অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পল্লৱী যোশী

পল্লৱী যোশী (Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পল্লৱী যোশী (Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। চলচ্চিত্ৰ আৰু টেলিভিছনৰ বিস্তৃত কৰ্মজীৱনত পল্লৱীয়ে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰিও আৰু ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন আদি প্ৰশংসা লাভ কৰিছে।

পল্লৱীৰ জন্ম মুম্বাইৰ এটা মাৰাঠী ভাষা পৰিয়ালত হয়। তেওঁ চাৰি বছৰ বয়সতে হিন্দী ছবি নাগ মেৰে সাথীত (১৯৭৩) সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰে। শিশু শিল্পী হিচাপে অসংখ্য চলচ্চিত্ৰত অভিনয় কৰা পল্লৱীয়ে সমান্তৰাল চলচ্চিত্ৰ আন্দোলনত জড়িত হয় আৰু স্বীকৃতি আৰু প্ৰশংসা অৰ্জন কৰে। ভুজংগনয়না দশৱতাৰ (১৯৮৮), ৰিহাই (১৯৮৮),ৰুক্মাৱতী কি হাৱেলী (১৯৯১) আদি সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি, য’ত তেওঁ অভিনয় কৰিছিল। ৱহ চোকৰিৰ (১৯৯২) বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিশেষ জুৰী বঁটা লাভ কৰে। ইনছাফ কি আৱাজ (১৯৮৬), অন্ধা যুধ (১৯৮৭), মুজৰিম (১৯৮৯), সৌদাগৰ (১৯৯১), পনাহ (১৯৯২) আদি কেইবাখনো ব্যৱসায়িক ছবিত যোশীয়ে অভিনয় কৰিছিল। ইনছাফ কী আৱাজৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয়। টেলিভিছনৰ উদ্যোগত তেওঁৰ কেৰিয়াৰ আৰু অধিক সম্প্ৰসাৰিত হয়। দূৰদৰ্শনৰ তালাছ (১৯৯২), আৰোহন (১৯৯৬-১৯৯৭), অল্পবিৰাম (১৯৯৮), জাষ্টুজু (২০০২-২০০৪) আদি অনুষ্ঠানে খ্যাতি আৰু জনপ্ৰিয়তা আনি দিয়ে। শেহতীয়া বছৰবোৰত পল্লৱীয়ে মূলতঃ তেওঁৰ স্বামী পৰিচালক বিবেক অগ্নিহোত্ৰীৰ সহযোগী ৰূপে কাম কৰি আহিছে। বিশেষকৈ দ্য তাছকেণ্ট ফাইলছ (২০১৯), আৰু দ্য কাশ্মীৰ ফাইলছৰ (২০২২) তেওঁ সহ-প্ৰযোজক। ইয়াৰে প্ৰথমখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

কৰ্মজীৱন

পল্লৱীয়ে সৰুতেই মঞ্চত অভিনয় কৰিবলৈ লয়। শিশুশিল্পী হিচাপে বদলা, আদমী সড়ক কা আদি ছবিত অভিনয় কৰে। দাদাত (১৯৭৯) তেওঁ এজন কুখ্যাত গেংষ্টাৰৰ শুদ্ধ পথলৈ অনা অন্ধ শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। আশীৰ দশকটোত তথা নব্বৈৰ দশকৰ প্ৰথমভাগত ৰুক্মাৱতী কী হাৱেলী, সুৰজ কা সাতৱাঁ ঘোড়া, তৃষাগ্নি (১৯৮৮), বঞ্চিত, ভুজায়ন দশৱতাৰ (১৯৯১) আৰু ৰিহাই আদি কলাত্মক ছবিত ছবিত অভিনয় কৰে। সৌদাগৰ, পনাহ, তেহেলকা, মুজৰিমকে ধৰি ব্যৱসায়িক বিগ বাজেটৰ ছবিতো ভগ্নী বা নায়িকাৰ বন্ধু হিচাপে সহযোগী চৰিত্ৰত তেওঁক দেখা গৈছিল। অন্ধা যুধত (১৯৮৮) বিশেষভাৱে সক্ষম ছোৱালী এজনীৰ চৰিত্ৰত অভিনয় কৰি ফিল্মফেয়াৰ ‘শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী’ৰ বঁটাৰ বাবে মনোনীত হয়। তেওঁ ৱহ চোকৰিত (১৯৯২) অভিনয় কৰি তেওঁ ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিশেষ জুৰী বঁটা পাবলৈ সক্ষম হৈছিল। শ্যাম বেনেগালৰ দ্য মেকিং অৱ দ্য মহাত্মাত (১৯৯৫) কস্তুৰবা গান্ধীৰ ভূমিকাত অভিনয় কৰে।১২

পল্লৱীয়ে আঞ্চলিক ভাষাৰ ছবিতো কাম কৰিছে। কে পি ছাছিৰ পৰিচালনাত নিৰ্মিত সমালোচকৰ প্ৰশংসিত মালয়ালম ছবি ইলায়ুম মুলুমত (১৯৯৪) তেওঁ কেন্দ্ৰীয় চৰিত্ৰ ‘শান্তা’ৰ ভূমিকাত আৰু লোকেশ পৰিচালিত কানাড়া ছবি ভুজংগায়না দশৱতাৰৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰেনুকা চাহানী পৰিচালিত মাৰাঠী ছবি ৰীতাৰ মুখ্য চৰিত্ৰটোৰ বাবে পল্লৱীক কাষ্টিং কৰা হৈছিল।

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰে। বিবেক অগ্নিহোত্ৰী পৰিচালিত দ্য কাশ্মীৰ ফাইলছৰ বাবে তেওঁক এই সন্মান দিয়া হয়; য’ত তেওঁ অধ্যাপিকা ৰাধিকা মেননৰ চৰিত্ৰত অভিনয় কৰিছিল।৩৪

তথ্যসূত্ৰ

  1. ↑ 41st National Film Awards. International Film Festival of India
  2. ↑ 41st National Film Awards (PDF). Directorate of Film Festivals
  3. ↑ (22 March 2021). Pallavi Joshi on National Film Award Win for Tashkent Files: This will Definitely Shut Critics Up. News18
  4. ↑ (6 July 2015). FTII row: Pallavi Joshi quits in solidarity with students. The Hindu

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল্লৱী যোশী” প্ৰবন্ধৰ সংশোধন ৩৮১৬৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।