অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অভদ্ৰ (চলচ্চিত্ৰ)

অভদ্ৰ (Abhadra) হৈছে ২০১৪ চনৰ ৯ মে'ত মুক্তি লাভ কৰা এখন অসমীয়া বিনোদনধৰ্মী চলচ্চিত্ৰ। এ-টু ক্ৰিয়েছন্‌ছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ।

হালনাগাদ: ৮ নৱেম্বৰ ২০২৪ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অভদ্ৰ (Abhadra) হৈছে ২০১৪ চনৰ ৯ মে'ত মুক্তি লাভ কৰা এখন অসমীয়া বিনোদনধৰ্মী চলচ্চিত্ৰ। এ-টু ক্ৰিয়েছন্‌ছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ। মুম্বাইৰ প্ৰযোজক অৰূপ অধিকাৰীয়ে ইয়াৰ আগতে "দহেক - দ্য ৰেষ্টলেছ মেন" নামেৰে এখন হিন্দী ছবি পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। নৱাগত পৰিচালক অমন কুমাৰে ইয়াৰ আগত বালাজী টেলিফিল্ম্‌ছ, ছাহাৰা ওৱান আদি প্ৰডাক্‌চন কোম্পানী আৰু ছেটেলাইট চেনেলত ক্ৰিয়েটিভ নিৰ্দেশক আৰু চিত্ৰনাট্য লেখক হিচাপে কাম কৰিছিল।১ গুৱাহাটী, সোণাপুৰ আৰু শ্বিলঙত ছবিখনৰ চিত্ৰগ্ৰহণ হয়।

অভিনয়ত

  • চিৰঞ্জিত বৰা
  • ইন্দুমৌলি নেওগ
  • ফেৰীপ্ৰিয়া আহমেদ
  • দীপক ৰয়
  • বিপুল ৰাভা
  • শশাংক শেখৰ ইত্যাদি।

কলা-কুশলী

  • পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ - অমন কুমাৰ
  • প্ৰযোজনা - অৰূপ অধিকাৰী, ৰচনা অধিকাৰী
  • চিত্ৰগ্ৰহণ - মায়াংক শৰ্মা, বিপুল দাস, সিদ্ধেশ্বৰ, ভাস্কৰ কাশ্যপ
  • সংগীত পৰিচালক/আৱহ সংগীত - বিপুলেন্দ্ৰ হালৈ
  • গীতিকাৰ - আক্ৰাম উদ্দিন
  • সম্পাদক - ৰোহন কণ্টাক
  • কলা- অভিমন্যু
  • ছাউণ্ড মিক্সিং - উৎপল দাস
  • নৃত্য নিৰ্দেশনা - আকাশ শূৰ, মিতুপৰ্ণ
  • ৰূপসজ্জা - নানু, দেৱাশিস
  • প্ৰযোজনা নিয়ন্ত্ৰণ - তপন কলিতা

সংগীত

অভদ্ৰৰ সংগীত পৰিচালক বিপুলেন্দ্ৰ হালৈ। গীতৰ কথা আক্ৰাম উদ্দিনৰ। কণ্ঠদান কৰে মধুস্মিতা বৰঠাকুৰ, প্ৰীতম দত্ত, নেহা সিং, সুপ্ৰিয়া পাঠক আৰু গ্ৰেগ শৰ্মাই।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ মুম্বাইৰ প্ৰযোজকৰ অসমীয়া ছবি - অভদ্ৰ

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভদ্ৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪৩৪৫১ (৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।