৰুপমা হাগজেৰ
নিৰুপমা হাগজেৰ (Nirupama Hagjer) অসমৰ ডিমা হাচাও জিলাৰ ডিমাছা সম্প্ৰদায়ৰ এগৰাকী সমাজকৰ্মী৷ তেওঁ আজীৱন সমাজৰ পিছপৰা মহিলা আৰু শিশুসকলৰ উন্নতিৰ বাবে আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল৷ ডিমাছা ভাষাৰ যিহেতু নিজা লিপি নাই; সেয়ে তেওঁ অসমীয়া লিপিৰে ডিমাছা ভাষা লিখি ভাষাটোক আগুৱাই নিবলৈ যথেষ্ট কষ্ট…
-
নিৰ্ম্মল ভকত
নিৰ্ম্মল ভকত উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ। উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে। 'নিৰ্ম্মল ভকত' উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ। নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছে মানৰ আক্ৰমণৰ পটভূমি।
-
নীলা চৰাই
নীলা চৰাই হৈছে অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰীত এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।
-
নীলিমকান্ত বৰুৱা
ড° নীলিমকান্ত বৰুৱা অসমৰ এগৰাকী বিশিষ্ট পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।
-
নুৰুদ্দিন আহমেদ
নুৰুদ্দিন আহমেদ ( জন্ম এক ডিচেম্বৰ,১৯৫৯)ৰ জন্ম অসমৰ নলবাৰী জিলাৰ ষাঠিকুছি গাঁৱত। পিতৃ স্বৰ্গীয় লখে আলি আৰু মাতৃ নছৰুন বেগম। মুম্বাইৰ জে জে কলেজ অৱ আৰ্টছত শিক্ষালাভ কৰি আহি তেওঁ ১৯৭৮ চনত লক্ষীমপুৰ আৰ্ট স্কুলত প্ৰথমে শিক্ষক হিচাপে যোগদান কৰে আৰু পিছলৈ ইয়াৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়।
-
নুৰুল আমিন ষ্টেডিয়াম
নুৰুল আমিন ষ্টেডিয়াম (Nurul Amin Stadium) বা Nowgong Sports Club Ground হৈছে অসমৰ নগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল…
-
নেঘেৰিটিং শিৱদৌল
নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে।
-
নেতাই ধুবুনী ঘাট
নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।