অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শৃংখল (চলচ্চিত্ৰ)

শৃংখল (The Quiver) হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শৃংখল (The Quiver) হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই। 'অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম'ৰ সহযোগত 'ছিলভাৰ লাইন প্ৰডাক্‌চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা প্ৰীতি শইকীয়া, পাৰ্থ প্ৰতিম বৰা, শচীন্দ্ৰ কুমাৰ কাকতি আৰু সংগীতা শইকীয়াৰ। সংগীত পৰিচালনা মানস হাজৰিকাৰ।১

কাহিনী

শৃংখলৰ কাহিনীভাগত সত্তৰ দশকৰ অসমীয়া সমাজৰ এগৰাকী দুখীয়া বিধৱা মহিলাই জীৱন সংগ্ৰামত ভোগ কৰা যন্ত্ৰণা আৰু নিৰাপত্তাহীনতাৰ ওপৰত চলচ্চিত্ৰখনৰ কাহিনী আধাৰিত।১

নিৰ্মাণ

২০১২ চনৰ ২৯ নৱেম্বৰত শৃংখলৰ শুভ মহুৰত ছিপাঝাৰৰ গৰুখুটিত সম্পন্ন হয়। উক্ত চলচ্চিত্ৰখন নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা ষাঠি শতাংশ ধন আগবঢ়োৱাৰ বিপৰীতে বাকী চল্লিশ শতাংশ বিনিয়োগ কৰিছে ছিলভাৰ লাইন প্ৰডাক্‌চনৰ বেনাৰত প্ৰীতি শইকীয়া, পাৰ্থ প্ৰতিম বৰা, সংগীতা শইকীয়া আৰু শচীন্দ্ৰ কুমাৰ কাকতিয়ে।

চিত্ৰগ্ৰহণ

৩৫ এম এম কেমেৰাৰে শৃংখলৰ চিত্ৰগ্ৰহণ কৰা হয়। চিত্ৰগ্ৰহণৰ দায়িত্বত আছিল সিদ্ধাৰ্থ বৰুৱা।

চিত্ৰনাট্য

কথাছবি খনৰ মূল চিত্ৰনাট্য মহেন্দ্ৰ বৰঠাকুৰৰ। পৰিচালকে কৈছে যে চলচ্চিত্ৰ খাতিৰত ভৱেন্দ্ৰ নাথ শইকীয়াৰ মূল কাহিনী কিছু পৰিমাণে সাল-সলনি কৰা হৈছে। কিন্তু মূল গল্পৰ কোনো ক্ষতি কৰা হোৱা নাই। ছবিখনৰ সংলাপ ৰচনা কৰিছে পৰিচালক প্ৰবীণ হাজৰিকাই।

কলা-কুশলী

  • চিত্ৰগ্ৰহণ: সিদ্ধাৰ্থ দুৱৰা
  • প্ৰডাক্‌চন ডিজাইনাৰ: ফটিক বৰুৱা
  • সহকাৰী পৰিচালক: গৌৰৱ বৰুৱা, উদয় ভাস্কৰ, বিদ্যজ্যোতি ডেকা, হিৰকজ্যোতি নাথ
  • সংগীত: মানস হাজৰিকা
  • শব্দগ্ৰহণ: যতীন শৰ্মা (ফিল্ম ক্ৰাফট্‌)
  • সম্পাদনা: নিৰঞ্জন গগৈ

অভিনয়ত

বহুদিন বাংলা ছবিজগতত ব্যস্ত থকাৰ পাছত প্ৰায় ১৪ বছৰৰ মূৰত জয়া শীল ঘোষে এইখন ছবিৰে অসমীয়া ছবিজগতলৈ প্ৰত্যাৱৰ্তন কৰে।১ ছবিখনৰ অভিনয় শিল্পীসকল হ'ল

  • জয়া শীল (চৰিত্ৰ- অম্বিকা)
  • আদিল হুছেইন
  • বাদল দাস(চৰিত্ৰ- দয়াৰাম)
  • সৌৰভ হাজৰিকা
  • প্ৰতিভা চৌধুৰী
  • ভানু ডেকা
  • নিৰ্মালী শৰ্মা
  • অসীম নাথ
  • ধীৰাজ দাস

চেন্সৰ আৰু মুক্তি

২০১৩ চনৰ ২৯ আগষ্টত গুৱাহাটীত সুকলমে শৃংখলৰ চেন্সৰ হৈ যায়। ছবিখনে U চাৰ্টিফিকেট লাভ কৰে। ২০১৪ চনৰ ১৭ অক্টোবৰত ছবিখনে অসমৰ মুঠ সাতটা চিত্ৰগৃহত মুক্তি লাভ কৰে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ হেমন্ত শৰ্মা. আজি শুভমুক্তি নতুন অসমীয়া চলচ্চিত্ৰ 'শৃংখল'

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৃংখল (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৮৯৫ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।