অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সাত নম্বৰৰ সন্ধানত

সাত নম্বৰৰ সন্ধানত (Saat Nomboror Sandhanot) ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য পৰিচালক মজিদে নিজে ৰচনা কৰিছে।

হালনাগাদ: ২২ মে’ ২০২৫ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সাত নম্বৰৰ সন্ধানত (Saat Nomboror Sandhanot) ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত১ নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য পৰিচালক মজিদে নিজে ৰচনা কৰিছে। মুখ্য ভাওত অভিনয় কৰিছে মিতালী ৰয় আৰু ৰাগ ঐনিতমে।২৩

কাহিনীৰ সাৰাংশ

ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ লীলাৱতী এগৰাকী চাহবনুৱা সম্প্ৰদায়ৰ নাৰী, বাগানতে কাম কৰে। তাইৰ স্বামী হাৰুও বাগানৰ শ্ৰমিক। এদিন হাৰু সৰ্পদংশনত ঢুকাই থাকিল। কৰ্মৰত অৱস্থাতে স্বামীৰ মৃত্যু হোৱাত তাই কৰ্তৃপক্ষৰ ওচৰত ক্ষতিপূৰণ দাবী কৰিলে যদিও মৃতদেহৰ পোষ্টমৰ্টেম নকৰাৰ অজুহাতত কৰ্তৃপক্ষই কোনো ক্ষতিপূৰণ নিদিলে। অশেষ কষ্টেৰে তাই তিনিটাকৈ সন্তান ডাঙৰ-দীঘল কৰিলে। উপযুক্ত সময়ত জীয়েক দুজনীক বিয়া দি একমাত্ৰ পুত্ৰ শিবুৰো বিয়াৰ আয়োজন কৰিলে। কিন্তু বাগানৰ ফেক্টৰীত দুৰ্ঘটনা ঘটি শিবুও ঢুকাই থাকিল। স্বামী আৰু পুত্ৰক হেৰুৱাই তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। তাই বাগানৰ কাম এৰি দিলে। মানসিক যন্ত্ৰণাৰ উপশমৰ বাবে তাই হাৰিয়াৰ আশ্ৰয় ল’লে আৰু গাঁৱে গাঁৱে সাতনম্বৰৰ সন্ধানত ঘূৰি ফুৰিবলৈ ধৰিলে।৩

মানসিক ভাৰসাম্যহীন লীলাৱতীয়ে তাইৰ জীৱনৰ এই সীমাহীন দুৰ্যোগৰ বাবে বাগানৰ কৰ্মকৰ্তা, ইউনিয়নৰ নেতা আদি মুঠ সাতজন ব্যক্তিক দায়ী বুলি বিবেচনা কৰি বেজৰ ওচৰলৈ গ’ল আৰু এইসকলক তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা শাস্তিপ্ৰদান কৰিবলৈ অনুৰোধ জনালে। তাই বেজৰ ওচৰত ছয়জন শত্ৰুৰ নাম উল্লেখ কৰিলে। কিন্তু কোনোমতেই সাতনম্বৰ শত্ৰুজনৰ নাম মনত পেলাব নোৱাৰিলে। গাঁৱেগাঁৱে ভ্ৰমি এই সাতনম্বৰ শত্ৰুজনক বিচৰাই তাইৰ এতিয়া জীৱনৰ লক্ষ্য হৈ পৰিল।৩

অভিনয় শিল্পী

কলা-কুশলী

  • মুখ্য সহকাৰী নিৰ্দেশক- নচিমুল মজিদ
  • কলা নিৰ্দেশনা- নুৰুদ্দিন আহমেদ
  • শব্দযন্ত্ৰী- দীপক দত্ত
  • কষ্টিউম ডিজাইনাৰ-চাহনাজ চুলতানা
  • মেক-আপ- অসীম বোথ্ৰা২

তথ্যসূত্ৰ

  1. ↑ বৰা, বিপাশা. আশীৰ পৰৱৰ্তী প্ৰতিবাদৰ গল্প আৰু একোটা চিঞৰ. মুক্তচিন্তা, যুক্তি বিকাশ সমিতি (অসম)ৰ অনলাইন আলোচনী
  2. ↑ সাত নম্বৰৰ সন্ধানত. Cultural Affairs, Govt. of Assam
  3. ↑ Pooja Nirala. (15-10-2016). SAAT Nomboror Xondhanot: A bold and unblemished cultural chronicle. nezine.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাত নম্বৰৰ সন্ধানত” প্ৰবন্ধৰ সংশোধন ৫১১৩৫২ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।