২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ
৬৯ প্ৰবন্ধ
-
আৰোহী (২০১৫ চলচ্চিত্ৰ)
আৰোহী (Aarohi) হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ৷
-
কানীন (চলচ্চিত্ৰ)
কানীন (Kaaneen) হৈছে ২০১৯ চনৰ ২২ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন শিৱম ক্ৰিয়েচনৰৰ বেনাৰত মঞ্জুল বৰুৱাই পৰিচালনা কৰিছে। ড॰ ৰীতা চৌধুৰীৰ উপন্যাস 'ৰাজীৱ ঈশ্বৰ'ৰ কাহিনীৰ আধাৰত কানীনৰ চিত্ৰনাট্য লিখি উলিয়াইছে মঞ্জুল বৰুৱাই। সংলাপ মঞ্জুল বৰুৱা আৰু ৰীতা চৌধুৰীৰ।
-
কৰমা কে ৰাতি
কৰমা কে ৰাতি (ইংৰাজী:Karma Ke Rati) ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।
-
টি আৰ পি আৰু
টি আৰ পি আৰু (TRP Aru) হৈছে ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি।
-
তোমাৰ খবৰ
তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে। সংগীত পৰিচালনা মৃণাল কান্তিৰ।
-
দুৱাৰ (চলচ্চিত্ৰ)
দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে।
-
পানী (২০১৪ চলচ্চিত্ৰ)
পানী ( Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্ছৰ বেনাৰত যদুমণি দত্তৰ।
-
বৰনদী ভটিয়ায়
বৰনদী ভটিয়ায় (Bornodi Bhotiai) হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা এখন সামাজিক বিদ্ৰুপাত্মক অসমীয়া চলচ্চিত্ৰ। মাজুলীৰ পটভূমিত নিৰ্মিত ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত অনুপম কৌশিক বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।
-
মনে মোৰ কইনা বিচাৰে
মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। "ইক' মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশিতা গোস্বামীয়ে।
-
মহাপুৰুষ (চলচ্চিত্ৰ)
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে।
-
মহাসমৰ (চলচ্চিত্ৰ)
মহাসমৰ ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। ছিৰিয়াছ বিষয় এটাক ছবিখনত মনোৰঞ্জনৰ বাবে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। অকতৃত্বশীল ভাৱে গছ-গছনি কটাৰ বিৰূদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ ছবিখন নিৰ্মান কৰা বুলি প্ৰযোজক-পৰিচালকে জানিবলৈ দিয়ে।
-
মী এণ্ড মাই ছিষ্টাৰ
মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।
-
মৃগনাভি (চলচ্চিত্ৰ)
মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।
-
লোকেল কুং ফু
লোকেল কুংফু (Local Kung Fu) হৈছে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰা সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট অসমীয়া-হিন্দী ভাষাৰ একছন কমেডি৷। কেনী ডি বি ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। সংগীত পৰিচালনা টনী ডি বি আৰু উৎকৰ্ষ ধ'টেকাৰৰ।
-
শৃংখল (চলচ্চিত্ৰ)
শৃংখল (The Quiver) হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই।
-
শৈশৱতে ধেমালিতে
শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।
-
সাত নম্বৰৰ সন্ধানত
সাত নম্বৰৰ সন্ধানত (Saat Nomboror Sandhanot) ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য পৰিচালক মজিদে নিজে ৰচনা কৰিছে।
-
সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)
সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি। ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।
-
এখন নেদেখা নদীৰ সিপাৰে
এখন নেদেখা নদীৰ সিপাৰে (Akhon Nedekha Nodir Sipare, ইংৰাজী শিৰোনাম As the River Flows) হৈছে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে (National Film Development Corporation, চমুকৈ NFDC) বোলছবিখন প্ৰযোজনা কৰে।
-
জাংফাই জোনাক
জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে।
-
দুৰ্জন (চলচ্চিত্ৰ)
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
-
বকুল (চলচ্চিত্ৰ)
বকুল হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰীমা বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে সন্দীপ পাটিলে।
-
বুলবুল কেন্ ছিং
বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।
-
লুইতক ভেটিব কোনে
লুইতক ভেটিব কোনে (Luitok Bhetibo Kune) ২০১৩ বৰ্ষৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ। ২০১৩ চনৰ ১ মাৰ্চ তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। 'বিস্তীৰ্ণ ফিল্মছ'ৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰে প্ৰবীণ বৰাই। সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই।
-
এই মাটিতে (চলচ্চিত্ৰ)
এই মাটিতে (Aei Maatite) ডাইনী হত্যাৰ আধাৰত নিৰ্মিত, ২০১৭ চনৰ ৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা, কাহিনী, সংলাপ, গীত ৰচনা ড° সীতানাথ লহকৰৰ। তেখেতৰে এখন মঞ্চনাট ‘তমসা’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।
-
জানমণি (২০১১ চলচ্চিত্ৰ)
জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ হাজৰিকা ইত্যাদি।
-
পাগলী (চলচ্চিত্ৰ)
পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ সংগীত অনুৰাগ শইকীয়াৰ, গীতাংশৰ সংগীত অৰূপ দত্তৰ।
-
বৰশী (চলচ্চিত্ৰ)
বৰশী (Borosi) মঞ্জুশ্ৰী ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ উদ্যোগত দেৱাশীষ গোস্বামীৰ প্ৰযোজনা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাত নিৰ্মিত অসমীয়া কথাছবি। ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী দীনেশ গোস্বামীৰ ৰচনা কৰা কাহিনীৰ আধাৰত কথাছবি খন নিৰ্মাণ হৈছে। ২০১৪ চনৰ ১৮ এপ্ৰিলত বৰশী মুক্তি পাইছিল।
-
ভাল পাব নাজানিলো
ভাল পাব নাজানিলো (Bhal Pabo Najanilu) হৈছে ২০১৩ চনৰ ২০ চেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ৷ ঋতুৰং মাল্টিমিডিয়াৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিচালনা ঋতুৰাজ দত্তৰ। সংগীত পৰিচালনা আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। ছবিৰ নায়ক এজন আঢ্যৱন্ত যুৱক আৰু আইনৰ ছাত্ৰ।
-
অভদ্ৰ (চলচ্চিত্ৰ)
অভদ্ৰ (Abhadra) হৈছে ২০১৪ চনৰ ৯ মে'ত মুক্তি লাভ কৰা এখন অসমীয়া বিনোদনধৰ্মী চলচ্চিত্ৰ। এ-টু ক্ৰিয়েছন্ছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ।