অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বকুল (চলচ্চিত্ৰ)

বকুল হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰীমা বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে সন্দীপ পাটিলে।

হালনাগাদ: ১০ জুলাই ২০২২ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বকুল হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। ৰীমা বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে সন্দীপ পাটিলে।১

কাহিনী

ৰক্তিমে পাঁচবছৰ পিছত ভনীয়েকৰ বিবাহ উপলক্ষে তেওঁৰ গৃহ-চহৰখনলৈ আহে আৰু তেওঁৰ অনুপস্থিতিত চহৰখনত সংঘটিত হোৱা পৰিবৰ্তনসমূহ দেখি আশ্চৰ্যচকিত হয়। তেওঁ তিনিজন মানুহৰ সংস্পৰ্শলৈ আহে। কাকতালীয়ভাবে তিনিওজনৰে নাম বকুল। তেওঁ এই তিনিওটা চৰিত্ৰৰ সৈতে বান্ধ খাই পৰে। প্ৰথমটো চৰিত্ৰ এজন বৃদ্ধ মাছমৰীয়া,যাৰ নাম বকুল।আনজন বকুল সমাজৰ দৃষ্টিত পতিত এগৰাকী নাৰী; কিন্তু যিয়ে জীৱন-নিৰ্বাহ কৰিবলৈ এখন চাহৰ দোকান দিয়ে আৰু একমাত্ৰ জীয়েকজনীৰ যতন লয়। তৃতীয়জন বকুল এজন ডেকা ৰিক্সাচালক, যাৰ পিতৃ ৰক্তিমৰ এসময়ৰ গানৰ শিক্ষক আছিল। ৰক্তিমৰ এই যাত্ৰাত সমাজখনৰ বিভিন্ন দিশ উন্মোচিত হয়।২

অভিনয়ত

বঁ‌টা/সন্মান

  • শ্ৰেষ্ঠ পৰিচালকৰ বঁ‌টা, প্ৰাগ চিনে বঁটা ২০১৬ (ৰীমা বৰা)
  • শ্ৰেষ্ঠ সম্পাদনাৰ বঁ‌টা, প্ৰাগ চিনে বঁটা ২০১৬ (ৰণ্টু চেতিয়া, জাছিৰ ইমতিয়াজ ছিদিক্কী)
  • অসম ৰাজ্যিক চলচিত্ৰ বঁটা ২০১৫-১৬
    • "ৰাস্ট্ৰীয় একতা" শিতানত শ্ৰেষ্ঠ চিনেমা
    • শ্ৰেষ্ঠ চিত্ৰগ্ৰহনকাৰী বঁটা- সন্দীপ পাটিল
    • শ্ৰেষ্ঠ শব্দগ্ৰহনকাৰী বঁটা- বিবেক বসুমটাৰী
    • শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা- উৰ্মিলা মহন্ত
    • শ্ৰেষ্ঠ অভিনেতা বঁটা- উদয়ন দুৱৰা
  • মামি, মুম্বাই চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bokul. www.magicalassam.com
  2. ↑ Bokul (2015). mubi.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকুল (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩২৭২৬২ (১০ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।