বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ।১ এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।২ ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ছবিখন শ্ৰেষ্ঠ তিনি চলচ্চিত্ৰ মহোৎসৱৰ এখন বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে। বোলছবিখনত তিনি গৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত মুখামুখি আৰু তাৰ ফলত হোৱা সংঘাতক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।৩ অহা ২০ ছেপ্টেম্বৰ ২০১৯-ত অসমৰ চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰিব।
কাহিনী
ছবিখনৰ মূল কাহিনীভাগ বুলবুল আৰু তাইৰ দুজন বন্ধু চুমু আৰু বনিক লৈ আগবাঢ়ে। ১৫ বছৰীয়া বুলবুল তাইৰ লগৰীয়া সকলৰ লগত খেলি, সময় কটাই ভাল পায়। তাইৰ দেউতাকে ভৱিষ্যতে বুলবুলক এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰে। কিন্তু বুলবুলৰ মাত বহুত মিহি হোৱাৰ বাবে স্কুলৰ গানৰ শিক্ষকে তাইৰ পৰা সন্তুষ্ট নহয়। সেই একেসময়তে বুলবুলৰ শ্ৰেণীৰ লৰা এজনে বুলবুলৰ প্ৰতি কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজত প্ৰেমৰ অংকুৰণ হয়। আৰু অৱশেষত বুলবুলে নিজৰ বাবে গাবলৈ আৰম্ভ কৰে।
বুলবুলৰ বন্ধু চুমু অলপ নাৰীসুলভ আচৰণ কৰে। সেয়ে চুমুক লগৰ বোৰে প্ৰায়ে জোকায়। আনহাতে বনিৰো বুলবুলৰ দৰে এজন প্ৰেমিক থাকে। বুলবুল কেন্ ছিং তেওঁলোকৰ কৈশোৰ কালত নিজৰ লিংগীক পৰিচয় আৰু সমাজৰ লগত ঘটা সংঘাতৰ ৰূপায়ন। বাস্তৱমুখী, আশাবাদী নিষ্পাপ প্ৰেমৰ কাহিনী।
চৰিত্ৰ
- বুলবুল: অৰ্ণালী দাস
- বনি: বণিতা ঠাকুৰীয়া
- সুমন বা চুমু: মনোৰঞ্জন দাস
- মনবেন্দ্ৰ দাস
- পাকিজা বেগম
বঁটা আৰু সন্মান
| চলচ্চিত্ৰ মহোৎসৱ বা বঁটা | শ্ৰেণী | বঁটা প্ৰাপক বা মনোনয়ন | পৰিণাম | উৎস |
|---|---|---|---|---|
| ৬৬সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অসমীয়া পূৰ্ণ দৈঘ্যৰ ছবি | বুলবুল কেন্ ছিং | ৪ | |
| জিঅ' মামি চলচ্চিত্ৰ মহোৎসৱ ২০১৮: গোল্ডেন গেটৱে | ইণ্ডিয়া গোল্ড | বুলবুল কেন্ ছিং' | | style="text-align:center;"| ৫ |- | rowspan="2" |২৯তম চিংগাপুৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: ছিলভাৰ স্ক্ৰীন বঁটা | শ্ৰেষ্ঠ এছিয়ান ছবি | বুলবুল কেন্ ছিং | | style="text-align:center;" rowspan="2" | ৬ |- | শ্ৰেষ্ঠ পৰিবেশক - এছিয়ান ছবি | মনোৰঞ্জন দাস | |- | বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯ | জেনেৰেচন ১৪প্লাছ | বুলবুল কেন্ ছিং'' | ৭ |
তথ্যসূত্ৰ
- ↑ On a Song: Rima Das’ next, Bulbul Can Sing to premiere at TIFF next month. The Indian Express
- ↑ TIFF Adds More High-Profile Titles, Including Jonah Hill’s ‘Mid90s,’ ‘Boy Erased,’ ‘Hold the Dark,’ and Many More. IndieWire
- ↑ Peter Knegt, "It's another queer year for TIFF — here are your 13 essential films". CBC Arts, 29 August 2018
- ↑ (9 August 2019). Here is the full list of awardees
- ↑ (1 November 2018). Rima Das’ Bulbul Can Sing wins top honour at 20th Jio MAMI Mumbai Film Festival
- ↑ Ramachandran, Naman; Ramachandran, Naman. (8 December 2018). SGIFF: Singapore’s ‘A Land Imagined’ Wins Silver Screen Award
- ↑ National Award Winner Rima Das' Assamese Film Heads to Berlin. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুলবুল কেন্ ছিং” প্ৰবন্ধৰ সংশোধন ৪৬৬৯৩৮ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।