অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জানমণি (২০১১ চলচ্চিত্ৰ)

জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ হাজৰিকা ইত্যাদি।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৫ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চলচ্চিত্ৰ। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ হাজৰিকা ইত্যাদি।১

প্লট

ঢুলীয়া ডেকা ল’ৰা জান (যতীন বৰা) আৰু গাভৰু নাচনী ছোৱালী মণিৰ (শ্যামন্তিকা শৰ্মা) প্ৰেম কাহিনীৰ আধাৰত সৃষ্টি হৈছে জানমণি৷ জান আৰু মণিৰ মাজত প্ৰেম৷ মণিৰ ককায়েকে মণিক জানলৈ বিয়া নিদিয়ে৷ এনে সংঘাতক নেওচি মণিয়ে এদিন জানৰ ঘৰলৈ গুছি আহে৷ জান আৰু মণিৰ এনেদৰে বিয়া হৈ যায় আৰু কিছুদিন পাছত তেওঁলোকৰ সংসাৰত এজনী কন্যা সন্তানৰ জন্ম হয়৷ এদিন জানে ঢোল বজাবলৈ যাওঁতে কন্যা সন্তানটিৰ মৃত্যু হয়৷ এই ঘটনাৰ কাৰণে মণিৰ ককায়েকে জানক উদাসীন বুলি মণিক আকৌ নিজৰ ঘৰলৈ লৈ আহে৷ এনেদৰে বিচ্ছেদ ঘটিল জান আৰু মণিৰ মাজত৷ কিন্তু মণিৰ ভতীজাক (উৎপল দাস) জানৰ ভতীজিৰ মাজত প্ৰেম হোৱা কাৰণে জান আৰু মণিৰ পুনৰ মিলন হয়৷

অভিনয় শিল্পী

  • যতীন বৰা
  • শ্যামন্তিকা শৰ্মা
  • উৎপল দাস
  • মুনমী কলিতা
  • অৰুণ হাজৰিকা
  • মিণু বনিয়া
  • শ্ৰীমন্ত মাধৱ দত্ত
  • সৌৰভ হাজৰিকা
  • মিছ কল্পনা

সংগীত

জানমণিৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী, মৌচম গগৈ, বিমান বৰুৱা আৰু বিপিন চাউদাঙৰ। সংগীত ব্যৱস্থাপনা অৰূপ দত্ত আৰু বিমান বৰুৱাৰ।

তথ্যসূত্ৰ

  1. ↑ (10 July 2016). Janmoni - The Movie

সম্পৰ্কিত শ্ৰেণী

২০১১ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানমণি (২০১১ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩৮৭৪৮ (১৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।