২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ
৬৯ প্ৰবন্ধ
-
আমিষ (চলচ্চিত্ৰ)
আমিষ (Aamis) ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে।
-
গ্ৰহণ (চলচ্চিত্ৰ)
গ্ৰহণ (Grahan) হৈছে ২০১৪ চনৰ ২৭ জুনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি এম চি মেডিয়া প্ৰডাক্চনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰে এম চৌধুৰীয়ে আৰু পৰিচালনা কৰে তিলক শৰ্মাই। বিলকিচ মজুমদাৰৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী আদিয়ে।
-
চুমা পৰশতে
চুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া চলচ্চিত্ৰ। 'নিৰি প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী জোনমণি দেৱী খাউণ্ডৰ। অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জী আদিয়ে।
-
দ্য ফে'চ (অসমীয়া চলচ্চিত্ৰ)
দা ফে'চ (The Face) হৈছে ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন এক্ছনধৰ্মী আৰু ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। 'সন্তোষী মা প্ৰডাক্ছন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে বৰ্ণালী হাজৰিকাই। পৰিচালক ৰাজীৱ দত্ত আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।
-
নীলকণ্ঠ (চলচ্চিত্ৰ)
নীলকণ্ঠ (Neelkantha) ২০০৭ চনত মুক্তিপ্ৰাপ্ত ৰজনী বৰ্মণ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যা ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে। অসমৰ লোককলা শিল্পী বৰঢুলীয়াসকলৰ সংগ্ৰামপূৰ্ণ জীৱনক চিত্ৰায়িত কৰা এই ছবিখনৰ কাহিনী লিখিছে প্ৰকাশ মেধিয়ে।
-
বিউটিফুল লাইভ্জ (চলচ্চিত্ৰ)
বিউটিফুল লাইভছ হৈছে ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। কংকন ডেকাৰ কাহিনী আৰু পৰিচালনাৰে এই ছবিখনে ২০০৮ চনৰ ৩০ অক্টোবৰত হোৱা বোমা বিষ্ফোৰণৰ ফলত এটা পৰিয়ালে সন্মুখীন হ'ব লগীয়া পৰিস্থিতিসমূহৰ কথা বৰ্ণনা কৰে।
-
লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)
লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ।
-
হৰি ওঁম
হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।
-
২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা