অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাল পাব নাজানিলো

ভাল পাব নাজানিলো (Bhal Pabo Najanilu) হৈছে ২০১৩ চনৰ ২০ চেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ৷ ঋতুৰং মাল্টিমিডিয়াৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিচালনা ঋতুৰাজ দত্তৰ। সংগীত পৰিচালনা আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। ছবিৰ নায়ক এজন আঢ্যৱন্ত যুৱক আৰু আইনৰ ছাত্ৰ।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভাল পাব নাজানিলো (Bhal Pabo Najanilu) হৈছে ২০১৩ চনৰ ২০ চেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ৷ ঋতুৰং মাল্টিমিডিয়াৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিচালনা ঋতুৰাজ দত্তৰ। সংগীত পৰিচালনা আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। ছবিৰ নায়ক এজন আঢ্যৱন্ত যুৱক আৰু আইনৰ ছাত্ৰ। ঘৰুৱা সমস্যা আৰু প্ৰেমৰ দোমোজাত পৰি তেওঁ কিদৰে সিদ্ধান্ত লৈ আগবাঢ়িবলগীয়া হয় আৰু তেওঁ প্ৰেমক কিদৰে উপলব্ধি কৰে তাকে ছবিখনত উপস্থাপন কৰা হৈছে।১২

অভিনয়ত

  • ধ্যানজ্যোতি বৰা
  • অনন্যা কাশ্যপ
  • জুবিন গাৰ্গ
  • মলয়া গোস্বামী
  • মিনু বণিয়া
  • বিদ্যুৎ চক্ৰৱৰ্তী
  • অৰুণ হাজৰিকা
  • ডা. অজিত বৰুৱা
  • অনুপজ্যোতি চৌধুৰী
  • চিৰাজুল হুছেইন
  • দুৰ্গাধৰ নেওগ
  • জিনা বৰুৱা
  • প্ৰসন্ন শৰ্মা
  • ৰাখী শইকীয়া
  • পলাশ লইং
  • আছিফ জাবেদ
  • প্ৰবাল বৰা
  • ঋষভ কৃষ্ণান
  • হেমন্ত ডেকা
  • পাৰ্শ্বজ্যোতি শৰ্মা
  • জয়ধ্বজ ফুকন
  • কস্তুৰী বৰুৱা
  • জয়স্মিতা ডেকা১

কলা-কুশলী

  • প্ৰযোজনা - ঋতুৰাজ দত্ত, শাৰদুল শৰ্মা (সহকাৰী), তনবীৰ জেহীৰ (সহকাৰী)
  • পৰিচালনা - ঋতুৰাজ দত্ত, ৰাজীৱ দত্ত (সহযোগী), হেমন্ত গগৈ (মুখ্য সহকাৰী), সঞ্জীৱ বুঢ়াগোহাই (সহকাৰী), অঞ্জন নেওগ (সহকাৰী)
  • কাহিনী - ধ্যানজ্যোতি বৰা
  • চিত্ৰনাট্য - ঋতুৰাজ দত্ত, হেমন্ত নেওগ, আছিফ জাবেদ
  • সংলাপ - হেমন্ত গগৈ
  • চিত্ৰগ্ৰহণ - পৃথ্বিৰাজ দত্ত, সঞ্জীৱ ফুকন (সহকাৰী), ভাস্কৰ বৰা (সহকাৰী)
  • সম্পাদনা - গৌৰৱ বণিয়া, আছিফ জাবেদ (সহকাৰী)
  • গীতৰ কথা/সুৰ/সংগীত - আচুৰ্য বৰপাত্ৰ, মৃণ্ময় মৃত্তিক
  • সংগীত ব্যৱস্থাপনা - দীপকেশ বুঢ়াগোহাঁই, বুবু, তৰুণ তন্ময়১

সংগীত

আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ কথা, সুৰ আৰু সংগীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত, দীক্ষু আৰু প্ৰিয়ংকা ভৰালীয়ে।৩ সংগীত ব্যৱস্থাপনা দীপকেশ বৰগোহাঁই, নীলোৎপল বৰা, মানস বৰা আৰু তৰুণ তন্ময়ৰ।

তথ্যসূত্ৰ

  1. ↑ (৩১ মাৰ্চ, ২০১৩). শীঘ্ৰেই ছবিঘৰলৈ - ভাল পাব নাজানিলো. আজিৰ দৈনিক বাতৰি
  2. ↑ Akanshya Chaliha. (২৬ জুন, ২০১২). A Romantic Drama - Bhal Pabo Najanilu. The Telegraph
  3. ↑ Bhal Pabo Najanilu (Original Motion Picture Soundtrack). Amazon

সম্পৰ্কিত শ্ৰেণী

২০১৩ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাল পাব নাজানিলো” প্ৰবন্ধৰ সংশোধন ৬১৮১১৪ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।