অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কংগনা ৰাণাৱত

কংগনা অমৰদ্বীপ ৰানাৱত (Kangna Amardeep Ranaut; জন্ম: ২৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪২৫ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কংগনা অমৰদ্বীপ ৰানাৱত ১২ (Kangna Amardeep Ranaut; জন্ম: ২৩ মাৰ্চ ১৯৮৭) ৩ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। নাৰী কেন্দ্ৰিক চলচ্চিত্ৰত দৃঢ়মনৰ অগতানুগতিক নাৰী চৰিত্ৰ চিত্ৰিত কৰাৰ বাবে বিশেষভাবে পৰিচিত, ৰাণাৱতে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। লগতে ফৰ্বছ ইণ্ডিয়াৰ ‘চেলিব্ৰিটি ১০০’ তালিকাত তেওঁ ছবাৰকৈ স্থান পাইছে। ২০২০ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰে।

ষোল্ল বছৰ বয়সত নাট্ পৰিচালক অৰবিন্দ গৌৰৰ অধীনত প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ৰাণাৱটে কম সময়ৰ বাবে মডেলিঙতো জড়িত হৈ পৰিছিল। ৪ ২০০৬ চনৰ থ্ৰিলাৰ ছবি গেংষ্টাৰৰ যোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। ছবিখনে তেওঁলৈ প্ৰথম ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰে। ৫ ৱো লমহে (২০০৬),লাইফ ইন এ মেট্ৰো (২০০৭) আৰু ফেশ্বনত (২০০৮) তীব্ৰ সংবেদনশীল নাৰী চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়। ৬ ৭ ইয়াৰে শেষৰখন ছবিৰে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনে। ব্যৱসায়িকভাৱে সফল ছবি ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজ (২০০৯) আৰু ওৱানছ্ আপন এ টাইম ইন মুম্বাই (২০১০) ছবিত অভিনয় কৰিছিল যদিও নিউৰ’টিক চৰিত্ৰত একঘেয়েমী অভিনয়ৰ বাবে সমালোচিতও হৈছিল। তনু ৱেডছ মনুত (২০১১) এটা কমিক চৰিত্ৰত অভিনয় কৰি ভাল সমাদৰ পাইছিল। অৱশ্যে ইয়াৰ পিছত চমু সময়ৰ বাবে গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰিও কেৰিয়াৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে। ৮

ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম কল্পবিজ্ঞান ছবি কৃষ ৩-ত মিউটেণ্টৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ উৰ্দ্ধমুখী হোৱাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ পিছত তেওঁ কমেডী ছবি কুইনত (২০১৪) এজনী পৰিত্যক্ত কইনাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে একেধাৰে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১৫-ত কমেডী ছিকুৱেল তনু ৱেডছ মনু ৰিটাৰ্নছ মুক্তি পায়; সৰ্বোচ্চ উপাৰ্জনকাৰী নাৰী প্ৰধান এই ছবিখনত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ব্যৱসায়িক ভাবে বিফল হ’বলৈ ধৰে আৰু তাৰকাৰ মৰ্যদা অৱনমিত হয়। এই সময়ছোৱাত তেওঁৰ একমাত্ৰ সফল উদ্যম আছিল জীৱনীভিত্তিক ছবি মণিকৰ্ণিকা: দ্য কুইন অৱ ঝান্সি (২০১৯); যিখন ছবিৰ তেওঁ সহ-পৰিচালকো আছিল। মণিকৰ্ণিকা: দ্য কুইন অৱ ঝান্সি আৰু পাংগাত কৰা অভিনয়ৰ বাবে তেওঁ যৌথভাবে চতুৰ্থটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়। পাংগাত তেওঁ এগৰাকী খেলুৱৈৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ৯

২০২০ চনত ৰাণাৱতে মণিকৰ্ণিকা ফিল্মছ নামেৰে নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰে; যিটো প্ৰডাকচনত তেওঁ পৰিচালক আৰু প্ৰযোজক হিচাপে কাম কৰি আছে। প্ৰচাৰ মাধ্যমত তেওঁক অন্যতম উত্তম সাজ-পোছাক পৰিধান কৰা চেলিব্ৰিটি হিচাপে কৃতিত্ব দিয়া হৈছে। সোঁপন্থী মতাদৰ্শৰ সৈতে মিল থকা তেওঁৰ বক্তব্যসমূহৰ লগতে, তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কৰ মাজত সঘনাই হোৱা সংঘৰ্ষই বিতৰ্কৰ সৃষ্টি কৰিছে। ১০ ১১

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Manikarnika Films Private Limited Information on The Economic Times. The Economic Times
  2. ↑ (2016-05-22). Kangana Ranaut is not as young as she claims?. Deccan Chronicle
  3. ↑ Goyal, Divya. (18 January 2019). Kangana Ranaut To Karni Sena on Manikarnika Row: I'm Rajput, Will Destroy You. NDTV.com
  4. ↑ (29 October 2007). Kangana Ranaut bares her soul. The Times of India
  5. ↑ (25 December 2006). Kangana Ranaut new face of 2006. The Tribune
  6. ↑ (19 September 2006). It was difficult to portray schizophrenia: Kangana. Daily News and Analysis
  7. ↑ Jha, Subhash K. (13 October 2006). Her moment. The Telegraph
  8. ↑ Kangana Ranaut: Box Office Details and Filmography. Box Office India
  9. ↑ Pathak, Ankur. (15 September 2018). Sonu Sood Refused To Work Under A Woman Director, Says Kangana Ranaut After Actor Walked Out 'Manikarnika'. HuffPost
  10. ↑ Sengar, Shweta. (4 February 2021). Abuse, Mockery & Slut-Shaming: What Women Faced For Speaking Out Over Farmers' Protests. The Times of India
  11. ↑ Majumder, Abhijit. (11 September 2020). Kangana Ranaut is not a loose cannon, but a political silver bullet. Firstpost

সম্পৰ্কিত শ্ৰেণী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মঞ্চ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংগনা ৰাণাৱত” প্ৰবন্ধৰ সংশোধন ৩৮০৩৩১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।