অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তন্বী আজমী

তন্বী আজমী (Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। “অকেলে হম অকেলে তুম” (১৯৯৫), “বাজীৰাও মস্তানী” (২০১৫), “থাপ্পড়” (২০২০) আৰু “ত্ৰিভংগা” (২০২১) ছবিৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

তন্বী আজমী (Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।১ “অকেলে হম অকেলে তুম” (১৯৯৫), “বাজীৰাও মস্তানী” (২০১৫), “থাপ্পড়” (২০২০) আৰু “ত্ৰিভংগা” (২০২১) ছবিৰ বাবে তেওঁ পৰিচিত। “বাজীৰাও মস্তানী”ত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১৬) লাভ কৰিবলৈ সক্ষম হয়।২

কৰ্মজীৱন

মাৰাঠী-হিন্দী অভিনেত্ৰী উষা কিৰণ আৰু মনোহৰ খেৰৰ সন্তান ৰূপে তেওঁ জন্মগ্ৰহণ কৰিছিল।৩

আজমীয়ে টেলি-ছিৰিজ জীৱনৰেখাত এগৰাকী অশান্ত চিকিৎসক আৰু বিজয়া মেহতাৰ পৰিচালনাত নিৰ্মিত টেলিফিল্ম ৰাও চাহেব (১৯৮৬)ত এগৰাকী যুৱতী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ অদুৰ গোপালকৃষ্ণনৰ পৰিচালনাত নিৰ্মিত মালয়ালম ভাষাৰ চলচ্চিত্ৰ “বিধেয়ন“তো (১৯৯৩) তেওঁ অভিনয় কৰিছিল।৫

“প্যাৰী বেহনা“ (১৯৮৫) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে প্ৰথম মনোনয়ন লাভ কৰে।

আমিৰ খান আৰু মনীষা কৈৰালা অভিনীত ৰোমান্টিক নাট্যধৰ্মী ছবি “অকেলে হম অকেলে তুম“ত (১৯৯৫) তেওঁৰ সহযোগী চৰিত্ৰটোৱে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে দ্বিতীয়বাৰৰ বাবে মনোনয়ন লাভ কৰে।৬

কাজল আৰু সঞ্জয় দত্ত অভিনীত চাইক’লজীকেল থ্ৰিলাৰ “দুস্মন“ত (১৯৯৮) তেওঁৰ মনোবিজ্ঞানী ড° পুৰ্ণিমা ছেহগালৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে তৃতীয় মনোনয়ন লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (7 August 2014). Tanvi Azmi: I'm blessed to be liberated - Times of India. The Times of India
  2. ↑ Hungama, Bollywood. (9 May 2016). Tanvi Azmi brings in a record-shattering 18th National Award into the Azmi-Akhtar Family: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
  3. ↑ (15 February 1987). Festive rise - Raghuvir Yadav and Tanvi Azmi: New-comers on the firmament of Indian stars. ইণ্ডিয়া টুডে
  4. ↑ Vidheyan. Press Information Bureau
  5. ↑ Tanvi Azmi goes bald for Bajirao Mastani. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ (7 August 2017). Vani Rani-a tale of estranged twins. The Times of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তন্বী আজমী” প্ৰবন্ধৰ সংশোধন ৪৯৯৩৩৭ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।