শ্বেফালি শ্বাহ (Shefali Shah, জন্ম: ১৯ জুলাই ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবি জগত বা বলিউডত অভিনয় কৰে।১২ ১৯৯৫ চনত মুক্তি লাভ কৰা 'ৰংগিলা' (১৯৯৫)-ৰ জৰিয়তে তেখেতে ছবিৰ জগতত খোজ পেলায়। ১৯৯৮ চনত তেখেতে অপৰাধমূলক ছবি 'সত্যা'ত এটি সহযোগী চৰিত্ৰত অভিনয় কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে আৰু ৪৪তম ফিল্মফেয়াৰ উৎসৱত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে। ২০০৫ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি 'ৱক্ত' আৰু ২০১৫ চনত নিৰ্মিত 'দিল ধড়কনে দো'ত কৰা অভিনয়ৰ বাবে তেখেত পুনৰ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। ২০০৭ চনত শ্বেফালিয়ে 'দ্য লাষ্ট লিয়েৰ' নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে।৩
প্ৰাৰম্ভিক জীৱন
১৯৭২ চনৰ জুলাই মাহত শ্বেফালি শ্বাহে জন্মলাভ কৰে। তেখেত সুধাকৰ ছেট্টি আৰু শোভা ছেট্টিৰ একমাত্ৰ সন্তান।৪
কৰ্মজীৱন
দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা 'আৰোহণ' নামৰ অনুষ্ঠানটোৰ জৰিয়তে শ্বেফালি শ্বাহৰ টিভিৰ জগতত পদাৰ্পণ কৰে।৫ আনহাতে ১৯৯৫ চনত মুক্তিলাভ কৰা 'ৰংগীলা' ছবিখনৰ যোগেদি তেখেতে হিন্দী ছবিৰ জগতত ভৰি থয়,৬ যদিও ছবিখনৰ কেইটামান দৃশ্যাংশতহে তেখেতক দেখা পোৱা গৈছিল। দূৰদৰ্শনত তেখেতে 'কভি কভি' নামৰ ধাৰাবাহিকখনত অভিনয় কৰে।৭
১৯৯৮ চনত মুক্তিলাভ কৰা সমালোচকৰ দ্বাৰা বহুল-প্ৰশংসিত ছবি 'সত্যা' আছিল শ্বেফালিৰ জীৱনৰ অন্যতম ছবি। এইখন ছবিৰ জৰিয়তেই তেখেতে সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীন বঁটা আৰু ফিল্মফেয়াৰ বঁটাত সমালোচকৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে।
২০০৫ চনত শ্বেফালিয়ে 'ৱক্ত' নামৰ ছবিখনত অমিতাভ বচ্চনৰ পত্নীৰ ভূমিকা ৰূপায়ণ কৰে। ছবিখন তেখেতৰ স্বামী বিপুল অম্ৰুতলালে শ্বাহে পৰিচালনা কৰিছিল। শ্বেফালি শ্বাহৰ আন দুখনমান সফল আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি হৈছে- 'মনছুন ৱেডিং', 'গান্ধী, মাই ফাদাৰ', 'ব্লেক এণ্ড হোৱাইট'। ঋতুপৰ্ণ ঘোষৰ দ্বাৰা নিৰ্মিত ছবি 'দ্য লাষ্ট লিয়েৰ'ত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৮
২০১৯ চনত শ্বেফালি শ্বাহে এখন ৱেব টেলিভিছন ছিৰিজ 'দিল্লী ক্ৰাইম'ত অভিনয় কৰে। ৰিচি মেহতাৰ দ্বাৰা লিখিত আৰু পৰিচালিত এই চিৰিজটো দিল্লীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ওপৰত আধাৰিত। ছিৰিজটোত আগবঢ়োৱা শক্তিশালী অভিনয়ৰ বাবে শ্বেফালী শ্বাহে দৰ্শক-সমালোচকৰ পৰা প্ৰচুৰ প্ৰশংসা লাভ কৰে। চিৰিজটোৱে ৪৮তম আন্তঃৰাষ্ট্ৰীয় এমি (Emmy) বঁটা-প্ৰদান অনুষ্ঠানত 'শ্ৰেষ্ঠ ড্ৰামা'ৰ সন্মান অৰ্জন কৰে। এমি বঁটা লাভ কৰা এইখনেই হৈছে প্ৰথম ভাৰতীয় ৱেব-ছিৰিজ।৯১০
বঁটা আৰু সন্মান
| বৰ্ষ | ছবি | বঁটা | শ্ৰেণী | ফল |
|---|---|---|---|---|
| ১৯৯৯ | সত্যা | ষ্টাৰ স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা | |
| ১৯৯৯ | সত্যা | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ বঁটা | |
| ১৯৯৯ | সত্যা | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা | |
| ১৯৯৯ | সত্যা | জি চিনে বঁটা | সহ-অভিনেত্ৰীৰ জি চিনে বঁটা | |
| ২০০৬ | ৱক্ট: দ্য ৰেচ এগেইনষ্ট টাইম | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা | |
| ২০০৬ | ৱক্ট: দ্য ৰেচ এগেইনষ্ট টাইম | জি চিনে বঁটা | শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ জি চিনে বঁটা | |
| ২০০৬ | ৱক্ট: দ্য ৰেচ এগেইনষ্ট টাইম | ষ্টাৰ স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা | |
| ২০০৭ | দ্য লাষ্ট লিয়েৰ | ৰাষ্ট্ৰীয় ছবি বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় ছবি বঁটা | |
| ২০০৭ | গান্ধী, মাই ফাদাৰ | টকিঅ' আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ | শ্ৰেষ্ঠ অভিনেত্ৰী | |
| ২০০৭ | গান্ধী, মাই ফাডাৰ | প্ৰডিউছাৰছ গিল্ড ছবি বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | |
| ২০১৫ | ডিল ধড়কনে ডো | ষ্টাৰডাষ্ট বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰডাষ্ট বঁটা | |
| ২০১৫ | ডিল ধড়কনে ডো | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা | |
| ২০১৫ | ডিল ধড়কনে ডো | স্ক্ৰীন বঁটা | শ্ৰেষ্ঠ অভিনয়-শিল্পীৰ গোট (Best Ensemble Cast) | |
| ২০১৮ | জুইছ (Juice) | ফিল্মফেয়াৰ চুটি ছবি বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | |
| ২০১৯ | দিল্লী ক্ৰাইম | আইৰিল বঁটা (iReel Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী- ড্ৰামা |
তথ্যসূত্ৰ
- ↑ (24 October 2009). Now, I'll play my age in films: Shefali Shah. The Times of India
- ↑ (30 October 2007). Shefali Shah wins best actor award. The Times of India
- ↑ (22 January 2017). Revealed: This 'Dil Dhadakne Do' actress will do a special cameo in 'Commando 2'. DNA India
- ↑ Vimla Patil. (24 January 1999). The Tribune..Sunday Reading. The Tribune (Chandigarh)
- ↑ Sadhwani, Bhavya. (22 March 2019). Shefali Shah Has No Qualms About Doing Less Number Of Roles, As Long As They Are Special Ones. IndiaTimes
- ↑ (16 September 2008). The Last Lear is my best performance: Shefali Shah. Sify
- ↑ (27 April 1998). Strong and never silent. Indian Express
- ↑ Rinky Kumar. (20 August 2010). Re-living a dream. Indian Express
- ↑ (2020-11-25). Delhi Crime a turning point in my life: Shefali Shah. The Indian Express
- ↑ Explained: How International Emmy winner ‘Delhi Crime’ came into being. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেফালী শ্বাহ” প্ৰবন্ধৰ সংশোধন ৫৩২৬০৪ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।