শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
৩০ প্ৰবন্ধ
-
কৰিশ্মা কাপুৰ
কৰিশ্মা কাপুৰ (Karisma Kapoor; জন্ম: ২৫ জুন ১৯৭৪) মূলতঃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এগৰাকী কাপুৰ পৰিয়ালৰ সদস্য, অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ কন্যা আৰু অভিনেত্ৰী কৰিণা কাপুৰৰ বায়েক।
-
ৰাখী গুলজাৰ
Rakhee Gulzar ( Rakhee Gulzar; জন্ম ৰাখী মজুমদাৰ ১৫ আগষ্ট ১৯৪৭; অধিক জনাজাত নাম ৰাখী) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
কংগনা ৰাণাৱত
কংগনা অমৰদ্বীপ ৰানাৱত (Kangna Amardeep Ranaut; জন্ম: ২৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে।
-
শেফালী শ্বাহ
শ্বেফালি শ্বাহ (Shefali Shah, জন্ম: ১৯ জুলাই ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবি জগত বা বলিউডত অভিনয় কৰে। ১৯৯৫ চনত মুক্তি লাভ কৰা 'ৰংগিলা' (১৯৯৫)-ৰ জৰিয়তে তেখেতে ছবিৰ জগতত খোজ পেলায়। ১৯৯৮ চনত তেখেতে অপৰাধমূলক ছবি 'সত্যা'ত এটি সহযোগী চৰিত্ৰত অভিনয় কৰে।
-
নীনা গুপ্তা
নীনা গুপ্তা (Neena Gupta; জন্ম: ৪ জুলাই, ১৯৫৯) দিল্লীত জন্মগ্ৰহণকাৰী প্ৰথিতযশা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী আৰু পৰিচালক-নিৰ্মাতা। 'ৱহ চ'কৰি' চলচ্চিত্ৰত অভিনয় কৰে শ্ৰেষ্ঠ সহ-অভিনেত্ৰী শিতানত ১৯৯৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ৰেৱতী
আশা কেলুন্নী (জন্ম: ৮ জুলাই ১৯৬৬)-ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী (Revathi)। ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে।
-
সুহাসিনী মুলে
সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।
-
সুৰেখা চিক্ৰি
সুৰেখা চিক্ৰি ( Surekha Sikri; ১৯ এপ্ৰিল, ১৯৪৫ - ১৬ জুলাই, ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মঞ্চ নাটকৰ সমান্তৰালকৈ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু চিনেমাতো অভিনয় কৰিছিল।
-
অম্ৰুতা সুভাষ
অম্ৰুতা (Amruta Subhash ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন, আৰু থিয়েটাৰত কাম কৰে। তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক।[4] অম্ৰুতাই কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত আছে- এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,[5] দুটা…
-
কল্পনা (অভিনেত্ৰী)
কল্পনা ৰঞ্জনী ( Kalpana Ranjani; ৫ অক্টোবৰ ১৯৬৫ – ২৫ জানুৱাৰী ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি কল্পনা নামেৰে অধিক পৰিচিত। তেওঁ দক্ষিণ ভাৰতীয় ছবিত, প্ৰধানকৈ মালয়ালম আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰিছিল। তেওঁ বিভিন্ন দক্ষিণ ভাৰতীয় ভাষাৰ ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে।
-
ডলী আহলুৱালিয়া
ডলী আহলুৱালিয়া ( Dolly Ahluwalia) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সাজ-পোছাক ডিজাইনাৰ। ২০০১ চনত তেওঁ সাজ-পোছাকৰ ডিজাইনৰ বাবে সংগীত নাটক একাডেমী বঁটা আৰু লগতে তিনিটা ফিল্মফেয়াৰ আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
তন্বী আজমী
তন্বী আজমী (Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। “অকেলে হম অকেলে তুম” (১৯৯৫), “বাজীৰাও মস্তানী” (২০১৫), “থাপ্পড়” (২০২০) আৰু “ত্ৰিভংগা” (২০২১) ছবিৰ বাবে তেওঁ পৰিচিত।
-
পল্লৱী যোশী
পল্লৱী যোশী (Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।
-
মনোৰমা
গোপীশান্তা (Gopishantha; ২৬ মে' ১৯৩৭ – ১০ অক্টোবৰ ২০১৫), এগৰাকী ভাৰতীয় অভিনেত্ৰী, কমেডিয়ান আৰু নেপথ্য কণ্ঠশিল্পী আছিল,যাৰ মঞ্চনাম মনোৰমা আছিল আৰু যাক আচী বুলিও কোৱা হয়। তেওঁ ১০০০ৰো অধিক ছবিত অভিনয় আৰু ৫০০০টা মঞ্চ প্ৰদৰ্শন কৰিছে।
-
লেইছাংথেম টোনথোইংগাম্বী দেৱী
টোনথোইংগাম্বr লেইছাংথেম (Kavitha Manoranjini) এগৰাকী ভাৰতীয় অভিনেত্ৰী; জনপ্ৰিয়ভাৱে টোনথোই নামেৰে পৰিচিত। তেওঁ মণিপুৰী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
সুদীপ্তা চক্ৰৱৰ্তী
সুদীপ্তা চক্ৰৱৰ্তী ( Sudiptaa Chakraborty ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে বেছিভাগ বাংলা চলচ্চিত্ৰত কাম কৰে। বাড়ীৱালী ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সোহিনী সেনগুপ্ত
সোহিনী সেনগুপ্ত ( Sohini Sengupta ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। সোহিনী অভিনেতা ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ কন্যা, যি থিয়েটাৰত সক্ৰিয় আছিল। সোহিনী বাংলা নাট্যগোষ্ঠী নান্দীকাৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আছিল।
-
অনন্যা খাৰে
অনন্যা খাৰে ( Ananya Khare ) এগৰাকী ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। দেৱদাস আৰু চান্দনী বাৰৰ দৰে বলীউডৰ ছবিত অভিনয় কৰি তেওঁ অধিক পৰিচিত। চান্দনী বাৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
উত্তৰা বাওকৰ
উত্তৰা বাওকৰ (Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল।
-
উৰ্বশী (অভিনেত্ৰী)
কবিতা মনোৰঞ্জিনী (Kavitha Manoranjini; জন্ম: ২৫ জানুৱাৰী ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ডাবিং শিল্পী, টেলিভিছন হোষ্ট, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। পেছাগতভাৱে তেওঁ উৰ্বশী নামেৰে পৰিচিত। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত, প্ৰধানকৈ মালয়ালম, তামিল, কানাড়া আৰু তেলেগু ছবিত কৰা কামৰ বাবে পৰিচিত।
-
কে পি এ চি ললিতা
মহেশ্বৰী আম্মা (K. P. A. C. Lalitha; ১৯৪৭ চনৰ ১০ মাৰ্চ – ২০২২ চনৰ ২২ ফেব্ৰুৱাৰী) গৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী, যিয়ে মূলতঃ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ সৈত্ জড়িত। তেওঁক কে পি এ চি ললিতা মঞ্চনামৰে অধিক জনা যায়।
-
জাইৰা ৱাছিম
জাইৰা ৱাছিম (Zaira Wasim; জন্ম: ২৩ অক্টোবৰ ২০০০) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে হিন্দী ছবিত কাম কৰিছিল। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি বহুতো প্ৰশংসা লাভ কৰা ৱাছিমক ২০১৭ চনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।
-
বলজিন্দৰ কৌৰ
বলজিন্দৰ কৌৰ (Baljinder Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হাৰিয়ানৱী, হিন্দী আৰু তামিল ছবিত অভিনয় কৰিছে।
-
বিজয়া মেহতা
বিজয়া মেহতা ( Vijaya Mehta; জন্ম: ৪ নৱেম্বৰ ১৯৩৪) এগৰাকী বিখ্যাত ভাৰতীয় মাৰাঠী চলচ্চিত্ৰ আৰু থিয়েটাৰ পৰিচালক আৰু বহু সমান্তৰাল ছবিৰ অভিনেতাও। নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অভিনেতা অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে মুম্বাইস্থিত থিয়েটাৰ ৰংগায়নৰ প্ৰতিষ্ঠাপক সদস্য।
-
লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী
লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী (Zaira Wasim) এগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তামিল ছবিত কাম কৰে। মাদ্ৰাচ স্কুল অৱ ছ’চিয়েল ৱৰ্কৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চন্দ্ৰমৌলীয়ে ইংৰাজী থিয়েটাৰ কোম্পানী ইভামত পূৰ্ণকালীন কৰ্মচাৰী হিচাপে যোগদান কৰে।
-
সুকুমাৰী
সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে…
-
আইদা এল-কাছেফ
আইদা এল-কাছেফ (Amruta Subhash ) এগৰাকী নাৰীবাদী, ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল।
-
শান্তা দেৱী
দময়ন্তী (Santha Devi; ১৯২৭ – ২০ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী; যি তেওঁৰ মঞ্চনাম কোজিকোদ শান্তা দেৱী নামেৰে অধিক পৰিচিত। প্ৰায় ষাঠি বছৰীয়া কেৰিয়াৰত তেওঁ ১০০০ তকৈ অধিক নাটক আৰু প্ৰায় ৪৮০ খন ছবিত অভিনয় কৰিছিল।
-
শীলা
শীলা চেলিন ( Sheela Celine; জন্ম: ২২ মাৰ্চ ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক যাক মূলতঃ মালয়ালম চলচ্চিত্ৰত দেখা যায়। প্ৰেম নাজিৰৰ সৈতে যুটি বান্ধি, তেওঁলোকে নায়ক আৰু নায়িকাৰ ভূমিকাত সৰ্বাধিক সংখ্যক ছবিত (১৩০খন) অভিনয় কৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।
-
ৰাজেশ্বৰী সচদেৱ
ৰাজেশ্বৰী সচদেৱ (; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।