অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাইৰা ৱাছিম

জাইৰা ৱাছিম (Zaira Wasim; জন্ম: ২৩ অক্টোবৰ ২০০০) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে হিন্দী ছবিত কাম কৰিছিল। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি বহুতো প্ৰশংসা লাভ কৰা ৱাছিমক ২০১৭ চনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জাইৰা ৱাছিম (Zaira Wasim; জন্ম: ২৩ অক্টোবৰ ২০০০) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে হিন্দী ছবিত কাম কৰিছিল। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি বহুতো প্ৰশংসা লাভ কৰা ৱাছিমক ২০১৭ চনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰেৰে সন্মানিত কৰা হয়। পূৰ্বতে ব্যতিক্ৰমী কৃতিত্বৰ বাবে দিয়া এই বঁটাৰ নাম ৰাষ্ট্ৰীয় শিশু বঁটা আছিল।১২

শৈশৱ জীৱন

২০০০ চনৰ ২৩ অক্টোবৰত ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ ডাউনটাউন চুবুৰীত পিতৃ-মাতৃ জাহিদ আৰু জৰ্কা ৱাছিমৰ ঘৰত কাশ্মীৰী মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৱাছিমে। দেউতাকে শ্ৰীনগৰৰ জে এণ্ড কে বেংকত এক্সিকিউটিভ মেনেজাৰ হিচাপে কাম কৰিছিল আৰু মাক এগৰাকী শিক্ষয়িত্ৰী।শ্ৰীনগৰৰ সোণোৱাৰৰ ছেইণ্ট পলছ ইণ্টাৰনেশ্যনেল একাডেমীৰ পৰা দশম শ্ৰেণী সম্পূৰ্ণ কৰিছিল।

কৰ্মজীৱন

জীৱনীমূলক ক্ৰীড়া ছবি “দংগল”ত (২০১৬) এগৰাকী যুৱতী গীতা ফ’গাটৰ চৰিত্ৰত অভিনয় কৰি ৱাছিমে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে, যিখন ছবিয়ে বিশ্বজুৰি ২,০০০ কোটি টকাতকৈও (৩০ কোটি ডলাৰ) অধিক উপাৰ্জন কৰি অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে স্থান পাইছিল। ইয়াৰ পিছত তেওঁ সংগীতিক নাট্যধৰ্মী ছবি “ছিক্ৰেট ছুপাৰষ্টাৰ”ত (২০১৭) এগৰাকী উচ্চাকাংক্ষী গায়িকাৰ চৰিত্ৰত অভিনয় কৰে। এইখনো অন্যতম সৰ্বাধিক উপাৰ্জন কৰা নায়িকা কেন্দ্ৰিক ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়। দুয়ো ছবিকে আমিৰ খান প্ৰডাকচনে প্ৰযোজনা কৰিছিল। ইয়াৰ প্ৰথমখন “দংগল” অভিনয় কৰি ৱাছিমে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পিছৰখন “ছিক্ৰেট ছুপাৰষ্টাৰ”ত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হৈছিল। তেওঁৰ শেষ চলচ্চিত্ৰ অভিনয় আছিল “দ্য স্কাই ইজ পিংক” (২০১৯), য’ত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।

২০১৯ চনত ৱাছিমে চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (16 November 2018). Secret Superstar actor Zaira Wasim receives exceptional achievement award from President Kovind. হিন্দুস্তান টাইমছ
  2. ↑ (22 November 2020). Zaira Wasim requests fan pages to remove her pictures; Says 'I am trying to start a new chapter in my life' - Times of India. The Times of India
  3. ↑ (5 October 2021). Zaira Wasim shares first pic, 2 years after quitting Bollywood. India Today

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাইৰা ৱাছিম” প্ৰবন্ধৰ সংশোধন ৪৯৯৪৯৯ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।