অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুৰেখা চিক্ৰি

সুৰেখা চিক্ৰি ( Surekha Sikri; ১৯ এপ্ৰিল, ১৯৪৫ - ১৬ জুলাই, ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মঞ্চ নাটকৰ সমান্তৰালকৈ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু চিনেমাতো অভিনয় কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সুৰেখা চিক্ৰি ( Surekha Sikri; ১৯ এপ্ৰিল, ১৯৪৫ - ১৬ জুলাই, ২০২১)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মঞ্চ নাটকৰ সমান্তৰালকৈ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু চিনেমাতো অভিনয় কৰিছিল। মঞ্চ জগতৰ কুশল শিল্পী চিক্ৰিয়ে ১৯৭৮ চনত ৰাজনৈতিক চিনেমা ‘কিচ্ছা কুৰচি্‌ কা’ৰ জড়িয়তে চিনেমাত পদাৰ্পন কৰে আৰু সহ-শিল্পী ৰূপে ভালেকেইখন হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। অভিনয়ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটাৰ১ উপৰিও ১৯৮৯ চনত সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত হৈছে। ২

গোবিন্দ নিহালিনীৰ তমস (১৯৮৮ চন), শ্যাম বেনেগলৰ মাম্মু (১৯৯৫) আৰু অমিত শৰ্মাৰ বধাই হৌ (২০১৮) চলচ্চিত্ৰৰ বাবে সুৰেখাই তিনিবাৰকৈ শ্ৰেষ্ঠ সহশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।১ তেওঁ দূৰদৰ্শনৰ বালিকা বধু ধাৰাবাহিকৰ দাদিছা (কল্যাণী দেৱী) চৰিত্ৰৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল আৰু বালিকা বধুত কৰা অভিনয়ৰ বাবে ক্ৰমে ২০০৮ আৰু ২০১১ চনত শ্ৰেষ্ঠ অভিনেত্ৰী (ক্ৰিটিক)ৰ ‘ইণ্ডিয়ান টেলি এৱাৰ্ড’ লাভ কৰিছিল। ২০০৮ চনৰপৰা ২০১৬ চনলৈ তেওঁ এই ধাৰাবাহিকৰ অংশ আছিল। ২০১৮ চনত ‘বধাই হৌ’ চলচ্চিত্ৰৰে পুনৰ দৰ্শক আৰু সমালোচকৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা সুৰেখাই এইখন চলচ্চিত্ৰত প্ৰদৰ্শন কৰা অভিনয় দক্ষতাৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰ লগতে শ্ৰেষ্ঠ সহশিল্পীৰ ফিল্মফেয়াৰ বঁটা, ‘স্ক্ৰীণ এৱাৰ্ড’ আৰু ‘জী চিনে এৱাৰ্ড’ লাভ কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন

উত্তৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা চিক্ৰিয়ে অলমোৰা আৰু নেইনিতালত শৈশৱাৱস্থা পাৰ কৰিছিল। আলিগড়ৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তেওঁ পঢ়া-শুনা কৰিছিল। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (এন এচ ডি) পৰা সুৰেখাই ১৯৭১ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৪ আৰু মুম্বাইলৈ অহাৰ আগতে, প্ৰায় এক দশকতকৈও অধিক কাল ‘এন এচ ডি ৰেপাৰটৰি কোম্পেনী’ত কাৰ্যনিৰ্বাহ কৰিছিল।

ব্যক্তিগত জীৱন

সুৰেখাৰ দেউতাকে বিমান বাহিনীত চাকৰি কৰিছিল আৰু মাক আছিল এগৰাকী শিক্ষক। হেমন্ত ৰেগেৰ সৈতে তেওঁৰ বিয়া হৈছিল আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে। তেওঁৰ প্ৰথম বিবাহৰ সন্তান ৰাহুল চিক্ৰি এজন শিল্পী আৰু তেওঁ মুম্বাইত থাকে। ৫ ২০০৯ চনত হৃদযন্ত্ৰৰ ক্ৰিয়া বিকল হৈ হেমন্ত ৰেগেৰ মৃত্যু হৈছিল।৬

কৃতি অভিনেতা নাছিৰুদ্দিন শ্বাহ তেওঁৰ প্ৰথম বিবাহৰ ফালৰপৰা সম্বন্ধত সুৰেখাৰ বৰজনাক। নাছিৰৰ প্ৰথমা পত্নী মনৰা চিক্ৰি সুৰেখাৰ সতীয়া বায়েক, যি পাৰবীন মুৰাদ নামে জনাজাত। ৭নাছিৰ আৰু পাৰবীনৰ সন্তান হীবা শ্বাহে সুৰেখাৰ সৈতে বালিকা বধু ধাৰাবাহিকত ‘দাদিছা’(যুৱাৱস্থা) চৰিত্ৰত অভিনয় কৰিছিল।৮

২০২১ চনৰ ১৬ জুলাই তাৰিখে মুম্বাইত হৃদ ক্ৰিয়া বন্ধ হৈ সুৰেখা চিক্ৰিৰ মৃত্যু ঘটে।১

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

  • কিচ্ছা কুৰচি্‌ কা (১৯৭৮) - মীৰা
  • আনন্দী অনন্ত (১৯৮৬)
  • তমস (১৯৮৬)
  • চলিম লঙ্গড়ে পে মত ৰৌ (১৯৮৯) - আমিনা
  • পৰিণতি (১৯৮৯) - গণেশৰ পত্নী
  • নজৰ (১৯৯০) - বুআ
  • কেৰামতী কোট (১৯৯৩) - বুঢ়ী মানুহ
  • লিটল বুদ্ধা (১৯৯৩)৯ - সোণালী
  • মাম্মু (১৯৯৪)১০ - ফয়্যাজী
  • নছীম (১৯৯৫)
  • চৰ্দাৰী বেগম (১৯৯৬) - ইদবাল বাঈ
  • জন্মদিনম (১৯৯৮, মালয়ালম চলচ্চিত্ৰ) - আম্মা
  • চৰফৰৌচ (১৯৯৯) - চুলতানৰ মাক
  • দিল্লেগী (১৯৯৯) - কিৰণ
  • কটন মেৰী (১৯৯৯) - Gwen
  • হৰি-ভৰী (২০০০) - হসিনা
  • জুবেইদা (২০০১) - ফায়্যাজী
  • দেহম (২০০১) - ওমৰ মাক
  • কালী চলৱাৰ (২০০২) - আনৱাৰি
  • মিষ্টাৰ এণ্ড মিচেছ আয়াৰ (২০০৩) - নাজমা খান
  • ৰঘু ৰোমিঅ' (২০০৩) - মাক
  • ৰেইনকোট (২০০৪) - মনোজৰ মাক
  • তুমচা নেহী দেখা (২০০৪) - দক্ষৰ আইতাক
  • জৌ বলে চৌ নিহাল (২০০৫) - নিহালৰ মাক মিচেছ বলৱন্ত সিং
  • হমকৌ দীৱানা কৰ গয়ে (২০০৬)
  • দেৱ (২০০৯) - বাছৰ যাত্ৰী
  • স্নিফ (২০১৭) - বেবে
  • বধাই হৌ (২০১৮) - দুৰ্গা দেৱী কৌশিক
  • শীৰ কুৰমা (২০২০)
  • ঘ'ষ্ট ষ্টৰীজ (২০২০)

দূৰদৰ্শন

  • ‘এক থা ৰাজা এক থী ৰাণী’ -ৰাণাজীৰ আইতাকৰ চৰিত্ৰত (২০১৫-২০১৭)
  • ‘পৰদেশ ম্যে হ্যে মেৰা দিল’ -ইন্দুমতী লালা মেহৰাৰ চৰিত্ৰত (২০১৬-২০১৭)
  • ‘বালিকা বধু’ -কল্যাণী দেৱী (দাদিছা) চৰিত্ৰত (২০০৮-২০১৬)
  • ‘মা এক্সচেঞ্জ’
  • ‘মহা কুম্ভ: এক ৰহস্য, এক কাহানী’ -ৰুদ্ৰৰ আইতাকৰ চৰিত্ৰত (২০১৪-২০১৫)
  • ‘সাত ফেৰে- চলৌনী কা চফৰ’ -ভাবৌৰ চৰিত্ৰত (২০০৬-২০০৯)
  • ‘বনেগী অপনী বাত’
  • ‘কেশৰ’ -সৰোজৰ চৰিত্ৰত
  • ‘কেহনা হ্যে কুছ মুঝকৌ’
  • ‘চেহেৰ’
  • ‘সময়’
  • ‘চি আই ডি’ -মৈথেলীৰ চৰিত্ৰত (১টা খণ্ড, ২০০৭)
  • ‘Godan’
  • ‘জাষ্ট মোহব্বত’ -মিচেছ পণ্ডিতৰ চৰিত্ৰত (১৯৯৬-২০০০)
  • ‘কভী কভী’ -লক্ষ্মী পাঠকৰ চৰিত্ৰত (১৯০৭)
  • ‘চাঞ্জা চুলা’ (১৯৯০)

তথ্যসূত্ৰ

  1. ↑ (16 July 2021). Surekha Sikri dies of cardiac arrest at 75, was 'surrounded by family'. www.hindustantimes.com/
  2. ↑ Drama - Acting সংগীত নাটক একাডেমী বঁটা Official listing
  3. ↑ Surekha Sikri Awards. www.imdb.com/
  4. ↑ NSD Graduates
  5. ↑ I want to walk again.. - Surekha Sikri. filmfare.com
  6. ↑ Surekha Sekri bereaved - Times of India. The Times of India
  7. ↑ (2019-07-20). Naseeruddin Shah once married a woman 15 years older to him - OrissaPOST. Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST
  8. ↑ (17 August 2009). Did you know why Heeba Shah agreed to play the role of the young Daadisa?
  9. ↑ Little Buddha
  10. ↑ Surekha Sikri Channel 4

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেখা চিক্ৰি” প্ৰবন্ধৰ সংশোধন ৩৮৩১৭৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।