লোকেল কুংফু (Local Kung Fu) হৈছে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰা সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট অসমীয়া-হিন্দী ভাষাৰ একছন কমেডি৷। কেনী ডি বি ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। সংগীত পৰিচালনা টনী ডি বি আৰু উৎকৰ্ষ ধ'টেকাৰৰ। ২০১২ চনৰ ২৯ জুলাইত অ'ছিয়ান্ছ চিনেফেন ফিল্ম ফেষ্টিভেলত চলচ্চিত্ৰখনৰ প্ৰীমিয়াৰ প্ৰদৰ্শিত হয়। মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে।১ বোলছবিখনৰ একছনৰ দৃশ্যসমূহত কোনোধৰণৰ VFX (স্পেচিয়েল এফেক্ট্ছ) বা কেব্লৰ (cable) ব্যৱহাৰ কৰা হোৱা নাই, বাস্তৱ কুংফু বিশাৰদ আৰু কুংফু শিকাৰুয়ে নিজে সমৰ কলাৰ এই ষ্টাণ্টবিলাক প্ৰদৰ্শন কৰিছে।২ ২০১৭ চনত ছবিখনৰ চিকুৱেল লোকেল কুং ফু ২ মুক্তি পায়।
কাহিনী
ছবিখনৰ কাহিনীটো গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা দুটা যুৱকৰ গোটৰ মাজত হোৱা কাজিয়াক লৈ কেন্দ্ৰীভূত। ছবিখনৰ পৰিচালক কেনী দেউৰী বসুমতাৰী নিজে ছবিখনৰ মূল চৰিত্ৰ চাৰ্লিৰ ৰূপত অভিনয় কৰিছে। আন এটা যুৱকৰ দলে এখন স্কুলৰ সন্মুখত এখন সুৰাৰ দোকান খুলিবলৈ আবকাৰী শুল্ক বিষয়া (Excise inspector) জনক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। এই আবকাৰী শুল্ক বিষয়া জন আছিল চাৰ্লিৰ প্ৰেমিকাৰ (সংগীতা নায়াৰৰ) খুড়াক। ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে ব’ঞ্জ’ – আণ্ডাৰ এইট্টিন ডন।৩
চিত্ৰগ্ৰহণ
ছবিখনৰ সম্পূৰ্ণ চিত্ৰগ্ৰহণ গুৱাহাটীৰ বিভিন্ন ঠাইত কৰা হৈছে। চিত্ৰগ্ৰহণৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নথকা ঠাই আৰু পৰিচালকৰ সম্পৰ্কীয় মানুহৰ ঘৰত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে। ছবিখনৰ একশ্যন সমূহ কৰিঅ’গ্ৰাফ কৰি আখৰা কৰা হৈছিল যাতে চিত্ৰগ্ৰহণৰ সময়ত কোনো লোক আঘাতপ্ৰাপ্ত নহয়।৪ উল্লেখযোগ্য যে, একশ্যন দৃশ্যসমূহৰ চিত্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ কেব’লৰ সহায় লোৱা হোৱা নাছিল। সকলোবোৰ একশ্যন দৃশ্য অভিজ্ঞ সমৰ কলাবিদৰ সহায়ত কৰা হৈছিল। চাৰ্লি আৰু মাজত হোৱা এটা দৃশ্য ২৬ বাৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। লগতে শেষৰ একশ্যন দৃশ্যসমূহ ২১ দিন ধৰি আবেলি সময়ত চিত্ৰগ্ৰহণ কৰা হৈছিল।৫
প্ৰডাকশ্যন
ছবিখনৰ সম্পাদনাৰ কামত পুৰণি ছফ্টৱেৰ ব্যৱহাৰ আৰু নিজ ভাতৃ টনি বসুমতাৰীয়ে সংগীতৰ লগতে আৱাহ সংগীত দিছিল। এনেদৰেই ছবিখন নিৰ্মাণ কৰোঁতে খৰচৰ পৰিমাণ কমোৱা হৈছিল। মুঠ ৯৫,০০০ বাজেটৰ ছবিখনত ৫৮,০০০ টকা কেমেৰাৰ বাবত, ৫ হাজাৰ টকা মাইকৰ বাবত, ১৩-১৫ হাজাৰ টকা অভিনেতা সকলৰ বাবত আৰু বাকী সমূহ খোৱা-বোৱাৰ বাবত খৰচ কৰিছিল।৪
চিত্ৰনাট্য
ছবিখনৰ চিত্ৰনাট্য পৰিচালকে নিজেই ৰচনা কৰিছিল। কলা-কুশলীয়ে দিয়া নতুন নতুন মতামতৰ ভিত্তিত পৰিস্থিতি সাপেক্ষে পৰিচালকে চিত্ৰনাট্য সলনি কৰিছিল। ছবিখনত প্ৰথমতে “আণ্ডাৰ এইট্টিন ডন”ৰ গীতটো সংযোজন কৰা হোৱা নাছিল। এদিন অভিনেতাজনে গানটো ৰচনা-সুৰ কৰি পৰিচালকক গাই শুনাইছিল। তাৰ পাছত এই চৰিত্ৰটোৰ বাবে পৰিচালকে চিত্ৰনাট্য সাল-সলনি কৰিছিল।৬ চিত্ৰনাট্যত একশ্যন দৃশ্যসমূহ বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল।৬
অভিনয়
পৰিচালকে অ’ডিশ্যনৰ যোগেদি নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজৰ পৰা ছবিখনৰ অভিনেতা সকলক নিৰ্বাচন কৰিছিল। ছবিখনৰ হাস্যৰসৰ দৃশ্যসমূহৰ বাবে Comic timingৰ প্ৰয়োজন আছিল। সেয়ে অভিনেতাসকলে বহু সময় ধৰি আখৰা কৰিছিল। ছবিখনত অভিনয় কৰিছে:
- কেনী দেউৰী বসুমতাৰী (চাৰ্লি)
- সংগীতা নায়াৰ
- উৎকল হাজোৱাৰী
- বনী দেউৰী
- বিভাস সিংহ
- ৰণী দেউৰী
- জনী দেউৰী
- এ এছ দেউৰী
কলা-কুশলী
- পৰিচালনা/কাহিনী:- কেনী দেউৰী বসুমতাৰী
- প'ষ্ট প্ৰডাক্ছন:- গগন জাজ
- সংগীত:- টনী ডি বি, উৎকৰ্ষ ধ'টেকাৰ
চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন
মুক্তি
২০১৩ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে অসমৰ চিনেমা হ’লৰ লগতে দিল্লী, মুম্বাই, বেংগালুৰুকে ধৰি ভাৰতৰ সাতখন মহানগৰত লোকেল কুংফুৰ মুক্তি দিয়া হয়।৮ এই কথাছবিখনত ইংৰাজী চাব-টাইটেলৰ ব্যৱস্থা কৰি মুক্তি দিয়া হৈছিল। দুৰ্লভ বৰুৱাৰ কুঁহিপাত কমিউনিকেশ্যন-এ বোলছবিখনৰ বিতৰণ কৰাৰ দায়িত্ব লয়।৫
বাহ্যিক সংযোগ
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লোকেল কুং ফু সম্পৰ্কীয় বা-বাতৰি
- দ্য হিন্দুত লোকেল কুং ফু
- আউটলুকত লোকেল কুং ফুৰ সমীক্ষণ
- জী-নিউজত লোকেল কুং ফুৰ বাতৰি
- অনুৰাগ কাশ্যপ আৰু দিবাকৰ বেনাৰ্জী লোকেল কুং ফু চাই মুগ্ধ
- পৰ্দাফাশ.কমত লোকেল কুং ফু
- লাইভ-মিণ্টত লোকেল কুং ফু
- ৱাশ্বিংটন বাংলা ৰেডিঅত কেনী বসুমতাৰীৰ সাক্ষাৎকাৰ
- দ্য টাইমছ্ অৱ ইণ্ডিয়াত লোকেল কুং ফু
তথ্যসূত্ৰ
- ↑ KK. IIT dropout's Local Kung Fu. Deccan Herald
- ↑ Utpal Borpujari. (২৮ জুলাই, ২০১২). Osian’s Cinefan 2012 Review: Kenny Basumatary’s “Local Kung Fu”. Dear Cinema
- ↑ NAMRATA JOSHI. (OCT 07, 2013). Local Kung Fu (Assamese). outlookindia.com
- ↑ Nitish Kapoor. (Thu, 26 Sep 2013). Kenny D Basumatary's Local Kung Fu wows Anurag Kashyap and Dibakar Banerjee. pardaphash.com
- ↑ (Sep 27, 2013). 'Local Kung Fu' impresses Anurag Kashyap and Dibakar Banerjee. ApunKaChoice.com
- ↑ Sanjukta Sharma. (Mon, Sep 23 2013.). Kenny Basumatary. ivemint.com
- ↑ BHUMIKA K. (২৫ চেপ্টেম্বৰ, ২০১৩). There’s Kung Fu in the air. The Hindu
- ↑ PARAG MANIAR, TNN. (Sep 21, 2013). Indian martial arts flick gears up for release. THE TIMES OF INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকেল কুং ফু” প্ৰবন্ধৰ সংশোধন ৬৪০২২২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।