অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজেশ্বৰী সচদেৱ

ৰাজেশ্বৰী সচদেৱ (; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰাজেশ্বৰী সচদেৱ (; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

সচদেৱে ১৯৯৪ চনৰ পৰা ২০০১ চনলৈ অনু কাপুৰৰ সৈতে জি টিভিৰ মিউজিকেল শ্ব’ অন্তাক্ষৰীৰ সহ-আয়োজক আছিল। ২০০৫ চনত তেওঁ স্বামী বৰুণ বদোলাৰ সৈতে ৰিয়েলিটি টিভিৰ নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠান নাচ ৱালিয়েত অংশগ্ৰহণ কৰে।১ তেওঁ ক্ৰাইম টিভি ধাৰাবাহিক ৰিহাইতো কাম কৰিছিল, য'ত তেওঁ এগৰাকী সমাজকৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

ৰাজেশ্বৰীয়ে ১৯৭৪ চনৰ ১৪ এপ্ৰিলত৩ মুম্বাইত এগৰাকী পাঞ্জাবী পিতৃ আৰু এগৰাকী তামিল মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।৪

মুম্বাইৰ গুৰু নানক খালছা কলেজৰ (কিংছ চাৰ্কল) পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ৫ ভাৰতীয় গণনাট্য় সংঘৰ সৈতে জড়িত হয় আৰু নাট্যাভিনয়ৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৪ চনৰ ২৪ নৱেম্বৰত সচদেৱে বৰুণ বদোলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে, যাৰ জন্ম হৈছিল ২০১০ চনৰ ১০ মে'ত।৬ বদোলাৰ জন্ম ঠাই উত্তৰাখণ্ডৰ কোটদ্বাৰৰ ভাভেৰ নামৰ ঠাইত এখন ফাৰ্ম হাউচ আছে।৭

তথ্যসূত্ৰ

  1. ↑ (28 January 2014). Rajeshwari Sachdev joins Bhagyashree for a TV show - Times of India. The Times of India
  2. ↑ (21 November 2008). 'I'll have to get pregnant' - Times of India. The Times of India
  3. ↑ हिंदी खबर, Latest News in Hindi, हिंदी समाचार, ताजा खबर. Patrika News
  4. ↑ (9 September 2018). Guftagoo with Rajeshwari Sachdev. Sansad TV on Youtube
  5. ↑ When Rajeswari took on Rekha, Hema Malini. Rediff
  6. ↑ When Rajeswari took on Rekha, Hema Malini. Rediff
  7. ↑ Varun Badola. www.aboututtarakhand.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মঞ্চ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেশ্বৰী সচদেৱ” প্ৰবন্ধৰ সংশোধন ৫৭২৬৮৬ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।