অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেৱতী

আশা কেলুন্নী (জন্ম: ৮ জুলাই ১৯৬৬)-ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী (Revathi)। ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আশা কেলুন্নী (জন্ম: ৮ জুলাই ১৯৬৬)-ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী (Revathi)। ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়।১ ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে। তেখেতে তিনিটা ভিন্ন শিতানত ৰাষ্ট্ৰীয় ছবি বঁটা লাভ কৰিছে, আনহাতে নবাৰকৈ দাক্ষিণাত্য ফিল্মফেয়াৰ বঁটাৰে সন্মানীত হৈছে।২

৮০ আৰু ৯০ৰ দশকত তামিল, তেলুগু আৰু মালয়ালম ভাষাত ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা ৰেৱতী হৈছে একমাত্ৰ ভাৰতীয় অভিনেত্ৰী। তাৰে ভিতৰত তিনিবাৰকৈ ক্ৰমাগতভাৱে লাভ কৰা তামিল ভাষাৰ বঁটাটোও সন্নিৱিষ্ট। ছবিত অভিনয় কৰাৰ উপৰি, ৰেৱতীয়ে কিছুমান সামাজিক সংগঠনৰ লগত জড়িত হৈ সমাজহিতৈষী কৰ্মও সম্পাদন কৰিছে। তাৰে ভিতৰত 'Banyan', 'Ability foundation', 'Tanker foundation' আৰু 'Vidyasagar' হৈছে অন্যতম। ৰেৱতীয়ে চেন্নাই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ দৰে সন্মানীয় ছবি মহোৎসৱতো সদস্য হিচাপে কৰ্মনিৰ্বাহ কৰিছে।

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ কোচীত ৰেৱতীয়ে জন্মগ্ৰহণ কৰিছিল। পিতৃ মালাংক কেলুন্নী আছিল ভাৰতীয় সেনাবাহিনীৰ মেজৰ। আনহাতে মাতৃ আছিল ললিতা কেল্লুনী।৩

বিদ্যালয়ত পঢ়ি থকাৰ কালতেই ৰেৱতীয়ে এটা ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ দলটোৰ এখন দলীয় ফটো লোৱা হৈছিল আৰু সেইখন ফটোকে এখন জনপ্ৰিয় তামিল আলোচনীৰ প্ৰচ্ছদ হিচাপে নিৰ্বাচিত কৰা হৈছিল। এইখন ছবি পৰিচালক ভাৰতীৰাজাই প্ৰত্যক্ষ কৰে। ভাৰতীৰাজা সেইসময়ত তেখেতৰ পৰৱৰ্তী ছবিৰ বাবে এগৰাকী নায়িকাৰ সন্ধানত আছিল। ছবিখনৰ নাম আছিল 'মন বাসনায়'। এইখন ছবিয়েই ৰেৱতীৰ জীৱনৰ প্ৰথমখন ছবি হৈ পৰে।৪

কৰ্মজীৱন

১৯৮৩ চনত মুক্তিলাভ কৰা তামিল ভাষাৰ ছবি 'মন বাসনায়' হৈছে ৰেৱতীৰ জীৱনৰ প্ৰথমখন ছবি।৫ ছবিখনৰ বাবে তেখেতে 'ফিল্মফেয়াৰ বিশেষ বঁটা-দাক্ষিণাত্য' লাভ কৰে।৬ একেটা বৰ্ষতে ৰেৱতীয়ে মালয়ালম ছবি 'কাট্টাহে কিলিকুড়ু'ত অভিষেক ঘটায়।৭৮

১৯৮৪ চনত মুক্তি লাভ কৰে ৰেৱতীয়ে অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি 'সীতাম্মা পেল্লী'। ছবিখনৰ পৰিচালক আছিল বাপু।৯১০ একেটা বৰ্ষতে মুক্তিলাভ কৰা আনখন ছবি 'মানসা বীনা' মালয়ালম ভাষালৈও ডাবিং কৰা হয়। নাম ৰখা হয় 'Thennal Thedunna Poovu'।১১১২১৩

ব্যক্তিগত জীৱন

১৯৮৬ চনত ৰেৱতীয়ে চিনেমেটোগ্ৰাফাৰ আৰু পৰিচালক সুৰেশ চন্দ্ৰ মেননৰ লগত বিয়াত বহে। ২০১৩ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।১৪১৫ শেহতীয়াকৈ ২০১৮ চনত ৰেৱতীয়ে ব্যক্ত কৰিছে যে, তেখেতৰ পাঁচ বছৰীয়া এগৰাকী কন্যা সন্তান আছে; যাক তেখেতে ইন-ভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ জৰিয়তে লাভ কৰিছে।১৬

বঁটা আৰু স্বীকৃতি

ৰেৱতীয়ে ১৯৯২, ২০০১ আৰু ২০১১ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে। তাৰে ভিতৰত 'থেবাৰ মগন' নামৰ ছবিখনৰ বাবে লাভ কৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটাটো উল্লেখযোগ্য।১৭

তথ্যসূত্ৰ

  1. ↑ 49th National Film Awards. Directorate of Film Festivals
  2. ↑ 40th National Film Awards – 1993. Directorate of Film Festivals – 1993
  3. ↑ "அப்போ நிதானம் காட்டியிருந்தா, என் சினிமா ட்ராக்கே மாறியிருக்கும்!" - ரேவதி ஷேரிங்ஸ். Vikatan
  4. ↑ www.filmibeat.com/celebs/revathi/biography.html
  5. ↑ Ramesh, Neeraja. (16 August 2019). Make way for women of substance on screen. The Times of India
  6. ↑ Demure-daring-actor-revathy-s-multi-faceted-film-career. The News minute
  7. ↑ Aravind, C. V. (20 February 2017). Nedumudi Venu: Malayalam cinema's man for all seasons. The News Minute
  8. ↑ Kurup, Aradhya. (17 November 2019). 'Kattathe Kilikkoode': Bharathan's film is a commentary on the yin and yang of marriage. The News Minute
  9. ↑ Saravanan, T. (9 January 2011). Always in reckoning. The Hindu
  10. ↑ Shekar, Anjana. (8 January 2018). From demure to daring, actor Revathy's multi-faceted film career. The News Minute
  11. ↑ Thennal Thedunna Poovu. www.malayalachalachithram.com
  12. ↑ Thennal Thedunna Poovu. malayalasangeetham.info
  13. ↑ Theennal Thedunna Poovu. spicyonion.com
  14. ↑ Actress Revathi Divorced – Find what you like – tikkview
  15. ↑ Deccan Chronicle www.deccanchronicle.com/130423/entertainment-mol
  16. ↑ சோதனை குழாய் மூலம் குழந்தை பெற்றேன். மனம் திறந்த நடிகை ரேவதி.!. Puthiya Thalaimurai
  17. ↑ Waheed, Sajahan. (27 October 1999). Leading actress in motivational talk. New Straits Times. পৃ. 23

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীসমাজকৰ্মীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱতী” প্ৰবন্ধৰ সংশোধন ৫৪৪৪১৪ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।